ইংৰাজী ভাষাক প্ৰত্যাহ্বান প্ৰাচীন কামৰূপীয়া অসমীয়া পণ্ডিতৰ

মহানগৰ সংবাদ, ১৪ জুলাই : বিশ্ববিশ্ৰুত ইংৰাজী ভাষা প্ৰকৃততে প্ৰাচীন কামৰূপতহে প্ৰথমে চৰ্চিত হৈছিল বুলি শেহতীয়া গৱেষণাত প্ৰমানিত হৈছে৷ অসমীয়া বিশিষ্ট পুৰাতাত্ত্বিক তথা প্ৰত্নতাত্বিক গৱেষক দুৰ্লভ বৰাই শেহতীয়াকৈ কামৰূপত এক খনন-কাৰ্যৰ জৰিয়তে লাভ কৰা কিছুমান ফলিত থকা চিহ্নবোৰেই এই কথা প্ৰমানিত কৰে৷ দ্বাৰকাৰ পৰা অনিৰুদ্ধক উদ্ধাৰৰ বাবে শ্ৰীকৃষ্ণই প্ৰাচীন কামৰূপলৈ আহোঁতে সেই সময়ৰ মানুহ তথা দেৱ-দেৱতা কোনেও বুজি নাপাবলৈ এক সাংকেটিক ভাষা ব্যৱহাৰ কৰিছিল৷ সেই ভাষা তেতিয়া কেৱল সদাশিৱইহে বুজি পাইছিল বুলি জানিবলৈ পোৱা যায়৷ হৰিহৰ যুদ্ধৰ অন্তত সেই ভাষা কিছু পৰিমাণে যৱন্ত নামৰ এজন ৰজাঘৰীয়া বিষয়ববীয়াই আয়ত্ব কৰিবলৈ সক্ষম হয়৷ সাধাৰণ জনসাধাৰণে তেতিয়া সেই ভাষা বুজিবলৈ বা শিকিবলৈ সক্ষম হোৱা নাছিল যদিও সেইয়া শুনিবলৈ খুৱ শুৱলা পাইছিল বাবে যৱন্ত তেওঁলোকৰ মাজত ভাষাসুৰ নামেৰে পৰিচিত হৈ পৰে বুলি কঠিত আছে৷ এই ভাষাসুৰেই কিছুসংখ্যক ফলিত কিছুমান কথা সেই ভাষাৰে লিখি থৈ গৈছিল, যিখিনি আজিৰ ইংৰাজী ভাষাৰ সৈতে কেৱল মিল থকাই নহয়, আজিৰ ইংৰাজী ভাষাটো সহজ কৰি পেলোৱাতো অৰিহনা যোগাব বুলি এই প্ৰতিবেদকৰ আগত গৱেষক দুৰ্লভ বৰাই জানিবলৈ দিয়ে৷ বৰাই লগতে জনাই যে প্ৰাচীন কামৰূপৰ সেই যৱন্ত বা ভাষাসুৰেই হ’ল ইংৰাজী ভাষাৰ প্ৰথম ব্যৱহাৰকাৰী মানুহ৷ এই ভাষাৰ প্ৰথম ব্যৱহাৰকাৰীৰ কৃতিত্ব আন কোনোবা বিদেশৰ ব্যক্তিয়ে পোৱাটো আমাৰ ঐতিহ্যৰ প্ৰতি বহিৰ্বিশ্বৰ অৱজ্ঞাৰ কথাকে প্ৰতিপন্ন কৰে৷ গৱেষক বৰাই আমাৰ সমুখত ভাষাসুৰৰ চৰ্চাৰ সম্পৰ্কে দুটামান উদাহৰণো দাঙি ধৰে৷ সেইমতে – ভাষাসুৰে সদাশিৱ গুচি যোৱা কাৰ্যক বৰ্ণনা কৰিছিল he go বুলি৷ আৰু দ্বাৰকাবাসী গুচি যোৱা কাৰ্যক বৰ্ণনা কৰিছিল they goes বুলি৷ এইদৰেই বৰ্তমান সময়তো বহুবচনতহে ক্ৰিয়াবোৰৰ শেষত যদি es আদি যোগ কৰাৰ নিয়ম কৰা হয় তেন্তে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে একে আৰ্হিতে ক্ৰিয়া, বিশেষ্য আদি সকলো সহজে শিকাত সুবিধা পাব৷ অৱশ্যে, ঈশ্বৰৰ লগত কোনো ভূত-ভৱিষ্যত নাখাটে বাবেই ভাষাসুৰে went আদি ব্যৱহাৰ কৰা নাছিল বুলি ধাৰণা কৰা হৈছে৷ গৱেষক বৰাই আমাক জনোৱা মতে এইয়া তেওঁৰ গৱেষণাৰ মধ্য স্তৰহে৷ পৰৱৰ্তী সময়ত তেওঁ অধিক তথ্য ৰাইজৰ মাজলৈ উলিয়াই আনিব৷ এতিয়া এই কথা নিশ্চিতভাৱে ক’ব লাগিব যে ভাষাসুৰক বিশ্বই কেনেদৰে স্বীকৃতি প্ৰদান কৰি প্ৰচীন কামৰূপৰ নাম বিশ্বদৰবাৰত জ্বিলিকাই তোলে সেয়া পৰৱৰ্তী সময়ত আমাৰ বাবে লক্ষ্যনীয় হৈ পৰিব৷

No Comments

Post A Comment