তেজপুৰ বিশ্ববিদ্যালয়ত কি আছে, কি নাই: আমাৰ কৈশোৰত প্ৰভাৱ পেলোৱা প্ৰবন্ধসমূহৰ ভিতৰত এটা প্ৰবন্ধ হ’ল হোমেন বৰগোহাঞিৰ ‘উপাচাৰ্যৰ যোগ্যতা’। প্ৰবন্ধটোত কোৱা হৈছিল যে- এজন উপাচাৰ্য এনে ব্যক্তিত্বৰ অধিকাৰী হ’ব লাগিব যে তেওঁক সবেই ভয় কৰিব লাগিব আৰু তেওঁ নিজে ভয় কৰিব লাগিব কেৱল নিজৰ বিবেকক। আমাৰ শিক্ষা-ব্যৱস্থাই...

► পক্ষীয়ে কি উদ্দেশ্যেৰে মাতিছে বুজি নাপালেও শুনি ভাল লগাৰ দৰে, তুমি কি উদ্দেশ্যেৰে হাঁহিছা বুজি নাপালেও তোমাৰ মুখৰ হাঁহি দেখি বহুত ভাল লাগে। ► মানুহবোৰে কৈছিল, মোৰ জপৰা চুলিত এদিন কাউৰীয়ে বাহ সাজিব বুলি কিন্তু কাউৰীয়ে চোন বাহ নাসাজিলে, বাহ সাজিলে তোমাৰ হাতৰ লিহিৰি আঙুলিয়েহে৷ ► যিদিনা তোমাৰ দুপাৰি দাঁতৰ অন্তিম...

(১) বৰষুণ ফাগুণে আকাশখন যেন গুড়ি কৰি ছাই বৰণীয়া কৰি পেলাইছে। সবৰে মুখত শুনি শুনি কণমান নাতিটোৱেও অভিজ্ঞ মানুহৰ দৰে ক’লে— “বৰষুণজাক আজিও নাহিল। আকাশখনত ইমান ধূলি!” ককাকে উত্তৰ দিলে— “ভালেই হৈছে দে। আকাশে ডাৱৰবোৰ বাৰিষালৈ সাঁচি থৈছে।” বাৰিষা পথাৰে চিৰাল-ফাট মেলিলে। নাতিটোৱে ক’লে— “ককা, আকাশে বাৰিষাটোতো...

(১) সৰিবলৈ ওন্দোলি থকা দুখৰ লোতকবোৰ গোট মাৰি বৰফ হ’ল বৰফ গাঢ় হৈ হৈ একেবাৰে “বসু-আইনষ্টাইন ঘণীভূত অৱস্থা” পালেগৈ পৃথিৱীত এনেকুৱা আৰু কোনো সুতীক্ষ্ণ অনুভূতি নাই যি সেইবোৰ উষ্ণ কৰি পুনৰ চকুলো হৈ বোৱাব এতিয়া কেৱল সুখেই সুখ। (২) বিদায় ধুমুহা বিদায় ধুমুহা আৰু কিছুদিনলৈকে তুমি হয়তো নাহা তুমি নহালৈকে মই অলপ কাম কৰি...

বেদান্ত শইকীয়া আজি প্ৰথমবাৰ বিপ্লৱ মহন্তৰ ঘৰলৈ আহিছে। তেওঁলোকৰ চিনাকী হোৱা পাঁচ বছৰ হ’ল। এটা প্ৰসংগত তেওঁলোকৰ প্ৰায়ে যোগাযোগ হয়, টেলিফ’ন, ম’বাইল, ইমেইল আৰু ফেচবুকত মেছেজেৰে। কামৰ কথাতেই তেওঁলোকৰ হাঁহি-ধেমালীবোৰো সদায় সীমাবদ্ধ আছিল, ঘৰুৱা কথা বা ব্যক্তিগত প্ৰসংগ কোনো দিন ওলোৱাই নাছিল। আজি প্ৰথম তেওঁ...