কাব্য-চৰ্চা 😂

(১)

লোতকবোৰ বৰফ

বৰফৰ বসু-আইনষ্টাইন ঘণীভূত অৱস্থা

ইমানো উষ্ণ-তীক্ষ্ণ অনুভূতি নাই যে এই পৃথিৱীত

নোৱাৰে পুনৰ চকুলো বোৱাব

নোৱাৰে পুনৰ প্লাজমা আনিব

(২)

বিদায় ধুমুহা

কিছুদিনলৈ মই নিজৰ কামত লাগোঁ

ইমান আবদাৰ কিয় তোমাৰ?

তুমি আহিলে কেৱল তোমাৰ লগতে যে ব্যস্ত হ’ব লাগে!

(৩)

মোৰ 600 GB ৰ হৃদয়খনৰ 50 GB ৰ ড্ৰাইভ এটা

তোমাৰ ফটোৰে ভৰপুৰ কৰিম বুলি

খালি কৰি ৰাখিছোঁ৷

আৰু 450 GB ও খালি হৈ আছে

তুমি ই-বুক, মাল্টিমিডিয়া আদিও সাঁচি ৰাখিব পাৰিবা৷

ৰেম কিন্তু 4 GB হে

আৰু গ্ৰাফিক্স কাৰ্ড নাই

গেম খেলিব নোৱাৰিবা তুমি৷

তুমি কেনেকৈ চলোৱা তাৰ ওপৰতে নিৰ্ভৰ কৰিব

সি কিমান দিন ভালে চলে

Temp ফাইলবোৰ নিয়মীয়াকৈ

ময়েই ডিলিট কৰি থাকিম

তুমি মাথোঁ Refresh মাৰি থাকিলেই হ’ল৷

আত্মবিশ্বাসৰ এণ্টিভাইৰাছ এটাও ইনষ্টল কৰা আছে

নিন্দা বা মিছা অপবাদৰ ভাইৰাছে অকণো আমনি কৰিব নোৱাৰে৷

সেইবুলি তুমি বেলেগৰ পেন-ড্ৰাইভ নভৰাবা

ভাইৰাছবোৰ ডিলিট মাৰি থাকোঁতে

তোমাৰেই অশান্তি হ’ব৷

(৪)

এটা সপোনৰ মৃতদেহ চাই বহি আছোঁ মই

সি জন্মতেই মৃত

মাথোঁ প্ৰসৱ বেদনাহে আছিল সত্য

কিন্তু মই তাক খৰি দিবও নোৱাৰোঁ, কবৰো দিব নোৱাৰোঁ

দিনক দিনে ইমান উজ্জ্বল হৈ আহিছে সি

তাৰ শৰীৰৰ পৰা ওলাইছে সুগন্ধ

তাৰ পয়া লগা লেহুকা কেঁচা-কোমল হাড়

মোক শক্তি-সাহস যোগাৱা কঠিন ধাতুলৈ পৰিণত হৈ গৈ আছে

সময়ৰ লগে লগে

(৫)

ধল-পুৱাৰ হত্যাকাণ্ডটো

আঘোণৰ শুকান পুখুৰীটোক কুঁৱলীডৰাই সাবটি ধৰিছে

আঁতৰি নাযাওক যেন অন্তিম টোপাল পানী।

কুঁৱলীজাকৰ বেদনা কেৱল সিমানেই জানো!

এই পুৱতীনিশা কুঁৱলীজাকে উচুপি উঠিছে

পাতৰ আগেৰে সৰিছে তেজৰ সমান উষ্ণ টোপাল টোপাল চকুলো

কঁপি উঠিছে পৃথিৱী

ক্ষন্তেক পাছতে হত্যাকাণ্ডটো ঘটিব

নিজৰেই হত্যাকাণ্ডলৈ সিহঁতে অপেক্ষা কৰিছে

(৬)

কেতিয়াবা খুব মধুৰ জীৱন এটা পাব মন যায়

এই ধৰক—

বাঘৰ আগতেল খাব মন যায়, নতুবা

সাপৰ জিভাত চুমা খাব মন যায়৷

ইমান সুন্দৰ সাপ বিলাক

ইমান তিৰবিৰ সিহঁতৰ ৰং

আৰু প্ৰতিটো মুহূৰ্ততে ইমান সাহসী

ইমান নান্দনিক সিহঁতৰ চলন-ফুৰণ

তীব্ৰবেগী কাঁড় এপাতৰ দৰে বায়ু ফালি সিহঁত গুচি যাব পাৰে

লক্ষ্যস্থানলৈ সুতীক্ষ্ণভাৱে

কিমান মধুৰ সিহঁতৰ জীৱন

তাতেই বিলীন হৈ ৰ’ব পৰা হ’লে!

ভৰ দুপৰীয়া সিহঁত মোৰ খিৰিকিৰ কাষৰ ফুল জোপালৈ আহে

নতুবা আহে ভূমিয়েদি আগুৱাই

মোৰ খোজৰ কম্পন অনুভৱ কৰি থমকি ৰৈ দিয়ে সিহঁত

তেতিয়া মোৰ মন যায় কাষলৈ আহ্বান জনাই সিহঁতক আলিংগন কৰিবলৈ

সিহঁতৰ জিভাত চুমাৰে ওপচাই অমৃত বৰষিবলৈ

সিহঁতৰ জিভাৰ সোৱাদত নিজেই তেজাল হৈ উঠিবলৈ

(৭)

তুমি ইমান ধুনীয়া হাঁহা,

খিলখিলীয়া, ভূৱন ভুলোৱা, ৰহস্যময়

ওঁঠত কত কি ইমান ধুনীয়া প্ৰস্ফূটিত হাঁহি তোমাৰ!

নাহাঁহিবানো কিয়!

কাৰণ তোমাৰ মূৰটোততো একোৱেই নাই

তেনেই গোবৰ আৰু শুকান খেৰ৷

আজিৰ পৃথিৱীত মূৰত মছলা থকা এনে

কোন মানুহ থাকিব পাৰে

যি তোমাৰ দৰে ইমান হাঁহিব পাৰে!

(৮)

ৰাসলীলা

ৰাধাক উদ্দেশ্য কৰিয়েই কানায়ে প্ৰতিনিশা বজায় বাঁহী

কিন্তু ইমান বেসুৰা তাৰ বাঁহীৰ সুৰ

ৰাধাই ভাল পোৱাতো বাদেই

সমুখৰ হোষ্টেলবোৰৰ ল’ৰা-ছোৱালীবোৰেই গালি পাৰি থাকে

“ইয়াক কোনোবাদিনা লগ পালেই কাটিম

বাঁহীটোত ফুৱাই ফুৱাই সি সদায় অশান্তি কৰে কিয়!”

(৯)

প্ৰেমৰ মহানগৰীত ইমান জাম

তোমাৰ হৃদয়ৰ পৰা মোৰ হৃদয়লৈ এখন

ফ্লাই-অভাৰ নহ’লেই নহয়।

কিন্তু হ’ব কি!

কাকতবোৰে প্ৰকাশেই নকৰে

ফ্লাই-অভাৰ নিৰ্মাণৰ নিবিদাৰ বিজ্ঞাপন।

তেওঁলোকে কয়, নিৰ্মাণৰ প্ৰতিটো কোম্পানীক

ব্লেক-লিষ্টেড কৰা হৈছে।

(১০)

 তোমাক মই ইউৰোপৰ বিখ্যাত চহৰ এখনলৈ লৈ যোৱাৰ সপোন দেখিছিলোঁ

এতিয়া তুমি দেখোন এটা জকাই-চুকৰে নিমাখিত বাসিন্দা

আৰু মই মোৰ চুবুৰিৰে অন্তিমটো জুপুৰিৰ এটি নিৰীহ প্ৰাণী

এসময়ত বৰষুণত তিতিবলৈ ভাল পাই ছাতি ল’ব বিচৰা নাছিলোঁ বাবেই নেকি

এতিয়া মোৰ জুপুৰিৰ চালৰ মাজেৰে নিয়মিত বৰষুণ পৰে

(১১)

মহানগৰীৰ জনতাৰ জংঘলত

নতুন ফ্লেভাৰৰ শৰীৰৰ আমেজ ল’বলৈ গৈ হত্যাকাণ্ডৰ ধুম উঠিছে।

ফ্লেট বৃক্ষৰ তলেৰে জোনৰ চকামকা পোহৰত

শেষনিশা ৰথযাত্ৰা হত্যা-সংস্কৃতিৰ নতুন পূজাৰীৰ

ফ্ৰিজত তপত মৃত্যুৰ উল্লাস

তথাপি এতিয়াও কেতিয়াবা সেই ক্ষণতেই এটি-দুটি কেতেকীয়ে বিনায়—

নিভাঁজ প্ৰেমৰ স্থায়ীত্বৰ সন্ধানত৷

(১২)

No Comments

Post A Comment