২০১৮ চনৰ আটাইতকৈ উল্লেখযোগ্য বৈজ্ঞানিক আৱিষ্কাৰকেইটা বা আটাইতকৈ ডাঙৰ বৈজ্ঞানিক কামকেইটা কি কি? এই সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন কাকত-আলোচনীয়ে তালিকা প্ৰকাশ কৰিছে৷ আৰু স্বাভাৱিকভাৱেই এই তালিকাবোৰত সামান্য তাৰতম্য আছে৷ একেষাৰে ক'ব পাৰি যে ২০১৮ চনত মহাকাশ অভিযানত অতি গুৰুত্বপূৰ্ণ কাম হৈ গৈছে৷ ইলন মাস্কে এখন গাড়ী...

১) জুবিন গাৰ্গ আশাবাদৰ এটা প্ৰতীক৷ যি সময়ত জুবিন গাৰ্গ নামৰ গায়কজন সৃষ্টি হৈছিল, সেই সময়ত অসমত জুই, ধোঁৱা, মাৰণাস্ত্ৰ, বিভেদ আৰু চকুপানীৰে নৰক সদৃশ পৰিৱেশ৷ ধ্বংসৰ মুহূৰ্তত ধ্বংসৰ গান এটি, দুখৰ মুহূৰ্তত দুখৰ গান এটি বা নানা কথা সোঁৱৰাই দিয়া গান এটিয়ে মানুহক অধিক...

আকস্মিকভাৱে কিবা সুযোগ পাই ডাঙৰ সফলতা অৰ্জন কৰিলেও বা জন্মগত আজৱ দক্ষতাৰে বিশ্বৰ ভিতৰতে বিৰল বুলি স্বীকৃত হ'লেও, তেনে মানুহে আনক অনুপ্ৰাণিত কৰিব নোৱাৰে৷ এজন ব্যক্তিৰ কৃতকাৰ্যতাৰ লগত তেওঁৰ নিজক অতিক্ৰম কৰাৰ সাধনা, কঠোৰ অনুশীলন, একাগ্ৰতা আদি যুক্ত থাকিলেহে সেই কৃতকাৰ্যতাই আনক প্ৰেৰণা যোগাব পাৰে৷...

বিশ্বৰ আটাইতকৈ সন্মানীয় বৈজ্ঞানিক অনুষ্ঠান/সংস্থাসমূহৰ ভিতৰত এটা হ'ল ৰয়েল ছচাইটি (Royal Society)৷ সোতৰ শতিকাৰ মাজভাগত প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটিয়েই বিশ্বৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা-পত্ৰিকা (journal) প্ৰকাশ কৰিছিল৷ (তাৰ দুমাহ পূৰ্বে ফ্ৰান্সৰ পৰা ফৰাচী ভাষাত বিশ্বৰ প্ৰথমখন গৱেষণা-পত্ৰিকা প্ৰকাশ পাইছিল৷) ৰয়েল ছচাইটি প্ৰতিষ্ঠা নোহোৱা হ'লে আৰু তেওঁলোকে...

মই পঢ়া এমঃইঃ স্কুলখন বিভিন্ন কাৰণত একদম বেয়া আছিল৷ যোৱা বছৰ সৰু ল'ৰা এজনক লগ পালোঁ৷ ল'ৰাজনক ইটো-সিটো সুধি আছিলোঁ - এতিয়া ক'ত পঢ়ি আছা, কি বিষয় পঢ়িছা, হাইস্কুল ক'ত পঢ়িছিলা, এমঃইঃ-এলঃপিঃ ক'ত পঢ়িছিলা ইত্যাদি৷ তেওঁ এমঃইঃ স্কুলখনৰ নামটো কোৱাত সুধিলোঁ - "স্কুলখন কেনেকুৱা? ভাল...

যোৱা বছৰ ৱৰ্ল্ড ইক'নমিক ফ'ৰামৰ (World Economic Forum) ৱেবছাইটত গ্ৰন্থ সম্পৰ্কীয় এটা বিশেষ প্ৰতিবেদন প্ৰকাশ হৈছিল৷ International Publishers Association-এ প্ৰতি বছৰে বিভিন্ন দেশত প্ৰকাশিত গ্ৰন্থ সম্পৰ্কীয় কিছুমান তথ্য প্ৰকাশ কৰে৷ সেই প্ৰতিবেদনটো আছিল তাৰেই আলমত৷ সেই অনুসৰি, চীন আৰু আমেৰিকাত প্ৰতি বছৰে প্ৰকাশিত নতুন গ্ৰন্থৰ...