সন্তানটিক বিদ্যালয়লৈ পঠিয়াবনে? – উৎপল ফুকন

প্ৰাক-প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈকে — বিদ্যালাভৰ আনুষ্ঠানিক প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া। সময় খৰচী আৰু ব্যয়বহুল এই প্ৰক্ৰিয়াটোৰ নিৱেশৰ জোখাৰে আমি আচলতে লাভান্বিত হওঁনে নহওঁ তাক বিচাৰি চোৱাৰ এক প্ৰক্ৰিয়া লাহে লাহে আৰম্ভ হ’বলৈ ধৰিছে। নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰাই দেখিছোঁ— আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰাৰ পাছত যোৱা ১০-১২ বছৰে নিজে আহৰণ কৰা শিক্ষাখিনিক লৈহে খাই-বৈ আছোঁ; আনুষ্ঠানিক শিক্ষাই মোক জীৱিকাৰ সুবিধা দিয়া নাই, দিছে নিজে আহৰণ কৰাখিনিয়েহে। বিদ্যালয়ৰ পৰা লাভ কৰা শিক্ষাখিনিক বুনিয়াদ বুলি ধৰিব পাৰিনে নোৱাৰি আৰু যদি পাৰি কেৱল বুনিয়াদ গঢ়িবৰ বাবে ইমান দীঘলীয়া সময় আৰু অৰ্থ ব্যয় কৰাৰ প্ৰাসংগিকতাক চালি-জাৰি চোৱাৰ বাবেই এই লেখাটো আগবঢ়াইছোঁ।

দুজন ব্যক্তিৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰিব খুজিছোঁ। প্ৰথমজন ব্যক্তিৰ নাম Asim Qureshi। তেখেতে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত Barclays Capital, Londonত Investment Banker হিচাপে কাম কৰি পাছলৈ Morgan Stanleyলৈ যায় আৰু বৰ্তমান চাকৰি বাদ দি নিজৰ ৮টা প্ৰতিষ্ঠান পৰিচালনাত মনোনিৱেশ কৰি আছে। তেওঁৰ ৩টা সন্তান ক্ৰমে Maryam (জন্ম ২০০৪), Danyal (জন্ম ২০০৬) আৰু Sabeen (জন্ম ২০০৮)৷ ২০১৩ চনলৈকে সন্তানকেইটাই নিয়মীয়া বিদ্যালয়ৰ শিক্ষা লাভ কৰি আহিছিল। ২০১৩ চনৰ পৰা তেওঁ ল’ৰা-ছোৱালীকেইটিক বিদ্যালয়ৰ পৰা আঁতৰাই ঘৰতে পঢ়ুৱাবলৈ আৰম্ভ কৰে। ইতিমধ্যে মৰিয়মে IGCSEত (UK 16+ exam) ১২ বছৰ বয়সতে ৫টাকৈ A* লাভ কৰাৰ উপৰি প্ৰাণীবিদ্যা আৰু পদাৰ্থবিদ্যাত (A Level, UK 18+ exam) A লাভ কৰিবলৈ সক্ষম হৈছে। দান্যাল নামৰ সন্তানটিয়ে ১০ বছৰ বয়সতে একেটা পৰীক্ষাত ৩টা A* আৰু ছাবিন নামৰ সন্তানটিয়ে ৮ বছৰ বয়সতে একেটা পৰীক্ষাত A লাভ কৰিবলৈ সক্ষম হৈছিল। সন্তানকেইটিয়ে বৰ্তমান নিজস্ব প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি উপাৰ্জনৰ বাবে হাত মেলিছে (মন কৰিব ডাঙৰ সন্তান মৰিয়মৰ বয়স এতিয়া ১৪ বছৰহে মাত্ৰ)। পাঠকসকলে হয়তো ভাবিব পাৰে যে বিদ্যালয়লৈ নোযোৱাৰ বাবে সন্তানকেইটিৰ নিশ্চয় সামাজিক কৌশলসমূহৰ বিকাশ বাধাপ্ৰাপ্ত হৈছে। পিছে জানি আচৰিত হ’ব যে তেওঁলোক কেৱল পঢ়াতে নহয় খেলা-ধূলা, বন্ধুত্ব গঢ়া বা আন সামাজিক দিশতো পাৰ্গত আৰু তিনিওটা সন্তানেই ৫টাকৈ ভাষাত কথা পাতিব পাৰে। মন কৰিবলগীয়া কথা হ’ল— কোনো এটি সন্তানেই বিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত শিক্ষকৰ দ্বাৰা উচ্চ বুদ্ধিমত্তাৰ ছাত্ৰ হিচাপে পৰিগণিত হোৱা নাছিল। সন্তানকেইটিয়ে বিদ্যালয়ৰ পৰা লাভ কৰা শিক্ষাত দেউতাক সন্তুষ্ট হোৱা নাছিল আৰু মন কৰিছিল যে বিদ্যালয়লৈ গাড়ী চলাই গৈ থকা ১৫ মিনিটমান সময়ত মৌখিকভাৱে দিয়া অংকৰ শিক্ষা বিদ্যালয়ত দিনটো থাকি লাভ কৰা অংকৰ শিক্ষাতকৈ বেছি লাভদায়ক আছিল। সেইবাবে দেউতাকে মাকৰ সৈতে আলোচনা কৰি সন্তানকেইটিক ঘৰতে পঢ়ুৱাবলৈ মনস্থ কৰিছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব খোজা দ্বিতীয়জন এজন অসাধাৰণ ব্যক্তি। নাম তেওঁৰ Elon Musk — নামেই যাৰ পৰিচয়। শৈশৱত গড় হিচাপে দৈনিক ২ খনকৈ কিতাপ পঢ়া ব্যক্তিজনে ১২ বছৰ বয়সত নিজে সজা ‘ব্লাষ্টাৰ’ নামৰ এটা ভিডিঅ’ গেম ৫০০ ডলাৰত বিক্ৰী কৰিছিল— যিটো সময়ত সম-বয়সৰ ল’ৰা-ছোৱালী ভিডিঅ’ গেম খেলাত ব্যস্ত হৈ থাকে। ২৪ বছৰ বয়সত তেওঁ অৰ্থনীতি আৰু ফিজিক্সত একেসময়তে স্নাতক ডিগ্ৰী লাভ কৰি Zip2 নামৰ এটা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি নিজৰ ২৭ বছৰ বয়সত ৩০৭ নিযুত ডলাৰত প্ৰতিষ্ঠানটো Compaq নামৰ প্ৰতিষ্ঠানক বিক্ৰী কৰে। ২৮ বছৰ বয়সত তেওঁ বিখ্যাত Paypal নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰে আৰু ৩০ বছৰ বয়সত ডেৰ বিলিয়ন ডলাৰত সেইটোও বিক্ৰী কৰে। তাৰ পাছত আচৰিতভাৱে তেওঁৰ ধাউতি ৰকেট বিজ্ঞানলৈ যায় আৰু ৰকেট সম্বন্ধীয় প্ৰায় আটাইবোৰ কথা কেৱল কিতাপ পঢ়ি পঢ়িয়েই আয়ত্ব কৰি পেলায় আৰু SpaceX নামৰ এট ৰকেট প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে!! (এইটো সাধাৰণ কথা নহয়— কঠিন কাৰ্য বুজাবলৈ Rocket Science বুলি এষাৰ কথাই আছে।) মন কৰিব তেওঁ ৰকেট বিজ্ঞানৰ ছাত্ৰ নাছিল, অৰ্থনীতি আৰু পদাৰ্থবিদ্যাহে তেওঁৰ বিষয় আছিল। নিজে পঢ়ি আয়ত্ব কৰা তেওঁৰ ৰকেট সম্বন্ধীয় জ্ঞান যে গভীৰ তাক SpaceXত কাম কৰা ৰকেট বিজ্ঞানী আৰু অভিযন্তাসকলে একেমুখে স্বীকাৰ কৰিছে। তেখেতৰ বিষয়ে জানিবলৈ হ’লে গুগল সন্ধান কৰিলেই পাব।

Elon Muskএ তেওঁৰ ৫টা সন্তানক ইতিমধ্যে বিদ্যালয়ৰ পৰা আঁতৰাই নিজস্ব ধৰণে ঘৰতে শিক্ষাদান কৰি আছে। Muskৰ মতে প্ৰচলিত শিক্ষা ব্যৱস্থাত বহুখিনি অদৰকাৰী কথা শিকোৱা হয় যিবোৰ ছাত্ৰগৰাকীয়ে পিছৰ জীৱনত কোনোদিনেই ব্যৱহাৰ কৰা দেখা নাযায়। বহুবোৰ এনেকুৱা বিষয় শিকোৱা হয় যিবোৰ কিয় শিকোৱা হৈছে বা ইবোৰৰ উপযোগিতাই বা কি, সেই সম্পৰ্কে কোনো ধাৰণা ছাত্ৰগৰাকীয়ে কৰিব নোৱাৰে। প্ৰচলিত শিক্ষা-ব্যৱস্থাই এদল বাধ্য, কম খৰছী, চিন্তাশক্তিহীন শ্ৰমিক সৃষ্টি কৰাতহে সফল হৈ আহিছে বুলি Muskএ বিশ্বাস কৰে। এনে ধৰণৰ শ্ৰমিক শিল্প-বিপ্লৱৰ ফলত হোৱা কল-কাৰখনাৰ বাবেহে উপযুক্ত। শিল্প-বিপ্লৱৰ ইতিমধ্যেই সমাপ্তি হৈছে বাবে এনেধৰণৰ শ্ৰমিকৰ উপযোগিতা বৰ্তমান তথা ভৱিষ্যতৰ পৃথিৱীখনৰ বাবে কমি আহিছে। কম্পিউটাৰে আনি দিয়া যুগান্তকাৰী পৰিৱৰ্তনৰ ফলত হোৱা স্বয়ংচালিত ব্যৱস্থাৰ উন্নতিয়ে (automation) ইতিমধ্যেই সাধাৰণ শ্ৰমিকক মূল্যহীন কৰি পেলাইছে। সেইবাবে ভৱিষ্যতৰ পৃথিৱীখনৰ বাবে সৃষ্টিশীল এদল লোক যদি শিক্ষা-ব্যৱস্থাই গঢ়ি উলিয়াব নোৱাৰে তেন্তে মানৱ জাতি ডাঙৰ সমস্যাৰ সন্মুখীন হৈ উঠিব। কিন্তু প্ৰচলিত প্ৰমাণপত্ৰ সৰ্বস্ব শিক্ষা-ব্যৱস্থাত সেয়া হৈ উঠাৰ আশা দেখা পোৱা নাযায়। বিদ্যালয়ৰ শিক্ষা আৰু আচল কৰ্মক্ষেত্ৰখনত সেই শিক্ষাৰ প্ৰয়োগৰ মাজত আকাশ-পাতাল প্ৰভেদ। বিদ্যালয়ৰ শিক্ষা আওপুৰণি আৰু দ্ৰুত-গতিত ধাৱমান হোৱা বাস্তৱৰ পৃথিৱীৰ লগত ই তাল মিলাই চলিব নোৱাৰা বিধৰ। এক কথাত লেহেমীয়া। প্ৰচলিত শিক্ষা ব্যৱস্থাত জ্ঞান আৰু সেই জ্ঞানৰ প্ৰয়োগৰ পৰিৱৰ্তে মুখস্থ শক্তিৰহে পৰীক্ষা লোৱা হয়। বিদ্যালয়ৰ প্ৰশ্ন-কাকত এখন মেলি চালেই দেখিব ছাত্ৰ এজনৰ মৌলিক চিন্তা শক্তিৰ বাবে প্ৰশ্নসমূহত কোনো অৱকাশ নাই। কিতাপত থকা কথাবোৰকে স্মৃতিৰ পৰা তুলি লিখি দিব পৰাতে চোকা আৰু ভোদা ছাত্ৰৰ পাৰ্থক্য।

দুটা উদাহৰণ দিওঁ— বিজ্ঞানৰ প্ৰশ্নকাকতৰ বাবে সচৰাচৰ সোধা এটা প্ৰশ্ন এনে ধৰণৰ হোৱা দেখা যায়— “নিউটনৰ তৃতীয় সূত্ৰ কি, উদাহৰণ সহ বুজাই দিয়া।” এই প্ৰশ্নটো উত্তৰ দিয়াত ছাত্ৰজনৰ মুখস্থ শক্তিৰ বাদে চিন্তা শক্তিৰ একো প্ৰয়োগ ঘটাৰ অৱকাশ নাই। কিন্তু, যদি প্ৰশ্নটো এনেকৈ কৰা হয় যে— দুৱাৰ এখন ঠেলা মাৰি দিলে কিয় মেল খাই যায়, যিহেতু নিউটনৰ তৃতীয় সূত্ৰমতে দুৱাৰখনৰ ওপৰত প্ৰয়োগ কৰা বল, দুৱাৰখনে আমাৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমান আৰু বিপৰীতমুখী। সেইবাবে সূত্ৰমতে দুৱাৰখন একেঠাইতে থাকিব লাগিছিল। এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ ছাত্ৰজনৰ সূত্ৰটোৰ সম্পৰ্কে বিশদ জ্ঞান থকাৰ উপৰি তাৰ প্ৰয়োগ আচল পৃথিৱীত কেনেকৈ হয় সেই সম্পৰ্কেও জ্ঞান থাকিব লাগিব আৰু এইটো হ’লেহে ছাত্ৰজনৰ জ্ঞান সম্পূৰ্ণ হৈ উঠিব। ক’ত, কেনেকৈ, কেতিয়া প্ৰয়োগ হ’ব তাক নাজানিলে সেই জ্ঞানৰ মূল্যই বা কি? জ্ঞান আৰু তাৰ প্ৰয়োগৰ সম্পৰ্কে এটা কথা মনলৈ আহিছে। আমি বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা। আমাক জনোৱা হৈছিল যে এটা বিষয়ৰ পৰীক্ষা ছাত্ৰসকলে ইচ্ছামতে কিতাপ মেলি লিখিব পাৰিব। পৰীক্ষাত সহায়ক হ’ব পৰা সমল আমাক আগতীয়াকৈ দিয়া হৈছিল। সকলোৰে মনত বৰ স্ফূৰ্তি যে এইটো বিষয়ত ভাল নম্বৰ লাভ কৰিবই কৰিব। পিছে নিৰ্দিষ্ট দিনা পৰীক্ষা গৃহত প্ৰশ্ন চাইহে বুজা গৈছিল যে প্ৰশ্নবোৰ আমাক দিয়া সমলবোৰত বা কিতাপত পোনপটীয়াকৈ নাই। সেইবোৰ সমাধান কৰিবলৈ বিষয়টো পুংখানুপুংখভাৱে জনাৰ উপৰি সেই জ্ঞান ক’ত, কেনেকৈ প্ৰয়োগ কৰিব লাগে সেয়াও জনা দৰকাৰ।

আন এটা উদাহৰণ চাওঁ আহক। ধৰক এটা সমীকৰণ X²=Y²+1990। বিদ্যালয়ৰ ওপৰৰ শ্ৰেণীৰ ছাত্ৰক এই সমীকৰণটো সমাধান কৰিবলৈ দিলে সৰহসংখ্যকৰে প্ৰথম প্ৰতিক্ৰিয়া হʼব— দ্বিঘাত সমীকৰণৰ দুটা চলকৰ মানৰ বাবে অন্ততঃ দুটা সমীকৰণৰ প্ৰয়োজন। ফৰ্মুলা সৰ্বস্ব অংক সমাধানত অভ্যস্ত ছাত্ৰ এজনৰ বাবে এয়াই স্বাভাৱিক। গণিত বিষয়টো যে যুক্তিৰে সাংকেতিক ৰূপ, গণিতৰ অনুশীলনৰ জৰিয়তে যে আচলতে আমি যুক্তিৰ বিকাশ তথা মৌলিক চিন্তাৰ উন্নতি কৰা উচিত সেয়া পাহৰি পেলাওঁ। ফলত অলপ আওপকীয়া ধৰণৰ প্ৰশ্ন আহিলেই সৰহসংখ্যকেই উত্তৰ দিবলৈ বা সমাধানৰ উপায় চিন্তিবলৈ অক্ষম হৈ পৰে। এনেধৰণৰ ফৰ্মুলা সৰ্বস্ব বা মুখস্থ নিৰ্ভৰ শিক্ষা ব্যৱস্থাই একেধৰণৰ কামকে বাৰে বাৰে কৰিব পৰা এদল শ্ৰমিকৰহে সৃষ্টি কৰিব পাৰিব; অগতানুগতিক (lateral, out of the box thinking) ধৰণৰ চিন্তা কৰিব পৰা লোক সৃষ্টিৰ বাবে শিক্ষা জীৱনটোতো তেওঁক চিন্তা কৰাৰ অৱকাশ বা চিন্তা শক্তি বিকাশৰ বাবে এটা সুনিৰ্দিষ্ট প্ৰক্ৰিয়া থাকিব লাগিব।

বিদ্যালয়ৰ শ্ৰেণী একোটাত যিমানকেইজন ছাত্ৰ থাকে সকলোৰে ধাৰণ ক্ষমতা একে নহয়। কোনোৱে সহজে, কম সময়তে বিষয় একোটা বুজিব পৰাৰ বিপৰীতে আন কিছুমানৰ যথেষ্ট সময় লাগে। তীক্ষ্ণ বুদ্ধিৰ কেইজনকো বাকীকেইজনৰ সৈতে একেলগে পঢ়িবলৈ বাধ্য কৰাৰ বাবে তেওঁলোকৰ সময় অযথা অপব্যয় হয় আৰু বহু সময়ত দেখা যায় বহু ছাত্ৰই বিষয়টো বুজি নাপালেও লাজ বা সংকোচতে বুজি পোৱাৰ ভাও ধৰে। এজন শিক্ষকে ডাঙৰ শ্ৰেণী একোটাত গাইগুটীয়া মনোযোগ দিয়া সম্ভৱ নহয়। তদুপৰি ছাত্ৰ একোজনে পাঠদানৰ সময়ছোৱাৰ গোটেই সময়খিনি মনোযোগ দিব নোৱাৰে। আমি নিজেও ছাত্ৰ হৈ থকা অৱস্থাত আৰম্ভণিৰ কেইমিনিটমানৰ বাদে আৰু শিক্ষক ভেদে গোটেই সময়খিনিয়েই শিক্ষকৰ কথাৰ বিপৰীতে অন্য কথাহে ভাবি থাকিছিলোঁ আৰু পাছত ঘৰলৈ আহি নিজে পঢ়ি বা ঘৰুৱা শিক্ষকৰ সহায় লৈ বিষয়টো বুজি লৈছিলোঁ। ওপৰ ক্লাছলৈ যোৱাৰ পাছত মন কৰিছিলোঁ যে ক্লাছত শিক্ষকৰ পৰা শিকাতকৈ ঘৰত বিষয়টো পঢ়ি প্ৰায়োগিক দিশটোৰ সম্পৰ্কে শিক্ষকৰ লগত আলোচনা কৰাটোহে বেছি লাভদায়ক। অৱশ্যে এই ক্ষেত্ৰত সহায় কৰিব পৰাকৈ শিক্ষকজনো প্ৰায়োগিক দিশটো সম্পৰ্কে অৱগত হোৱাটো জৰুৰী। সাধাৰণতে দেখা যায় একাডেমিচিয়ানসকল প্ৰায়োগিক দিশৰ লগত বৰ বিশেষ পৰিচিত নহয়। সেইবাবে এনে ক্ষেত্ৰত ব্যৱহাৰিক ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তিৰ পৰা পোনপটীয়াকৈ শিকাটো বেছি লাভজনক আৰু আজিৰ ইণ্টাৰনেটৰ জয়জয় ময়ময় অৱস্থাত এনে ব্যক্তি বিচাৰি উলিওৱাটো টান কাম নহয়।

অগতানুগতিক চিন্তা শক্তিৰ সম্পৰ্কে কিছু কথা এই আপাহতে আলোচনা কৰিব খুজিছোঁ। শ্ৰীনিবাস ৰামানুজন — পৃথিৱীৰ শ্ৰেষ্ঠতম গণিতজ্ঞৰ এজন— যৎসামান্য আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হৈয়ো যি গণিতৰ জগতলৈ অসাধাৰণ, মৌলিক অৱদান আগবঢ়াই থৈ গৈছে। ৰামানুজনৰ চিন্তা কৰাৰ ধৰণ সৰ্বসাধাৰণৰ দৰে নাছিল। তেওঁৰ নিজৰ ভাষাত ই আছিল এক ধৰণৰ দৈৱিক দান। গণিতৰ প্ৰমাণবিহীন সূত্ৰসমূহ তেওঁক দেৱী নামাগিৰিয়ে দান কৰিছিল বুলি ৰামানুজনে কৈছিল। প্ৰমাণবিহীন মানে— সূত্ৰবোৰ ৰামানুজনে কেনেকৈ পাইছিল বা কেনেকৈ সিদ্ধান্তসমূহত উপনীত হৈছিল তাৰ কোনো ব্যাখ্যা বা গাণিতিক যুক্তিসিদ্ধ প্ৰমাণ তেওঁ দিয়া নাছিল। সমস্যাবোৰৰ কথা ভবাৰ পাছত আপোনা-আপুনি তাৰ সমাধান সূত্ৰ তেওঁৰ চকুৰ আগত ভাহি উঠিছিল। অৰ্থাৎ তেওঁ মাত্ৰ উপায়টো জানিছিল, কি কাৰণে বা কেনেকৈ জানিছিল সেয়া তেওঁ নাজানিছিল বা জনাটো তেওঁৰ বাবে প্ৰয়োজনীয়ও নাছিল। তেওঁৰ চিন্তা কৰাৰ ধৰণত হয়তো সেয়াই স্বাভাৱিক আছিল, আমাৰ দৰে সৰ্বসাধাৰণৰ বাবে যদিও সেয়া কল্পনাৰ অগোচৰ। (কেমব্ৰিজলৈ যোৱাৰ পাছত এইবাবেই তেওঁ সূত্ৰবোৰৰ প্ৰমাণ দিবৰ বাবে কেইবাবছৰো ব্যয় কৰিবলগীয়া হৈছিল। প্ৰমাণবিহীনভাৱে কেৱল সমাধান সূত্ৰ দাঙি ধৰা ৰামানুজনৰ প্ৰায় আটাইবোৰ কৰ্মই সম্প্ৰতি সত্য বুলি প্ৰমাণিত হৈছে।)

বিজ্ঞানৰ যুক্তিসিদ্ধ, প্ৰমাণনিৰ্ভৰ পৃথিৱীত দৈৱী শক্তিৰ কোনো স্থান নাই। সেইবাবে ৰামানুজনৰ ক্ষেত্ৰত দৈৱী শক্তিৰ উপস্থিতি Intuition বা সহজাত বুদ্ধিৰে এটা ৰূপ বুলি ভাবি থʼব পাৰি। ব্যাখ্যা যিয়েই নহওক এটা কথা ঠিক যে চিন্তা কৰাৰ বাবে স্তৰীকৃত যুক্তিৰ পথেই (algorithmic way) একমাত্ৰ পথ নিশ্চয় নহয়। সমস্যাসমূহক চোৱাৰ, ইবোৰৰ মাজেৰে বাট কাটি যোৱাৰ বহু বেলেগ বেলেগ ধৰণ বা কায়দা থাকিব পাৰে। আমি সাধাৰণতে যুক্তিৰ পথটোৰ লগত অভ্যস্ত বাবে আন বেলেগ পথৰ কথা ভাবিবলৈ অসুবিধা পাওঁ। আমাৰ মগজুৰ বাওঁ অংশটোৱে যুক্তি নিৰ্ভৰ কামবোৰ আৰু সোঁ-অংশটোৱে সৃষ্টিশীল কৰ্ম, কল্পনা, সহজাত বুদ্ধি ইত্যাদিৰ লগত জড়িত কামবোৰ কৰে। সৰু অৱস্থাত সোঁ-অংশটো বেছি সক্ৰিয় হৈ থাকে যদিও ডাঙৰ হৈ অহাৰ লগে লগে আমাৰ শিক্ষা ব্যৱস্থাই হওক বা জীৱন ধাৰণৰ পদ্ধতিৰ বাবেই হওক বাওঁ অংশৰ ব্যৱহাৰ ক্ৰমাৎ বেছি হৈ আহিবলৈ ধৰে আৰু আমি স্তৰীকৃত যুক্তিৰ পথটোৰ লগত অভ্যস্ত হৈ পৰোঁ।

বিশ্বব্ৰহ্মাণ্ড অলেখ অজানা পেটাৰ্ণেৰে ভৰা। যিসকলৰ অসাধাৰণ চিন্তাশক্তি আছে তেওঁলোকে সৰ্বসাধাৰণৰ চকুত নপৰা এই পেটাৰ্ণ বা চানেকিবোৰ বিচাৰি উলিয়াবলৈ সক্ষম হয়। (যেনেদৰে মাধ্যাকৰ্ষণ বলৰ অস্তিত্ব বিচাৰি উলিয়াইছিল নিউটনে৷) এই লুকাই থকা চানেকিবোৰ সদায় যুক্তিৰ পথেৰে গ’লেই যে পোৱা যাব এনে নহয়। ৰামানুজনেই ইয়াৰ জ্বলন্ত উদাহৰণ। বিজ্ঞানৰ পথ সত্যানুসন্ধানৰ পথ— ইয়াত ফাঁকি বা অসত্যৰ কোনো স্থান নাই। মন কৰিবলগীয়া কথা এয়ে যে সত্যক বিচৰাৰ বাবে স্তৰীকৃত যুক্তিৰ পথেই একমাত্ৰ নহয়। কিছুমান মানুহ তথা কিছুমান সৰু ল’ৰা-ছোৱালীৰ মাজতো এনে ধৰণৰ অগতানুগতিক চিন্তা কৰিব পৰাৰ ক্ষমতা থাকে যাক আমি বলিয়ালি বুলি ধৰি লৈ টানি-আঁজুৰি প্ৰচলিত ৰাস্তালৈ আনি গতি লগাব বিচাৰোঁ। এনেকুৱা কৰি আমি আচলতে আৰু এজন ৰামানুজনক কলিতে মোহাৰি পেলাওঁ। ল’ৰা-ছোৱালীবোৰে জন্মগতভাৱেই লৈ অহা এনে চিন্তা শক্তিক ঘৰুৱা শিক্ষাৰ অবিহনে বিদ্যালয়ৰ গতানুগতিক শিক্ষাপ্ৰণালীত কৰ্ষণ কৰাৰ অৱকাশ দেখা পোৱা নাযায়।

এটা সময় আছিল যে জ্ঞান কেতবোৰ পুথিত সঞ্চিত হৈ আছিল আৰু সেইবোৰ বুজিবলৈ শিক্ষকৰ ওচৰলৈ যোৱাটো দৰকাৰী আছিল। পিছে তথ্য-প্ৰযুক্তিৰ অভাৱনীয় উন্নতিৰ বাবে জ্ঞান এতিয়া মানুহৰ হাতৰ মুঠিত উপলব্ধ হৈ পৰিছে। মাথো কেইটামান ক্লিকৰ দূৰত্বত বিনামূলীয়াকৈ উপলব্ধ বিশ্বৰ MIT, Standford, Harvard, IIT আদি বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ শিক্ষকসকলৰ পাঠদানৰ অডিঅ’ ভিছুৱেল ৰূপ। Khan Academyৰ দৰে জ্ঞান সাধাৰণ লোকৰ বাবে বিনামূলীয়াকৈ উপলব্ধ কৰাৰ ব্যৱস্থা এতিয়া সহজলভ্য। উল্লেখ্য যে Khan Academyৰ প্ৰতিষ্ঠাপক চালমান খান MITৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ আৰু গণিতত স্নাতক ডিগ্ৰী অৰ্জন কৰি পাছত Harvard Business Schoolৰ পৰা MBA ডিগ্ৰী লাভ কৰিছিল। মান সম্পন্ন শিক্ষাক বিনামূলীয়াকৈ সৰ্বসাধাৰণৰ উপলব্ধ কৰাবৰ বাবে চালমান খানে “খান একাডেমী” প্ৰতিষ্ঠা কৰি এক অসাধাৰণ সেৱা আগবঢ়াই আহিছে।

দৰাচলতে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি ছাত্ৰ একোজনে যেতিয়া কৰ্মক্ষেত্ৰৰ পৃথিৱীখনলৈ যায় তেতিয়া আচৰিত হয় যে ইমানদিনে লাভ কৰি অহা শিক্ষা তেনেই অচল। জ্ঞানবোৰনো কেনেকৈ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰিব লাগে সেইবোৰ বিদ্যালয়ত ইমানদিনে নিশিকাৰ বাবে তেওঁ অথাই সাগৰত পৰিবলগীয়া হয় আৰু নিয়োগকৰ্তা প্ৰতিষ্ঠানটোৰ বাবেও তেওঁ মানৱ সম্পদ নহৈ বোজালৈহে ৰূপান্তৰিত হৈ পৰে। মানৱ সভ্যতাৰ সঞ্চিত জ্ঞান ভাণ্ডাৰলৈ নতুন অৱদান সংযোগ কৰিবৰ বাবে ব্যক্তিজনে সৃষ্টিশীল আৰু অগতানুগতিক চিন্তা কৰিবই লাগিব। এনে চিন্তাৰ জীৱন জুৰি কৰ্ষণ নহ’লে একেদিনাই লাভ কৰাটো দুৰূহ।

No Comments

Post A Comment