আগতে “জেং”, “কামোৰ” আদি শব্দবোৰ ব্যৱহাৰ কৰা নাছিলোঁ। এতিয়া প্ৰায় দুবছৰ মানৰ পৰা “কামোৰ”, “ৰে” আৰু “বে” এই শব্দ তিনিটা মাজে মাজে ব্যৱহাৰ কৰা হয়। মাথোঁ ৫০-৬০ বছৰীয়া, নিজকে অনেকদিনীয়া পুৰণি বুলি ভবা, অথচ বহু ক্ষেত্ৰত আধুনিক, কোনো কোনো বিশিষ্ট ব্যক্তিয়ে এইকেইটা শব্দ ব্যৱহাৰ কৰাসকলক...

মাজুলী যাত্ৰা সম্পৰ্কীয় কিছুমান নষ্টালজিক ধৰণৰ লেখা মাজে মাজে পঢ়িবলৈ পাওঁ। নিজৰ জন্মস্থান বুলিয়েই আনেনো কি লিখিছে বুলি অলপ বেছি আগ্ৰহেৰেই পঢ়িবলৈ লওঁ। কিন্তু কেতিয়াবা আনকি প্ৰিয় লেখক এজনে লিখা এনে প্ৰবন্ধটোৱো পঢ়িবলৈ অতি আগ্ৰহেৰে আৰম্ভ কৰাৰ পাছত শেষৰ আংশবোৰ ওপৰে ওপৰে পঢ়ি বিৰক্তিৰে শেষ...

সৰুতে বহুকেইজন সত্ৰাধিকাৰ লগ পাইছিলোঁ। তেওঁলোকৰ প্ৰত্যেকৰে গাত বহুতো ভাল গুণ আছিল, কিন্তু একে সময়তে তেওঁলোকৰ গাত লাগি আছিল ভালেকেইটা নিকৃষ্ট গুণ। সেই নিকৃষ্ট গুণবোৰৰ প্ৰায়কেইটা তেওঁলোকৰ প্ৰত্যেকজনৰে গাত আছিল, তাৰে এটা হ’ল— তেওঁলোকে প্ৰত্যেকেই নিজকে ঈশ্বৰ বা ঈশ্বৰৰ অংশ বুলি ভাবিছিল আৰু “প্ৰভু আজি...