“Few results have as rich a mathematical history and as dramatic a proof as Fermat’s Last Theorem.” — The Abel Committee. (১) প্ৰায় ৩৫০ বছৰৰো অধিক কাল ধৰি গণিতৰ অলেখ তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰীৰ উপৰি নিজৰ নিজৰ শতিকাৰ স্বনামধন্য বহুকেইজন মহান গণিতজ্ঞৰ দ্বাৰাও অপ্ৰমাণিত হৈ থকা “ফাৰ্মাৰ অন্তিম প্ৰমেয়” (Fermat’s...

২০ দিন মানৰ আগৰ কথা, মানুহ এজনে কৈছিল— "জুবিনক অকণো শান্তি নিদিয়াকৈ সদায় গালি পাৰি থকা, আৰু জুবিনৰ একো কামেই নাই বুলি কৈ থকা সেই মানুহকেইটাই এতিয়া জুবিনকে নিজৰ লগত ল'ব বিচাৰি আছে। তাতেই গম পোৱা যায় সিহঁতকেইটা কিমান হাৰামী।" এইষাৰ কথাত গুৰুত্ব দিয়া নাছিলোঁ, দিলেও...

বিহ খাই কাণ-মূৰ পেলোৱা নিগনি এটাৰ নিচিনাকৈ জীৱনৰ বিহ খাই খাই শইকীয়াৰ চেহেৰাটো মৰিশালি-যাত্ৰালৈ বেছিদিন নথকা মানুহ যেন লগা হৈ পৰিছে। কিন্তু বয়সেতো ভাটী দিয়াই নাই, বৰং অৱসৰ ল’বলৈ এতিয়াও সাত বছৰ বাকী আছেই। “আগতে সকলো ভাল আছিল, এতিয়া সব বেয়া। এতিয়াৰ ল’ৰা-ছোৱালীবোৰ ইমান বেয়া...

নবেম্বৰ-ডিচেম্বৰ— এই সময়খিনিত কিছুসংখ্যক সংবাদ-প্ৰতিষ্ঠান বা আন অনুষ্ঠান-প্ৰতিষ্ঠানে বছৰটোৰ বিশেষ দহজন বা বিশজন ব্যক্তি আদিৰ তালিকা উলিওৱাৰ যো-যা চলায়। এইসমূহৰ প্ৰত্যেকৰে উদ্দেশ্য পৃথক পৃথক। বহুতে “আনেও উলিয়াই যেতিয়া, আমিও পাৰোঁচোন” বুলি উলিয়ায়। বহুতে, বছৰটোত ইতিমধ্যে যিসকল অলপ বিখ্যাত হ’ল বা কিবাকৈ বিদেশৰ পৰা কিবা এটা-দুটা...

C++ জনা ডিপিপি হোষ্টেলৰ ল’ৰাবোৰে হাতত দা আৰু হকী-ষ্টিক লৈ কেএনপি হোষ্টেলৰ C++ নজনা, কেৱল C জনা ল’ৰাবোৰক কাটিবলৈ খেদি গ’ল। কেএনপি হোষ্টেলৰ Python জনা একমাত্ৰ ল’ৰাটোৱে সেই মুহূৰ্তত হোষ্টেলৰ সমুখতে ৰৈ আকাশলৈ চাই চাই কেইটামান বাগ কেনেকৈ আঁতৰাব পাৰি তাকে ভাবি আছিল। সংখ্যালঘু বুলি...

ছিংগাপুৰত ২০১৫ বৰ্ষৰ স্কুল-পৰ্যায়ৰ এটি গণিত অলিম্পিয়াডত অহা এটা প্ৰশ্ন দুটা সপ্তাহ ধৰি বিশ্বৰ ভালেকেইখন বিখ্যাত কাকতৰ বাতৰিত পৰিণত হৈছিল (নিউয়ৰ্ক টাইমছ, ৱাচিংটন পোষ্ট আদিকে ধৰি)। কাৰণ এই প্ৰশ্নটো স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়োৱা অতি সহজ প্ৰশ্নই আছিল যদিও এইটো সমাধান কৰাটো অলেখ ডাঙৰ মানুহৰ বাবেও...