এসময়ৰ জনপ্ৰিয় কবিৰ কল্পনাৰ “দূৰ দীগন্ত” বিয়পা “নীলিম সলিলৰাশি”, “বাধাহীন উৰ্মিমালা” অতিক্ৰম কৰি দক্ষিণলৈ যদি গৈ থকা যায় তেন্তে পোৱা যায় সাগৰৰে আন এক বিচিত্ৰ ৰূপ, য’ত সমস্ত উত্তাল জল-তৰংগ গোট মাৰি সৃষ্টি হয় বৰফৰ নানা-গঢ়ি স্থাপত্য-ভাস্কৰ্য; পোৱা যায় কেইবা বৰ্গকিঃমিঃ পৃষ্ঠৰ বৰফৰ ভাসমান অঞ্চলৰ...

পৃথিৱীৰ উত্তৰ মেৰু উত্তৰ মহাসাগৰ(Arctic Ocean)ৰ মাজভাগত অৱস্থিত, য’ত সাগৰ-পৃষ্ঠ দুই-তিনি মিটাৰ ডাঠ বৰফে আবৰি থাকে। সেই স্থানত সাগৰৰ গভীৰতা চাৰি কিলোমিটাৰৰ অধিক। মানুহে তাত প্ৰথম খোজ পেলাবলৈ সক্ষম হৈছিল কুৰি শতিকাৰ প্ৰথমভাগত। ১৯৮৫ চনৰ ৬ এপ্ৰিলত নীল আৰ্মষ্ট্ৰং, এডমাণ্ড হিলাৰী, ষ্টিভ ফছেট, পাট্ৰিক মৰো,...

(১) ষ্টিফেন হকিঙৰ কম্পিউটাৰ-নিৰ্ভৰ কথোপকথন ব্যৱস্থাৰ বাবে ২০১৪ চনৰ ডিচেম্বৰত উন্নত নতুন প্ৰণালী এটা নিৰ্মাণ সম্পূৰ্ণ কৰি তাত ব্যৱহৃত চফ্টৱেৰটো “open source” হিচাপে ইনটেল(Intel)-এ মুকলি কৰি দিয়ে। যাৰ বাবে, সেইটো আৰু উন্নত কৰাত অধিক মানুহ জড়িত হ’ব পাৰিব, আৰু কথা কোৱাৰ সক্ষমতা নথকা আন মানুহেও সেইটো...

কেঞ্চাৰত আক্ৰান্ত হৈ ৯ বছৰ বয়সত সোঁ ভৰিখন কটাই পেলাবলগীয়া হোৱা যুৱতী এগৰাকীৰ ২০১৬ চনৰ প্ৰথমভাগত তোলা এখনি ফটো ইনষ্টাগ্ৰামত 'ভাইৰেল' হৈ পৰিছিল৷ ইনষ্টাগ্ৰাম প্ৰধানকৈ হ'ল কিছুমান নিৰ্দিষ্ট জোখৰ ফটো আপল'ড কৰিব পৰা আৰু আনে আপল'ড কৰা ফটো সুবিধা অনুসৰি চাব পৰা এটি এপ্, যিটো...

সাহিত্যৰ ক্ষেত্ৰত অসমত বহুকেইটা বঁটা আছে৷ সাহিত্য অকাডেমীৰ বঁটাসমূহো আছেই৷ আৰু বিশেষকৈ অসম উপত্যকা সাহিত্য বঁটাটিও আছে৷ কিন্তু বিজ্ঞানৰ ক্ষেত্ৰত কোনো বঁটা নাই৷ একেদৰে শান্তিৰ বাবেও কোনো বঁটা নাই৷ বিজ্ঞানীক সন্মানীত কৰাৰ ব্যৱস্থা অসমত সঁচাকৈয়ে কেতিয়াও গঢ়ি নুঠিবই নেকি? আৰু অসমৰ শান্তিৰ বাবে কাম কৰাৰ...

জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি” গীতটিৰ কোনো কোনো একোটা অংশই আমাক সোঁৱৰাই দিয়ে জোকাৰি ছেদেলি-ভেদেলি কৰি ভাঙি-ছিঙি পেলাই দিব খোজা পৰিস্থিতিতো বজ্ৰ কঠিন স্তম্ভৰ দৰে মূৰ দাঙি ৰ’ব পৰা প্ৰচণ্ড দৃঢ়তা আহৰণ কৰিবলৈ; আৰু সোঁৱৰাই দিয়ে ডাঠ তমসাৰ মাজেৰে সৰকিব লগা...