এবাৰ গুৱাহাটীৰ কোনোবা এখন কলেজ নে আন প্ৰতিষ্ঠান এটাই ফাংচনলৈ Vengaboysক নিমন্ত্ৰণ কৰিছিল৷ লগে লগে, Vengaboys অশ্লীল আৰু আমাৰ সংস্কৃতিৰ পৰিপন্থী বুলি বিতৰ্কত হুলস্থুল লাগি গৈছিল৷ বহুতৰ নিশ্চয় মনত আছে৷ নিউজ চেনেল, ফে'চবুক আদি আহিবলৈ তেতিয়া কেইবছৰমান বাকী আছিল৷ কিন্তু বাতৰি-কাকতেই সেই উত্তেজনা, উৎকণ্ঠা কঢ়িয়াই...

(২১) ষ্টিফেন হকিং সম্পৰ্কীয় দুটামান আমোদজনক কথা: ক) ষ্টিফেন হকিঙে অক্সফ’ৰ্ডত স্নাতক ডিগ্ৰী লৈ কেম্ব্ৰিজত পঢ়িবলৈ গৈছিল। তেনে সময়তে তেওঁৰ বেমাৰটো বেছি হ’বলৈ আৰম্ভ কৰিছিল। কথা কওঁতে খোকোজা লাগিছিল, উচ্চাৰণ বেয়া হৈছিল। তেতিয়া কেম্ব্ৰিজত থকা প্ৰায়ভাগেই ভাবিছিল যে হকিঙে অক্সফ’ৰ্ডৰ পৰা অহা বুলি দেখুৱাবলৈকে কথাবোৰ তেনেকৈ কৈছিল। [এই...

বটদ্ৰৱাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি জ্বলাই দিয়া ঘটনাটোৰ পাছত তিনিটা বিশেষ উক্তি বহুত প্ৰচাৰ হৈ আছে৷ দুজনমান নেতাৰ মুখতো সেয়া সজোৰে ওলোৱা শুনিবলৈ পোৱা গৈছে৷ বাক্যবোৰ অলপ বেলেগ বেলেগ, কিন্তু অৰ্থবোৰ একেই৷ সেই উক্তি তিনিটা হ'ল: "অসমৰ অধিকাংশ অপৰাধী বালাংদেশী মূলৰ৷" "সকলো কাৰাগাৰতে বাংলাদেশী মূলৰ অপৰাধী৷" "বাংলাদেশীৰ বিৰুদ্ধে...

অসংখ্য সমীক্ষাত কিছুমান বদমাচী নীহিত থাকে৷ এই বদমাচী কেৱল আলোচনীয়েই নকৰে৷ গৱেষক, চিকিৎসক বা আন কৰ্মচাৰীও এইবোৰ কৰা দেখা যায়৷ এনেকৈ বহুতে পিএইচডি লৈ আছে৷ তাৰে বহুতক নিজে দেখিছোঁ৷ সমীক্ষা এটা শুদ্ধ হ'বলৈ বহুতো কাৰক জড়িত থাকে৷ ই সৰল অংক নহয়৷ এই সম্পৰ্কীয় কাৰকবোৰ আৰু তাৰ...

"এয়া ১৯৩৮ চনৰ কাহিনী৷ কেৰোলি নামৰ এজন মানুহ আছিল৷ হাঙ্গেৰীয় আৰ্মি (Hungarian Army)৷ আৰু তেওঁ সেই দেশৰ সৰ্বশ্ৰেষ্ঠ পিষ্টল শ্বুটাৰ আছিল৷ সেই দেশত যিমানবোৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, তেওঁ ইতিমধ্যে সেইবোৰত বিজয় সাব্যস্ত কৰিছিল৷ আৰু সকলোৱেই প্ৰায় নিশ্চিতই আছিল, ১৯৪০ত হ'বলগীয়া অলিম্পিকত স্বৰ্ণপদক কেৰোলিয়েই...

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সাগৰৰ নীলা পানীৰ কি সম্পৰ্ক থাকিব পাৰে? কিমান কবি, গীতিকাৰ, সাহিত্যিকে সাগৰৰ নীলা পানীক লৈ উপমা দিলে, কবিতা লিখিলে, গীত লিখিলে!! জুবিন গাৰ্গৰ চিৰসেউজ গান "আন্ধাৰ হ'ব নোৱাৰোঁ"ত তেওঁ গাইছে - "সাগৰ নীলা দুচকুত কি ৰং আনে জীৱনে নাজানো যদিও দুবাহু...