বাৰিষা তিনি-চাৰিটা বানে জুৰুলা কৰা গাওঁখনত থাকিলে পঢ়া নহ’ব বুলি সম্পৰ্কীয়ৰ এখন গাঁৱলৈ পঢ়িবলৈ পঠালে; কাৰণ প্ৰতিবাৰে কেৱল বানেই অহা নাছিল, লগতে খহনীয়াও কাষ চাপি আহি আছিল। মানে, ক্ষণভংগুৰ মাটিৰ এঠাইৰ পৰা পঠোৱা হৈছিল স্থায়ী মাটিৰ আন এঠাইলৈ। ভংগুৰ মাটিৰ মানুহবোৰৰ মনত স্থায়ী মাটিৰ মানুহৰ...

মহাত্মা গান্ধী মানে “এখন গালত কোনোবাই এটা থাপৰ মাৰিলে, আনখন গালো পাতি দিয়া” পৃথিৱীৰ একমাত্ৰ মানুহজন নেকি? ৰসিকতাখিনি বাদ দি কোনোবাই যদি সঁচাকৈয়ে কথাটো তেনেকৈয়ে লয় তেন্তে ভাবো তেওঁ শুদ্ধ নহয়। ইয়াৰ পৰিবৰ্তে ই প্ৰকাশ কৰে যে— একোটা পৰিৱৰ্তন অনাৰ পথত অহিংস ধাৰাৰে আগবাঢ়িলে নিজস্ব...

- মৃণাল কলিতা। এক দীৰ্ঘ জীৱন লাভ কৰিবলৈ ৰাতিপুৱাৰ বিছনা এৰি প্ৰাতঃভ্ৰমণ কৰিবলৈ বেচ মনোবল লাগে। যিসকলে এলাহ জয় কৰি অবিৰতভাৱে প্ৰাতঃভ্ৰমণ কৰি গৈছে সেইসকলক ধন্যবাদ। এলাহৰ নিহলি এৰি এসময়ত কেইদিনমান ময়ো প্ৰাতঃভ্ৰমণ কৰিছিলোঁ। সংগী কবি সুকান্ত নাছিল; আছিল এক সাধাৰণ কিশোৰ। প্ৰতিবেশী কিশোৰজনে মই কোৱামতেই খুব পুৱাতে...

বন্ধু-বান্ধৱক “গাধ” আদি বুলি ধেমালীকে ক’বলৈ হোৱাটছ্এপত কেতিয়াবা এজনে আনজনলৈ কিছুমান কৌতুক প্ৰেৰণ কৰা দেখা যায়। অসমীয়াতে কোনোবাই কোনোবাই দিয়া তেনে এটা মেছেজ পালোঁ। আৰু তাৰ পাছত কিছু খুচৰি চোৱাৰ পাছত ফেচবুকৰ কোনো কোনো পৃষ্ঠাটো সেই মেছেজটো দেখা পালোঁ। কিছু বানান-ব্যাকৰণ আদি সামান্য শুদ্ধ কৰি...

বহুত ধন ঘটি সেইখিনি অ-লাভজনকভাৱে শিক্ষা-প্ৰসাৰ আদি সমাজৰ কিছুমান কামত খৰছ কৰাৰ সপোন এটা মাজে মাজে মনলৈ আহিলে এটা কাহিনী মনত পৰে। কাহিনীটো গৱেষণা-প্ৰতিষ্ঠান এটাৰ সঞ্চালক এজনৰ বক্তৃতাত শুনা, নিজে পঢ়িবলৈ পোৱা নাই, গতিকে সঠিককৈ ক’ব নোৱাৰিম। কাহিনীটো এনেধৰণৰ— এই যে আমি “জুচ”, “ঠাণ্ডা” আদি...

“অসম সাহিত্য সভাৰ সুচিন্তিত কাৰ্যসূচীয়েই কেৱল সাম্প্ৰতিক বিভেদশীল পৰিস্থিতিত ঐক্য স্থাপন কৰিব পাৰে। কাৰণ আজিৰ ৰাজনীতিয়ে মানুহক ভাগ ভাগ কৰে, সাহিত্য-সংস্কৃতিয়েহে একগোট কৰে। মোৰ কাৰ্যকালত ইয়াৰ প্ৰামাণ পালোঁ। চৰ-চাপৰিৰ দুৰ্গম ঠাইলৈ গৈ দেখিলোঁ যে তাত যুৱক-যুৱতী আৰু প্ৰবীণ ব্যক্তিয়ে অসমীয়া সমাজৰ মূল সূঁতিৰ মাজত সোমাই...