টমাছ আলভা এডিছনক অতিক্ৰম কৰা দুজন মানুহ

আকস্মিকভাৱে কিবা সুযোগ পাই ডাঙৰ সফলতা অৰ্জন কৰিলেও বা জন্মগত আজৱ দক্ষতাৰে বিশ্বৰ ভিতৰতে বিৰল বুলি স্বীকৃত হ’লেও, তেনে মানুহে আনক অনুপ্ৰাণিত কৰিব নোৱাৰে৷ এজন ব্যক্তিৰ কৃতকাৰ্যতাৰ লগত তেওঁৰ নিজক অতিক্ৰম কৰাৰ সাধনা, কঠোৰ অনুশীলন, একাগ্ৰতা আদি যুক্ত থাকিলেহে সেই কৃতকাৰ্যতাই আনক প্ৰেৰণা যোগাব পাৰে৷ সেইবাবেই, গ্ৰিনিছ-বুকত নাম লিপিবদ্ধ হোৱা প্ৰায়ভাগ মানুহেই কোনো মানুহকে অনুপ্ৰাণিত কৰিব নোৱাৰে৷ বা কেবিচিত (কৌন বনেগা কড়োৰপতি) কোনোবাই কোটি টকা ঘটা মুহূৰ্তবোৰ বহুতে উপভোগ কৰিলেও, সেই উপভোগ কৰাসকলৰ মনতো তেনে বিজয়ীসকলৰ স্থান প্ৰেৰণাদায়ক মানুহ হিচাপে কেতিয়াও নাথাকে৷ এইসকল মানুহ কেৱল বিখ্যাতহে হয়৷

টমাছ আলভা এডিছনে একাগ্ৰতাৰে, সাধনাৰে অৰ্জন কৰা কিছুমান বিশেষ বিশেষ গুণৰ জৰিয়তে অসামান্য কাম সম্পন্ন কৰিছিল৷ সেইবাবে তেওঁৰ কাহিনীয়ে শত সহস্ৰ মানুহক সদায় অনুপ্ৰাণিত কৰি আহিছে৷

এডিছনে সহস্ৰাধিক বস্তু উদ্ভাৱন কৰিছিল৷ কেৱল এজন মানুহেই ইমানখিনি কৰাটো আগলৈ কেতিয়াও সম্ভৱ নহয় বুলি ভবা হৈছিল৷ জীৱন কালতেই তেওঁক সৰ্বকালৰ শ্ৰেষ্ঠ উদ্ভাৱক বুলি অভিহিত কৰিব পৰা গৈছিল৷

মাইক্ৰ’চফ্টৰ কৰ্মীসকলৰ বাবে আয়োজিত এখন অনুপ্ৰেণাদায়ক বক্তৃতানুষ্ঠানত বিশ্বখ্যাত বক্তা ৰবীন শৰ্মাই এডিছনৰ এটা কাহিনী কৈছিল৷ এডিছন ইমান এজন ডাঙৰ উদ্ভাৱক, তেওঁৰ এহেজাৰো অধিক পেটেণ্ট আছিল! এডিছনক এবাৰ সোধা হৈছিল যে আপোনাৰ ইমান বিচক্ষণতাৰ ৰহস্যটো কি? তেতিয়া তেওঁ উত্তৰ দিছিল যে সৰহভাগ মানুহেই ৰাতিপুৱা উঠে আৰু সদায় অজস্ৰ কামত জড়িত হৈ পৰে৷ কিন্তু মই ৰাতিপুৱা উঠো আৰু মই সদায় মাথোঁ দুটামান কামত ধৰোঁ৷ সেইটোৱেই হ’ল মোৰ বিচক্ষণতাৰ, উৎপাদন-ক্ষমতাৰ ৰহস্য।

তেওঁক পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ উদ্ভাৱক বুলি কোৱা হয়/হৈছিল, অথচ তেওঁ কৈছে যে তেওঁ প্ৰতিদিনে সীমিত সংখ্যক কামতহে হাত দিয়ে। ইয়াৰ এটা গভীৰ তাৎপৰ্য আছে। অতি ব্যস্ততাই মানুহৰ উৎপাদনশীলতা কমাই পেলায়৷ একে সময়তে বহুতো কামত হাত থ’লে কোনোটোতেই শ্ৰেষ্ঠতম দক্ষতাখিনি প্ৰদৰ্শন কৰিব নোৱাৰি৷ কিন্তু প্ৰায়ভাগ মানুহে সেইটোকে কৰে, সেইবাবে ফল কম পায়। আজিকালিৰ মনোবিজ্ঞানীয়েও কয় যে এটা সময়ত কেৱল এটা কামত জড়িত হোৱা, দিনটোৰ গোটেই সময়খিনিত কেইবাটাও কাম সলনাসলনিকৈ এটা এটাকৈ কৰা ইত্যাদি পদ্ধতিৰে নিজৰ উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰি৷ উদ্ভাৱক বুলি বিখ্যাত হোৱাৰ উপৰি এনেধৰণৰ গুণ বা মনোভংগীবোৰৰ কাহিনীৰে এডিছন বেছি বিখ্যাত৷

এইখিনিতে চমুকৈ কৈ লোৱা উচিত হ’ব যে – পেটেণ্ট মানেনো কি? পেটেণ্ট হৈছে কিবা এটা বস্তু নিৰ্মাণ কৰাৰ চৰ্ত, যিটো চৰ্ত এজন মানুহৰ হাতত থাকিলে আনে তেওঁৰ অনুমতি নোলোৱাকৈ সেইটো নিৰ্মাণ কৰিব নোৱাৰে বা কামত খটুৱাব নোৱাৰে। নিজে উদ্ভাৱন কৰা ব্যতিক্ৰমী বস্তু এটা আপুনি পেটেণ্ট কৰিব পাৰে; আকৌ, সেই চৰ্তটো আপুনি আনক বিক্ৰীও কৰি পাৰে৷ পেটেণ্ট পাবলৈ কেৱল যান্ত্ৰিক বস্তুৱেই নিৰ্মাণ কৰিব লাগিব বুলি কথা নাই; ধৰক কেইটামান যৌগৰ বিক্ৰিয়া ঘটাই এটা নতুন গুৰুত্বপূৰ্ণ দ্ৰব্য নিৰ্মাণৰ কৌশল আপুনি উদ্ভাৱণ কৰিছে, সেই কৌশলটো আপুনি পেটেণ্ট কৰিব পাৰে। এটা নতুন বিচক্ষণ চফ্টৱেৰ নিৰ্মাণৰ সঠিক ধাৰণা এটা আপুনি উদ্ভাৱণ কৰিছে, তাকো পেটেণ্ট কৰিব পাৰে। অৰ্থাৎ এটা পেটেণ্ট পাবলৈ কিছু দক্ষতা আৰু কষ্টৰ প্ৰয়োজন। কিছুমান পেটেণ্টৰ ক্ষেত্ৰত সেয়া হৈ পৰে অতি বিৰল দক্ষতাপূৰ্ণ কথা। সেয়েহে, একোটা পেটেণ্ট পাব পৰাটোও এটা সন্মানীয় কথা। আমাৰ বিশ্ববিদ্যালয়সমূহৰ তথা গৱেষণা প্ৰতিষ্ঠানসমূহৰ কিছু সংখ্যক অধ্যাপকৰ এটা-দুটা পেটেণ্ট আছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য মিহিৰকান্তি চৌধুৰীৰ দহটা পেটেণ্ট আছে। উদ্ধৱ ভৰালীৰ কেইবাটাও পেটেণ্ট আছে। আৰু এডিছনৰ আছিল ১০৯৩ টা।

এডিছন কেৱল এজন উদ্ভাৱক নাছিল; তেওঁ আছিল এজন দক্ষ পৰিচালক আৰু বিপণনৰ ক্ষেত্ৰত সুক্ষ্ম দৃষ্টিসম্পন্ন৷ নিজে প্ৰতিষ্ঠা কৰা কোম্পানীৰ জৰিয়তে তেওঁ উদ্ভাৱকৰ এটা দল পৰিচালনা কৰিছিল৷ জনসাধাৰণৰ ব্যৱহাৰ যোগ্যকৈ বস্তু নিৰ্মাণ আৰু প্ৰসাৰত তেওঁ দক্ষতা প্ৰদৰ্শন কৰিছিল৷ সেইবাবেই তেওঁৰ দ্বাৰা বিকশিত বিজুলীবাটি মানুহৰ ঘৰে ঘৰে যাবলৈ সোনকালে সক্ষম হৈছিল৷ তেওঁৰ আনকেইটামান অতি গুৰুত্বপূৰ্ণ অৱদান হ’লঃ জনসাধাৰণে ভোট প্ৰদান কৰিব পৰা যন্ত্ৰ, ফ’ন’গ্ৰাফ – শব্দ বাণীবদ্ধ কৰিব পৰা বিশ্বৰ প্ৰথমটো সঁজুলী, বিদ্যুৎ শক্তি উৎপাদকৰ বিকাশ সাধন ইত্যাদি৷ গ্ৰাহাম বেলে নিৰ্মাণ কৰা বিশ্বৰ প্ৰথমটো টেলিফোনো পিছত এডিছনে বিকাশ সাধন কৰিছিল৷

আজি এডিছন বুলি ক’লে তেওঁৰ বিপৰীতে আন এজন মানুহৰ নামো বহুতো মানুহৰ মনলৈ আহে৷ সেইজন হ’ল নিক’লা টেচলা৷ টেচলা এডিছনৰ প্ৰতিদ্বন্দী হৈ উঠিছিল৷ তেওঁ কাম কৰিছিল এডিছনৰ কোম্পানীতে৷ বিদ্যুৎ সৰবৰাহৰ পদ্ধতি সম্পৰ্কে তেওঁলোক দুয়োৰে মাজত যুঁজ চলিছিল৷ এডিছনে টেচলাৰ পদ্ধতি গ্ৰহণ নকৰিছিল আৰু টেচলাক অৱমাননা কৰিছিল৷ এডিছনে টেচলাক অন্যায় কৰি টেচলাই তেওঁৰ কোম্পানীটো এৰি যাবলৈ প্ৰকাৰন্তে বাধ্য কৰিছিল৷ উদ্ভাৱক ৰূপে টেচলা বিচক্ষণ হ’লেও, পৰিচালনা বা বিপণন আদি ক্ষেত্ৰত তেওঁৰ গুণ এডিছনৰ দৰে নাছিল৷ টেচলা ক্ৰমে হেৰাই যোৱা দৰে হৈছিল৷ পাছলৈ কিন্তু টেচলাৰ পদ্ধতি গ্ৰহণযোগ্য বুলি প্ৰমাণিত হৈছিল আৰু সেই পদ্ধতিয়েই নিৰাপদ আৰু সুলভ বুলি বুজা গৈছিল৷ আজি আমি ব্যৱহাৰ কৰি থকা বিদ্যুৎ সৰবৰাহ হয় টেচলাৰ পদ্ধতিৰেহে৷ অৰ্থাৎ আমাৰ বিজুলীবাটি জ্বলে টেচলাই দিয়া উপায়েৰে৷ আন অলেখ বৈদ্যুতিক সঁজুলীত এই পদ্ধতি আজি ব্যৱহাৰ হৈ আছে৷ এতিয়া মানুহৰ মাজত টেচলাই নতুনকৈ তাৰকাৰ স্থান পাবলৈ আৰম্ভ কৰিছে৷ নতুন প্ৰজন্মৰ মনত তেওঁ এডিছনতকৈয়ো শ্ৰেষ্ঠতৰ স্থান অধিকাৰ কৰিবলৈ লৈছে৷ (টেচলাৰ পেটেণ্ট আছিল প্ৰায় তিনিশটা৷)

পঠনীয়:  ভৱিষ্যতৰ মানুহৰ বিবৰ্তন কেৱল জৈৱিক নহ'বও পাৰে

পিছে, আমি এতিয়া আন এটা দিশেৰে এডিছনক অতিক্ৰম কৰা দুজন মানুহৰ কথা ক’ব বিচাৰিছোঁ৷ এডিছনৰ জন্ম ১৮৪৭ চনত, মৃত্যু ১৯৩১ চনত৷ তেওঁৰ মৃত্যুৰ ৭২ বছৰ পাছলৈকে পেটেণ্টৰ মুঠ সংখ্যাত কোনেও তেওঁক অতিক্ৰম কৰিব পৰা নাছিল৷ কিন্তু, ২০০৩ চনত এজন বিজ্ঞানীয়ে তেওঁক অতিক্ৰম কৰিলে৷ তাৰ কেইবছৰমান পাছতে এইজন বিজ্ঞানীকো আন এজন বিজ্ঞানীয়ে অতিক্ৰম কৰিলে৷ পুনৰ ২০১৭ চনত প্ৰথমজন বিজ্ঞানীয়ে আনজনক অতিক্ৰম কৰিলে৷ তেওঁলোক হ’ল ক্ৰমে – চুনপেই য়ামাজাকি (Shunpei Yamazaki) আৰু কিআ চিলভাৰব্ৰ’ক (Kia Silverbrook)৷ শেহতীয়াকৈ, আন পাঁজনজনমান বিজ্ঞানীয়েও এডিছনক অতিক্ৰম কৰিছে৷ ২০১৮ চনলৈ চুনপেই য়ামাজাকিৰ মুঠ পেটেণ্ট প্ৰায় ৫৩০০ টা, আৰু কিআ চিলভাৰব্ৰ’কৰ মুঠ পেটেণ্ট প্ৰায় ৪৭০০ টা৷ যিটো কোনো কালে সম্ভৱ নহয় বুলি ভবা হৈছিল, সেইটো মাথোঁ ৭২ বছৰ পাছতে মানুহে দেখিবলৈ পালে৷ অৱশ্যে এটা কথা ঠিক, এই সকলোখিনিৰ পাছতো এডিছনৰ মহানতা নাইকীয়া হৈ নাযায়৷

কিন্তু এইসকলে ইমান কাম কৰাৰ পাছতো এডিছনৰ দৰে বিখ্যাত নহয় কিয়?

তথ্য-প্ৰযুক্তিৰ ব্যাপক বিকাশ হোৱা বাবে উদ্ভাৱিত বস্তুৰ ধৰণো সলনি হৈছে৷ আজিকালি সকলো উদ্ভাৱিত বস্তুৱেই যে খালি চকুৰে দেখা যাব বা পোনপটীয়াকৈ দেখা যাব তেনে নহয়৷ একোটা ডাঙৰ বস্তুৰ ভিতৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশও পেটেণ্ট হ’ব পাৰে৷ বহু ধৰণৰ কাম কৰিব পৰা চফ্টৱেৰ এটাৰ অংশবিশেষো পেটেণ্ট হ’ব পাৰে৷ ফলত সাধাৰণ মানুহে সেই বস্তুবোৰ নিজে ব্যৱহাৰ কৰি থাকিলেও, তাৰ লগত জড়িত পৃথক পৃথক উদ্ভাৱনবোৰৰ সম্পৰ্কে ধাৰণা কৰিব নোৱাৰে৷ সেইবাবে এই যুগৰ এই নতুন বস্তুবোৰৰ উদ্ভাৱকসকলৰ কাহিনী জনসাধাৰণৰ মাজত অজ্ঞাতে ৰৈ যায়৷ উদাহৰণস্বৰূপে, ফেচবুক ব্যৱহাৰকাৰীসকলে ফটো আপলোড কৰোঁতে ফটোখনত কেতিয়াবা কাৰোবাক টেগ কৰে৷ আপুনিও কেতিয়াবা কাৰোবাক নিশ্চয় টেগ কৰিছে বা আনেও আপোনাক কোনোবা ফটোত টেগ কৰা নিশ্চয় পাইছে৷ ফেচবুকত এইদৰে ফটোত টেগ কৰা কাৰ্যটো যে আপুনি কৰিব পাৰিছে, তাৰ বাবে ফেচবুকৰ লগত এটা কম্পিউটাৰ-প্ৰগ্ৰেম সংযুক্ত হৈ আছে৷ ফেচবুকৰ একেবাৰে প্ৰথম অৱস্থাত এই কামটো ব্যৱহকাৰীসকলে কৰিব নোৱাৰিছিল, কিন্তু এতিয়া পাৰে, (আৰু আন ৱেবছাইটত এতিয়াও নোৱাৰি)৷ ফটোত টেগ কৰিব পৰা এই ব্যৱস্থাটোৰ লগত এটা পেটেণ্ট জড়িত হৈ আছে৷ মাৰ্ক জুকাৰবাৰ্গৰ লগত আৰু দুজন ব্যক্তি, মুঠতে তিনিজন ব্যক্তিয়ে এইটো উদ্ভাৱন কৰিছিল৷ এই উদ্ভাৱনটোৰ বাবে ফেচবুকে ইয়াৰ পেটেণ্ট অধিকাৰ কৰিছে৷ যিটো উদ্ভাৱনৰ কথা আনে বুজাই নক’লে সকলোৱে নিজে অনুধাৱন কৰিব নোৱাৰে৷ এনেদৰে আমি ব্যৱহাৰ কৰি থকা ফেচবুকতে কেইবা হাজাৰ পেটেণ্ট জড়িত হৈ আছে৷ চুনপেই য়ামাজাকি আৰু কিআ চিলভাৰব্ৰ’ক কম্পিউটাৰ-বিজ্ঞান তথা তথ্য-প্ৰযুক্তিৰ লগত জড়িত এনে ধৰণৰ বিভিন্ন বস্তুৰ উদ্ভাৱক৷ গুগলৰ অধীনতেই এওঁলোক দুজনৰ কেইবাটাও পেটেণ্ট আছে৷

ইমানবোৰ উদ্ভাৱনৰ পাছতো চুনপেই য়ামাজাকিৰ নামটো কিয় জনাজাত নহয়, সেই সম্পৰ্কে কিআ চিলভাৰব্ৰ’কে কৈছিল – “উদ্ভাৱক হিচাপে তেওঁৰ নামটো আপুনি নুশুনাৰ প্ৰধান কাৰণ হ’ল সেই উদ্ভাৱনৰ কৃতিত্ববোৰ Apple, HP, Dell, Microsoft, Acer, Xiaomi, Huawei, Lenovo, LG, Samsung আদি ডাঙৰ ডাঙৰ ব্ৰেণ্ডবোৰে লয়, যিবোৰে সেই উদ্ভাৱনবোৰ ব্যৱহাৰ কৰি উন্নত সঁজুলি গ্ৰাহকৰ হাতত তুলি দিয়ে”৷ আজিকালিৰ উন্নত সঁজুলিবোৰ কেৱল এজন মানুহে নিৰ্মাণ কৰাটো সম্ভৱ নহয়৷ বহুতো উদ্ভাৱক, অভিযন্তা, বিজ্ঞানী লগ হৈ পৃথক পৃথক বিষয়ৰ বিবিধ বস্তুৰ মাজত সমন্বয় স্থাপন কৰিহে একোটা উন্নত সঁজুলি নিৰ্মাণ কৰিব পাৰি৷ উদাহৰণস্বৰূপে আমি হাতত লৈ থকা স্মাৰ্ট ফোনটো যিটো কোম্পানীৰ লওঁ, তাৰ উদ্ভাৱক সেই কোম্পানীটো বুলি ধৰি লওঁ৷ কিন্তু ফোনটোত আঙুলি বুলাই বিভিন্ন কাম কৰা, বিভিন্ন বস্তুবোৰ স্ক্ৰীণত আমি দেখা পোৱা আদিতেই বহুকেইটা পৃথক পৃথক উদ্ভাৱন/পেটেণ্ট জড়িত হৈ আছে, যিবোৰ উদ্ভাৱন কৰিছে বেলেগ বেলেগ মানুহে৷ এনেধৰণৰ বহুতো বস্তু উদ্ভাৱন চুনপেই য়ামাজাকি আৰু কিআ চিলভাৰব্ৰ’কে কৰিছে৷ উদাহৰণস্বৰূপে, আমি আজিকালি মোবাইলেৰে প্ৰায় প্ৰতিদিনেই ফটো তোলো৷ মানুহ এজন বা গ্ৰুপ এটাৰ ফটো তোলা সময়ত মোবাইলৰ কেমেৰাটোৱে যেতিয়া নিজে নিজে মানুহৰ মুখবোৰ, চকুবোৰ বিচাৰি লয়, তেতিয়া আমি কিআ চিলভাৰব্ৰ’কৰ এটা অৱদান ব্যৱহাৰ কৰি থাকোঁ৷

পঠনীয়:  কলম্বাছৰ সাধু

কিআ চিলভাৰব্ৰ’কে আকৌ কৈছে যে – এডিছনৰ দিনত নতুন বস্তুবোৰৰ মানদণ্ড আজিৰ নতুন বস্তুবোৰৰ তুলনাত তেনেই নিম্ন আছিল বাবে সাধাৰণ বুদ্ধিৰ মানুহেও সেইবোৰ বুজি পাইছিল৷ এডিছনৰ পেটেণ্ট একোটাৰ বিষয়ে বুজাবলৈ মাথোঁ এটা বা দুটা পৃষ্ঠা আৰু এটা চিত্ৰই যথেষ্ঠ আছিল৷ সাংবাদিকসকলেও সেইবোৰ সহজে বুজি পাইছিল৷ তাৰ বিপৰীতে মোৰ সৰহভাগ পেটেণ্টৰ বৰ্ণনা দিবলৈ শতাধিক পৃষ্ঠা আৰু জটিল জটিল বৈজ্ঞানিক পদ দৰকাৰ হয়, যিবোৰ এডিছনৰ সময়ত নাছিলেই৷ যিবোৰ কথা এবাৰ চালেই বুজি পোৱাটো সম্ভৱ নহয়৷ ইয়াৰে কিছুমান পেটেণ্ট ইমান উন্নতমানৰ যে সেইবোৰৰ ব্যাপক ব্যৱহাৰ কুৰি-পঞ্চাছ বছৰৰ ভৱিষ্যতৰ পৃথিৱীতহে সম্ভৱ হ’ব৷ এইবোৰেই কাৰণ, যাৰ বাবে চুনপেই য়ামাজাকি বিখ্যাত নহয়৷
কিআ চিলভাৰব্ৰ’কৰ নিজৰ ক্ষেত্ৰতো একেখিনি কথাই খাটে৷

কিআ চিলভাৰব্ৰ’ক জন্ম হৈছিল ১৯৫৮ চনত, অষ্ট্ৰেলিয়াত৷ ১৯ বছৰ বয়সত তেওঁ অষ্ট্ৰেলিয়াতে অৱস্থিত এটা বিশ্বমানৰ ডিজিটেল অডিঅ’ কোম্পানীত নিযুক্ত হয়৷ এই কোম্পানীটো কিছুমান ডিজিটেল অডিঅ’ সা-সঁজুলি নিৰ্মাণৰ বাটকটীয়া আছিল৷ যিবিলাক বস্তু বিখ্যাত সংগীত-শিল্পীসকলে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ, Canon-এ অষ্ট্ৰেলিয়াত প্ৰতিষ্ঠা কৰা কোম্পানীটোৰ এটা গৱেষণা প্ৰতিষ্ঠানৰ কাৰ্যবাহী পৰিচালক ৰূপে নিযুক্ত হৈছিল৷ অভিনৱ সঁজুলি নিৰ্মাণ তথা গৱেষণাৰ বাবে তেওঁ নিজে কেইবাটাও কোম্পানী প্ৰতিষ্ঠা কৰিছে৷ এই প্ৰতিটোৱেই পৃথক পৃথক ক্ষেত্ৰৰ – কম্পিউটাৰ গ্ৰাফিক্স, ছপা আখৰ বা ছবি কম্পিউটাৰে ডিজিটেল ৰূপত আয়ত্ব কৰিব পৰা ব্যৱস্থা, চিকিৎসকৰ সহায়ক হোৱাকৈ মানৱ জিন বিশ্লেষণৰ ব্যৱস্থা, আধুনিক ছপা ব্যৱস্থা, সৌৰ শক্তিৰ ব্যৱহাৰ, ইণ্টাৰনেট চফ্টৱেৰ নিৰ্মাণ ইত্যাদি৷ তেওঁৰ উদ্ভাৱনসমূহো কেইবাটাও সম্পূৰ্ণ পৃথক পৃথক ক্ষেত্ৰৰ৷ বিভিন্ন পৃথক পৃথক বিষয়ৰ জ্ঞান আহৰণে তেওঁক এজন শ্ৰেষ্ঠ উদ্ভাৱক হোৱাত সহায় কৰিছে৷

চুনপেই য়ামাজাকিৰ জন্ম ১৯৪২ চনত, জাপানত৷ জাপানৰ এটা ঐতিহ্যমণ্ডিত প্ৰতিষ্ঠানৰ পৰা তেওঁ অভিযান্তিকী-বিদ্যাৰ স্নাতকোত্তৰ ডিগ্ৰী লয় আৰু একেটা প্ৰতিষ্ঠানৰ পৰাই ২৯ বছৰ বয়সত ডক্টৰেট ডিগ্ৰী লয়৷ ২৯ বছৰ বয়সলৈ তেওঁ ১৩০ টা পেটেণ্ট লাভ কৰে৷ ১৯৮০ চনত তেওঁ এটা পৰীক্ষাৰগাৰ প্ৰতিষ্ঠা কৰে, আৰু তেতিয়াৰ পৰাই সেই প্ৰতিষ্ঠানৰ অধ্যক্ষ ৰূপে কাৰ্যনিবাহ কৰি থকাৰ লগতে আন কেইবাটাও সন্মানীয় প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত৷

ছাত্ৰাৱস্থাত গৱেষণা-কালত চুনপেই য়ামাজাকিক তেওঁৰ তত্বাবধায়ক অধ্যাপকগৰাকীয়ে কেইবাটাও বিশেষ গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছিল৷ জাপান এনেকুৱা এখন দেশ, যিখন দেশ অতি সামান্য প্ৰাকৃতিক সম্পদৰহে গৰাকী৷ সেয়েহে সম্পূৰ্ণ বিশুদ্ধ মন আৰু স্বচ্ছ দায়িত্ববোধেৰে সমস্যাবোৰৰ মুখামুখি হ’বলৈ অধ্যাপকগৰাকীয়ে শিক্ষা দিছিল৷ তেওঁৰ আদৰ্শৰেই চুনপেই য়ামাজাকিয়ে নিজৰ পৰীক্ষাগাৰ কৰ্মীসকলক বিশ্বাসযোগ্য আৰু স্থায়ীত্বপূৰ্ণ প্ৰযুক্তি বিকাশৰ শিক্ষা প্ৰদান কৰে৷ সমাজৰ উন্নতিৰ বাবে এইসমূহ কথা অতি দৰকাৰি৷

ডক্টৰেট ডিগ্ৰী লৈয়েই চুনপেই য়ামাজাকিয়ে এটা বহুজাতিক জাপানী ইলেক্ট্ৰনিক্স কোম্পানীত কাম কৰিছিল৷ তাৰ মুৰব্বীজনৰ পৰা তেওঁ “Shuhari” বুলি এটা কৌশলৰ শিক্ষা লাভ কৰিছিল৷ এই শব্দটো তিনিটা চীনা চিহ্নৰে গঠিত: Shu, Ha, আৰু Ri. ইহঁতে জাপানী মাৰ্চিয়েল আৰ্টত শ্ৰেষ্ঠত্ব অৰ্জনৰ বাবে আয়ত্ব কৰিবলগীয়া স্তৰসমূহো বুজায়৷ এই চিহ্ন তিনিটাৰে পদ্ধতিটো ব্যাখ্যা কৰা হয় এনেদৰে:

Shu (কৰ্ষণ কৰা) – এটি বিশাল-বিস্তৃত প্ৰেক্ষাপট লৈ, খোলা আৰু বিশুদ্ধ মনেৰে বস্তুবোৰ লক্ষ্য কৰা৷ মৌলিক, গতানুগতিক নিয়মখিনি শিকি পেলোৱা৷

Ha (বিচ্ছিন্ন কৰা) – বিভিন্ন দৃষ্টিকোণৰ সমস্যাসমূহ গভীৰ লক্ষ্যৰে সমাধান কৰা৷ আত্ম-মোহ জনিত ভ্ৰমৰ পৰা মুক্ত হোৱা৷

নতুনত্ব আৰম্ভ হয় এইখিনিৰ পৰাই৷ প্ৰথমটো কেৱল শিক্ষণৰ স্তৰহে আৰু কেৱল সেই স্তৰত থাকি গ’লে পুৰণি কৌশলত সম্পূৰ্ণ বিজ্ঞ হৈ উঠিলেও পৰম্পৰাগত নিয়ম অনুসৰণ কৰি চলি যোৱাৰ বাহিৰে গত্যন্তৰ নাই৷

Ri (মুক্ত হোৱা) – সোঁত বা প্ৰবৃত্তিক অধ্যয়ন কৰি নৱ সুযোগক আকৰ্ষণ কৰা৷ পুৰণি কৌশল, পৰম্পৰাগত দক্ষতা সকলো অতিক্ৰম কৰি সৰ্বোৎকৰ্ষ প্ৰদৰ্শন কৰা৷

এইখিনিতেই মানুহ নতুন সৃষ্টিৰ সৈতে সংলগ্ন হৈ পৰে৷ এইটো স্তৰত তেওঁ নিজেই নিয়মত পৰিণত হয়, তেওঁ প্ৰতিষ্ঠা কৰে নতুন ধাৰা৷

 

কিআ চিলভাৰব্ৰ’ক৷ Featued imageত চুনপেই য়ামাজাকি

No Comments

Post A Comment