১৯৫৭ চনত সেই সময়ৰ ছোভিয়েট ৰাছিয়াই বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ স্পুটনিক মহাকাশলৈ উৎক্ষেপণ কৰোঁতে কোনোবাই ঠাট্টা কৰিছিলনে? ধাৰণা হয়— নিশ্চয় কৰিছিল। এবাৰ ক’ৰবাত পঢ়া মনত পৰে – ৰাইট ভাতৃদ্বয়ে মানবচালিত প্ৰথমখন বিমান নিৰ্মাণ কৰি উৰণৰ পৰীক্ষণ কৰোঁতেও হেনো বহুতে ঠাট্টা কৰিছিল। ইমান দূৰলৈ বা ইমান...

২০০২ চনত প্ৰতি নিযুত জনতাৰ বিপৰীতে ভাৰতত গৱেষকৰ সংখ্যা আছিল ১১২ জন; আনহাতে চীনৰ এই সংখ্যা আছিল ৬৩৩ জন আৰু আমেৰিকাৰ আছিল ৪৩৭৪ জন৷ এই তথ্য ৰাষ্ট্ৰীয় জ্ঞান আয়োগ (National Knowledge Commission) ৰ৷ (http://knowledgecommission.gov.in/downloads/recommendations/NoteMoreQualityPhD.pdf ৷) শেহতীয়া আন এক তথ্য অনুসৰি, প্ৰতি নিযুত লোকৰ বিপৰীতে ভাৰতত...

প্ৰেক্টিকেল, চেমিনাৰ, Assignment আদিৰ নম্বৰবোৰ বহুতো শিক্ষক বা অধ্যাপকে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰে। ইয়াৰ বাবে তেওঁলোকে কিছুমান পৰম্পৰা নিৰ্ধাৰণ কৰি লয়, যিবোৰে সমাজ বা শিক্ষা-ব্যৱস্থাক বহু অনিষ্ট কৰি আহিছে। আমি ৰাজনৈতিক নেতাৰ দুৰ্নীতিৰ বিৰুদ্ধে সততে সোচ্চাৰ হৈ থাকোঁ, কিন্তু শিক্ষক-অধ্যাপকৰ দুৰ্নীতিৰ কথাত সদাই নিমাত...

* আপুনি কি ত্যাগ কৰা উচিত, সেই বিষয়ে জনাৰ পৰিৱৰ্তে আপুনি কি গ্ৰহণ কৰা উচিত সেইটো বিচাৰি উলিওৱাটোহে সকলোতকৈ কঠিন কাম। * জীৱনৰ বিফলতাবোৰে মোক আচল বন্ধু বিচাৰি পোৱাত সহায় কৰিছিল। মই প্ৰকৃত বন্ধুবোৰ আৰু সম্বন্ধবোৰৰ সততা এনেবোৰ সময়তেই পৰীক্ষা কৰি চোৱাৰ সুযোগ পাইছিলো। * বিফলতাৰ পৰা...

* সকলো ফালৰ পৰা মুক্ত আৰু সঁচা অৰ্থত এজন স্বাধীনচিতীয়া ব্যক্তিক চাৰিও দিশৰ পৰাই শিকলি লগাবলৈ চেষ্টা কৰাটো প্ৰায় সকলো সমাজ বা জাতিৰ এটা স্বভাৱজাত বৈশিষ্ট। প্ৰথমতে তেওঁলোকে শিকলি লগাবলৈ বিচৰা স্বাধীনচিতীয়া ব্যক্তিজনৰ কাম-কাজত কুঠাৰাঘাত কৰিবলৈ চেষ্টা কৰে। আৰু যদিহে ইয়াত কৃতকাৰ্য নহয়, তেন্তে তেওঁৰ...

গৌতমে নিশাৰ ভাতমুঠি খাই ঘামিজামি চিলিং ফেনখনৰ একেবাৰে ঠিক তলতে চকী এখন পাৰি বঢ়িবলৈ লওঁতেই কাৰেণ্টটোৱে ভুৰুং কৰিলে। খঙতে সি সেই আন্ধাৰতে দাঁতকেইটা কামুৰি উঠিল আৰু আন্দাজ মতে দুৱাৰখন খেপিয়াই খেপিয়াই খুলি চকীখন এহাতে দাঙি লৈ বাহিৰত বহিবলৈ বুলি ওলাই গ’ল। চকীত বহোঁতেই এছাটি বতাহে...