‘শান্তি স্বৰূপ ভাটনাগৰ বঁটা’ ইতিমধ্যে বন্ধ হৈছে। এই বঁটা বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদে (CSIR) প্ৰদান কৰিছিল আৰু CSIR ৰ প্ৰতিষ্ঠা দিৱস ২৬ ছেপ্তেম্বৰত সদায় ঘোষণা কৰা হৈছিল। এই বঁটা বিজ্ঞানৰ মুঠতে সাতটা বিষয়ত দিয়া হৈছিল আৰু প্ৰতিবাৰে প্ৰতিটো বিষয়ত সৰ্বাধিক দুজনক বঁটা প্ৰদান কৰা...

‘অসম গণিত শিক্ষায়তন’-এ ১৯৮৭ চনৰ পৰা প্ৰকাশ কৰি অহা দ্বি-ভাষিক আলোচনী ‘গণিত বিকাশ’-এ বহুকেইটা প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। ইয়াৰ ভিতৰত ড৹ অনুপম শইকীয়াৰ দৰে ৰেংলাৰ, প্ৰসিদ্ধ গণিতজ্ঞও আছে। আৰম্ভণি কালৰ পৰাই এইখন বিভিন্ন স্তৰৰ শিক্ষক, অধ্যাপকৰ বাবেও এখন সন্মানীয় আলোচনী। মই স্নাতক ডিগ্ৰীৰ প্ৰথম বৰ্ষত থাকোঁতে শিক্ষায়তনৰ...

(সাহিত্য ডট্‌ অৰ্গৰ ২০১৪ চনৰ এটা সংখ্যা সম্পাদনা কৰিছিলোঁ। সেই সংখ্যাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ তেতিয়াৰ উপাচাৰ্য মিহিৰ কান্তি চৌধুৰীৰ এটা সাক্ষাৎকাৰ লৈছিলোঁ। পাছত সেইটো 'আমাৰ অসম' কাকততো প্ৰকাশ পাইছিল। ইয়াৰ ইংৰাজী অনুবাদ গণিত চ'ৰাত প্ৰকাশ পাইছিল। মূল অসমীয়া সাক্ষাৎকাৰটো মোৰ ব্লগতো সংগ্ৰহ কৰি ৰাখিলোঁ। পৰিচয়...

তলৰ উদ্ধৃত কথাখিনি ডা৹ ধ্ৰুৱজ্যোতি বৰাই ২০০৩ চনত ‘গৰীয়সী’ত এটা প্ৰবন্ধৰ আৰম্ভণিতে লিখিছিলঃ “সঁচাকৈয়েই আচৰিত আছিল যোগাযোগটো। সঁচাকৈয়ে আচৰিত যোগাযোগ। পোন প্ৰথমবাৰৰ বাবে কয়েৎজেক আৱিষ্কাৰ কৰাটো মোৰ বাবে আচৰিত যোগাযোগেই আছিল। অভাৱনীয়ভাৱে আচম্বিতে হৈছিল এইটো। তাৰ আগলৈকে ম‍ই কয়েৎজেৰ নামেই শুনা নাই। তেনে নামৰ লিখক এজনৰ অস্তিত্ব আছে...

অসম সাহিত্য সভাই তথ্য-প্ৰযুক্তি সম্পৰ্কীয় কাম-কাজৰ বাবে এখন সমিতি গঠন কৰিছে। আজি গধূলি (০২-০৫-২০২৩) সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়, ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সভাপতি আৰু প্ৰধান-সম্পাদককে আদি কৰি সমিতিৰ কাৰ্যকৰ্তাৰ এখন বৈঠক অনুষ্ঠিত হ’ব। তেওঁলোকে ল’ব বিচৰা নটামান পদক্ষেপ আৰু সমিতিখনৰ সম্পৰ্কীয় এটা বাৰ্তা সমিতিৰ...

আকস্মিকভাবে গুণোৎসৱ আয়োজন কৰিলে আৰু অধিক ভাল ফলাফল ওলাব। চৰিয়াৰ পৰা জপিয়াই এজাক পোণা-মাছ বাহিৰ হোৱা দৰে জাপে জাপে প্ৰশ্ন-কাকত ফাদিল হোৱা অৱস্থাত এই গোপনীয়তা ৰক্ষা কৰাটো সম্ভৱ হ’ব নে নহয় জনা নাযায়। কিন্তু অসম্ভৱো নহয়। পুৱা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উপস্থিত হৈ দেখা পাইছে...