নিৰ্দিষ্ট স্থানত প্ৰয়োগ হোৱা আটাইতকৈ উপযুক্ত শব্দবোৰে আৰু নাটকীয়তাই মানুহক যুগে যুগে আকৰ্ষিত কৰি আহিছে। প্ৰসিদ্ধ তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞ ফ্ৰিমেন ডাইছনে বিশেষ কিবা এটা আৱিষ্কাৰ কৰাৰ মুহূৰ্তটোৰ কথা বৰ্ণনা কৰি এটা বক্তৃতাত কৈছিল যে— “মই ৰামানুজনক দুটা কথাৰ বাবে ধন্যবাদ দিছিলোঁ। বিভাজনৰ সৰ্বসম বৈশিষ্ট্য...

UPSC ৰ এইবাৰৰ ৰিজাল্টটোৱে অসমত বিভিন্ন খবৰৰ ভিৰত বৰ বেছি চৰ্চা লাভ নকৰিলে। সেয়া যি নহ'লেও, UPSC বা APSC ৰ প্ৰশাসনিক সেৱাৰ ৰিজাল্ট যেতিয়া ওলায়, তেতিয়া দুটা কাহিনী প্ৰায়ে মোৰ মনলৈ আহি থাকে। এটা কাহিনী এজনী ছোৱালীৰ আৰু আনটো কাহিনী এজন ল’ৰাৰ। এবাৰ মই এঠাইত পঢ়ি...

ড° ৰুবুল মাউত এজন প্ৰসিদ্ধ বিজ্ঞানী আৰু ‘মোৰো এটা সপোন আছে’ নামৰ বহুপঠিত গ্ৰন্থখনৰ লেখক। খুৱ কম সংখ্যকেহে গম পোৱা তেওঁৰ আন এটা বৈশিষ্ট্য হৈছে তেওঁ বহুতো ‘বাহিৰা কিতাপ’ পঢ়ে। দুবাৰমান বিভিন্ন কিতাপ সম্পৰ্কীয় তেওঁৰ বক্তব্য শুনি মোৰ এনেকুৱাও ধাৰণা হয় যে তেওঁৰ সমান কিতাপ...

বিজ্ঞান বুলি ক’লে, আমি প্ৰকৃতিৰ নিখুঁত সত্যৰ কথা বুজো। কিন্তু বিজ্ঞানৰ বিকাশৰ ইতিহাস কেৱল প্ৰাকৃতিক সত্যৰ দ্বাৰাই পৰিচালিত হৈ অহা নাই। বিজ্ঞানৰ বিকাশত বিভিন্ন কাৰকে প্ৰভাৱ পেলাই আহিছে। অৰ্থাৎ বিজ্ঞানৰ যি ইতিহাস, সেই ইতিহাস প্ৰকৃততে যেনেকুৱা হ’ব লাগিছিল, সি প্ৰাকৃতিকভাৱেই সম্পূৰ্ণ তেনেকুৱা হৈয়েই অহা নাই।...

অয়ন নাথ নামটো সংবাদ-মাধ্যমত বহুত বেছি পৰিচিত নহয়, কিন্তু তেওঁ হৈছে এমআইটিত (MIT, Massachusetts Institute of Technology) পঢ়িবলৈ সক্ষম হোৱা অতিকে কম সংখ্যক অসমীয়াৰ ভিতৰত এজন। মোৰ হাতত সঠিক তথ্য নাই, কিন্তু কেইবাজনৰ মুখত শুনা অনুসৰি, এমআইটিত গণিতৰ পিএইচডি কৰিবলৈ সক্ষম হোৱা তেওঁ একমাত্ৰ অসমীয়া। অয়নৰ...