“আপুনি জানিছিলনে যে পৃথিৱীৰ অন্য যিকোনো চহৰৰ তুলনাত পেৰিছতে সকলোতকৈ অধিক সংখ্যক গণিতজ্ঞ আছে? আৰু গণিতজ্ঞৰ নামেৰে বিশ্বৰ আন যিকোনো চহৰতকৈ অধিক সংখ্যক পথো আছে বুলি? আৰু যদি আপুনি ফিল্ডছ মেডেলৰ পৰিসংখ্যালৈ চায়— যিটোক প্ৰায়ে গণিতৰ ন’বেল বঁটা বুলিও কোৱা হয় আৰু সদায় চল্লিছ বছৰতকৈ...

সৌৰভ কুমাৰ চলিহাৰ “অশান্ত ইলেক্ট্ৰন”ৰ “জ্যামিতি” নামৰ গল্পটোৰ “ক” চৰিত্ৰটোলৈ মনত পৰেনে?? সি “খ”ৰ প্ৰেমত পৰিছিল, আৰু বন্ধু “গ”ৰ লগত কথাবোৰ আলোচনা কৰিছিল আৰু দুয়ো একেলগে বহি “খ”ক চাইছিল। “খ”ইয়ো কোনো একোবাৰ পাৰহৈ মিচিকিয়াই থৈ গৈছিল; আৰু অলপ পাৰহৈ পিছপিনৰ যানবাহনলৈ কেইবাবাৰো চাইছিল...

দূৰ অতীতত কাহানিবা লগ পোৱা দূৰ সম্পৰ্কীয় মানুহ একোজন ক'ৰবালৈ আহি হঠাতে আপোনাৰ ঘৰতো আলহী খাই যোৱা পৰিস্থিতিৰ অভিজ্ঞতা নিশ্চয় বহুতৰে হৈছে৷ তেনে আলহীয়ে পুৰণি কথা-বতৰাৰ পেৰাটো মোকোলাই বহু বিচিত্ৰ বস্তু দি থৈ যায়৷ তাৰে একাংশ তিৰবিৰ মুকুতা সদৃশ আপুৰুগীয়া আৰু আনটো অংশ এলান্ধুকলীয়া চেকাৰে...

বৰপেটা কীৰ্তনঘৰত মহিলা প্ৰৱেশৰ নিষেধ দূৰ কৰা সম্পৰ্কত বহুবছৰ ধৰি মন্দা পৰি থকা আলোচনা পুনৰ বহু সক্ৰিয় হৈ উঠিছে, ভাল কথা৷ ফেইচবুক পাৰ হৈ কাকত, চেনেল, আলোচনী সকলোতে সজোৰে আলোচনা আৰম্ভ হৈছে৷ আনহাতে, কিছুসংখ্যকে চ’ছিয়েল নেটৱৰ্কিং ছাইটত এনেধৰণৰ আপডেট দিয়া কেইবাদিনৰ পৰা দেখি আছোঁ যে...

যিখন ৰাজ্যত সাহিত্য সভাৰ নামত "সাহিত্য কৰ্মী"য়ে গুৰিয়াগুৰি, ঘুচিয়াঘুচি খেলে; সাহিত্য অকাডেমী বঁটা দুই নম্বৰী ধাণ্ডা কৰি ঘটে; কিতাপ জমা দিয়াৰ শেষ তাৰিখৰ তিনিমাহৰ পিছত প্ৰকাশিত কিতাপে বঁটা লুটি অনা বুলি স্পষ্ট হৈ পৰাত ইমান তালফাল লগাৰ পিছতো "প্ৰতিভাৱানে" বঁটাতো খামুচি ধৰিয়েই থাকে; "বৌদ্ধিক" মানুহৰ...

অহা দেওবাৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল৷ ভাৰত আৰু পাকিস্তানৰ মাজত! আমি কলেজত থাকোঁতে ভাৰত আৰু পাকিস্তানৰ মাজত কেইবাখনো খেল হৈছিল৷ বিশ্বকাপো আছিল৷ প্ৰাইভেট হোষ্টেলত আছিলোঁ৷ তেতিয়া আন সুবিধা নাছিল বাবে, প্ৰাইভেট হোষ্টেলত থকা ল'ৰা-ছোৱালীৰ বহুতে টাউনলৈ গৈ টিভিৰ ডিলাৰবিলাকৰ সমুখত ৰৈ ৰৈ খেল চায়৷ মোৰ খেলত সিমান...