‘অপূৰ্ব শৰ্মাৰ গল্প সমগ্ৰ’ত সন্নিবিষ্ট এটা প্ৰসংগ হৈছে-- তেওঁ প্ৰচলিত অৰ্থত জনপ্ৰিয় সাহিত্যিক নহয় আৰু ইয়াৰ অন্যতম কাৰণ হৈছে, তেওঁ বছৰত মাথোঁ এটামান গল্পহে লিখে। কেতিয়াবা সেয়াও নিলিখে। (এয়া কিন্তু অৱসাদগ্ৰস্ততা ধৰণৰ কাৰণত নহয়। বৰং তাৰ ওলোটাটোহে।) ফলত গোটেই জীৱনকালত তেওঁ মাথোঁ পঞ্চাছটামানহে গল্প লিখিব...

[অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনা, ২০২৩ চনৰ ০১ ফেব্ৰুৱাৰীত, মূল মঞ্চত এখনি ‘ডিজিটেল সাহিত্য সন্মিলন’ অনুষ্ঠিত হয়। সন্মিলনখনৰ এগৰাকী নিমন্ত্ৰিত অতিথি ৰূপে মোৰ নিৰ্ধাৰিত বিষয় আছিল: ‘অসমীয়া ই-আলোচনী আৰু ইয়াৰ গতি-প্ৰকৃতি’। আয়োজকৰ খেলিমেলিৰ বাবে, অনুষ্ঠানটোত বক্তাসকলে চমুকৈ বক্তব্য দাঙি ধৰিব লগা হয়।...

সেই বাতৰিবোৰ এইবাৰ পুনৰ ওলোৱা আৰম্ভ হৈছে। কাৰণ, এইবাৰৰ তালিকা কেইদিনমান পূৰ্বে প্ৰকাশ পাইছে। আচলতে, ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ দুই শতাংশ শ্ৰেষ্ঠ বিজ্ঞানী বুলি একো নাই। আমাৰ ইয়াত এইটো প্ৰথমে কোনে উলিয়াই দিলে ঠিক নাই, এতিয়া প্ৰতিবছৰে অসমত বা ৰাষ্ট্ৰীয় কাকত কিছুমানতো এইটো চলি...

ষ্টেণ্ড কৰা ছাত্ৰ-ছাত্ৰীতকৈ ৬০ শতাংশ পোৱা একোজনেও অধিক কাম কৰিব পৰা হয়গৈ কিয়? সাধাৰণতে এইটোৱেই দেখা যায়। আনকি দ্বিতীয় বিভাগত উত্তীৰ্ণজনেও অতি বেছি কাম সম্ভৱপৰ কৰি তুলিব পাৰে। কিয় এনেকুৱা হয়? আঙুলিৰ মূৰত লিখিব পৰা দুজনমানহে স্থানপ্ৰাপক ওলায় যি বিশেষ কাম কৰে, আৰু সেয়াও আনে...

বহুতো ব্যক্তিয়ে কৈ থাকে যে “হীৰেন গোহাঁইয়ে সৌৰভ কুমাৰ চলিহাৰ গল্পক তাড়ীখানাৰ গল্প বুলি কৈছিল”। এই কথাটো শুদ্ধ নহয়। প্ৰকৃততে বাক্যটো কি আছিল? বাক্যখিনি আছিল— “সৰ্বশেষ সংকলন—‘এহাত ডাবা’—তাৰে দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ। সেইবোৰ সংকলনত সুমোৱাৰ কাৰণ নিশ্চয়—‘গভীৰ’ বা ‘মহৎ’ কলাৰ ধাৰণাৰ প্ৰতি মুখ ভেঙুচালি...

হোমেন বৰগোহাঞি: কেইজনমান লেখকৰ নাম বা উপাধিকেইটাই তথা সেইসমূহ উচ্চাৰণ কৰোঁতে সৃষ্টি হোৱা ধ্বনিবোৰে সৰুকালত মোৰ মনত এটা বেলেগ প্ৰভাৱ পেলাইছিল৷ যেনেঃ পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, নলিনীবালা দেৱী, ……৷ ডাঙৰ সাহিত্যিকসকলৰ নামবোৰ জন্মৰ পৰাই বেলেগ হয় বুলি ধাৰণা এটা মনত লাগি ধৰিছিল৷...