মই পঢ়া এমঃইঃ স্কুলখন বিভিন্ন কাৰণত একদম বেয়া আছিল৷ যোৱা বছৰ সৰু ল'ৰা এজনক লগ পালোঁ৷ ল'ৰাজনক ইটো-সিটো সুধি আছিলোঁ - এতিয়া ক'ত পঢ়ি আছা, কি বিষয় পঢ়িছা, হাইস্কুল ক'ত পঢ়িছিলা, এমঃইঃ-এলঃপিঃ ক'ত পঢ়িছিলা ইত্যাদি৷ তেওঁ এমঃইঃ স্কুলখনৰ নামটো কোৱাত সুধিলোঁ - "স্কুলখন কেনেকুৱা? ভাল...

শিৱসাগৰৰ ঘটনাটোৰ বাতৰি ওলোৱা পাছত মানসিকভাৱে বেয়া স্বাস্থ্যৰ মানুহ সামাজিক যোগসূত্ৰ মাধ্যমতো দেখা পোৱা গৈছে৷ কালি এটা টক শ্ব'ত মানসিক ৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে মানসিকভাৱে স্বাস্থ্যৱান মানুহ এজনৰ কি কি বৈশিষ্ট থাকে সেই সম্পৰ্কে এটা কথা কৈছিল৷ তেওঁ কৈছিল যে বিশ্ব স্বাস্থ্য সংস্থাই মানসিকভাৱে সুস্থ...

ইণ্টাৰনেট তথা কম্পিউটাৰ-বিজ্ঞান জগতখন সাংঘাটিক তীব্ৰ গতিৰে সলনি হৈছে৷ নতুন নতুন বস্তু ওলাই আছে৷ বিশ্বৰ প্ৰথমটো ৱেবছাইট নিৰ্মাণ কৰা আজি ৩০ বছৰো হোৱা নাই৷ আচৰিত যেন লাগিলেও কথাটো সঁচা৷ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমটো কম্পিউটাৰ-বিজ্ঞান বিষয়ৰ ক'ৰ্চ যিটো বছৰত আৰম্ভ হৈছিল, সেইটো বছৰত অসম আন্দোলনৰ প্ৰাকক্ষণৰ...

এবাৰ গুৱাহাটীৰ কোনোবা এখন কলেজ নে আন প্ৰতিষ্ঠান এটাই ফাংচনলৈ Vengaboysক নিমন্ত্ৰণ কৰিছিল৷ লগে লগে, Vengaboys অশ্লীল আৰু আমাৰ সংস্কৃতিৰ পৰিপন্থী বুলি বিতৰ্কত হুলস্থুল লাগি গৈছিল৷ বহুতৰ নিশ্চয় মনত আছে৷ নিউজ চেনেল, ফে'চবুক আদি আহিবলৈ তেতিয়া কেইবছৰমান বাকী আছিল৷ কিন্তু বাতৰি-কাকতেই সেই উত্তেজনা, উৎকণ্ঠা কঢ়িয়াই...

"এয়া ১৯৩৮ চনৰ কাহিনী৷ কেৰোলি নামৰ এজন মানুহ আছিল৷ হাঙ্গেৰীয় আৰ্মি (Hungarian Army)৷ আৰু তেওঁ সেই দেশৰ সৰ্বশ্ৰেষ্ঠ পিষ্টল শ্বুটাৰ আছিল৷ সেই দেশত যিমানবোৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, তেওঁ ইতিমধ্যে সেইবোৰত বিজয় সাব্যস্ত কৰিছিল৷ আৰু সকলোৱেই প্ৰায় নিশ্চিতই আছিল, ১৯৪০ত হ'বলগীয়া অলিম্পিকত স্বৰ্ণপদক কেৰোলিয়েই...

বিশ্ববিখ্যাত চহৰ লছ এঞ্জেলছৰ ৰেস্তোৰাবোৰত যিসকল লগুৱা বা ৰান্ধনী থাকে, তেওঁলোক হেনো চহৰখনলৈ প্ৰথমে যায় অভিনয় কৰি বিশ্ববিখ্যাত হ'বৰ বাবে৷ আৰু চলচিত্ৰ নিৰ্মাণৰ এটি বিখ্যাত প্ৰাণকেন্দ্ৰ সেই চহৰত একো কৰিব নোৱাৰি অৱশেষত জীৱিকাৰ বাবে হোটেলত খাদ্য বিলোৱাৰ কাম ল'ব লগা হয়৷ এয়া এটা অত্যুক্তি হ'ব...