“জীৱনৰ বিফলতাবোৰে মোক আচল বন্ধু বিচাৰি পোৱাত সহায় কৰিছিল। মই প্ৰকৃত বন্ধুবোৰ আৰু সম্বন্ধবোৰৰ সততা এনেবোৰ সময়তেই পৰীক্ষা কৰি চোৱাৰ সুযোগ পাইছিলোঁ।” —এনে এষাৰ কথা শ্বাহৰুখ খানৰ দৰে চুপাৰষ্টাৰ, সফল মানুহ এজনৰ মুখেৰে ওলাব পাৰেনে? পাৰে! এইষাৰ কথা তেঁৱেই কৈছিল। অৰিন্দম চৌধুৰীৰ “Discover the Diamond...

এঞ্জেলা ডাকৱৰ্থ নামৰ এগৰাকী যুৱতীয়ে ২৭ বছৰত মেনেজমেণ্ট কনচাল্টিঙৰ তেওঁৰ আকৰ্ষণীয় চাকৰিটো এৰি দি গণিত-বিজ্ঞানৰ শিক্ষকতাত জড়িত হ’ল। তেওঁৰ বাবে শিক্ষকতা চাকৰিটো আছিল পূৰ্বৰ চাকৰিটোতকৈয়ো অধিক আকৰ্ষণীয়। নতুন চাকৰিটোত জড়িত হৈ, শিক্ষা দান, প্ৰশ্নকাকত প্ৰস্তুত, ছাত্ৰ-ছাত্ৰীৰ ফলাফল...

কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল বুলি আমি পাঠ্যপুথি, কুইজৰ বিভিন্ন কিতাপ, প্ৰতিযোগিতামূলক পৰীক্ষাৰ সহায়ক-গ্ৰন্থ, কাকত-আলোচনী আদিত দেখি আহিছোঁ৷ আমি প্ৰায় সকলোৱে তেওঁক চিনি পাওঁ৷ কিন্তু আমেৰিকা আৱিষ্কাৰ কৰি জন্মভূমিলৈ ঘূৰি অহাৰ পাছত যেতিয়া ১৫ শতিকাৰ এই নাবিকজন খ্যাতিমান হৈ উঠিল, ৰজাঘৰীয়াই পুৰস্কৃত কৰিলে, তেওঁ এজন সন্মানীয়...

এসময়ৰ জনপ্ৰিয় কবিৰ কল্পনাৰ “দূৰ দীগন্ত” বিয়পা “নীলিম সলিলৰাশি”, “বাধাহীন উৰ্মিমালা” অতিক্ৰম কৰি দক্ষিণলৈ যদি গৈ থকা যায় তেন্তে পোৱা যায় সাগৰৰে আন এক বিচিত্ৰ ৰূপ, য’ত সমস্ত উত্তাল জল-তৰংগ গোট মাৰি সৃষ্টি হয় বৰফৰ নানা-গঢ়ি স্থাপত্য-ভাস্কৰ্য; পোৱা যায় কেইবা বৰ্গকিঃমিঃ পৃষ্ঠৰ বৰফৰ ভাসমান অঞ্চলৰ...

পৃথিৱীৰ উত্তৰ মেৰু উত্তৰ মহাসাগৰ(Arctic Ocean)ৰ মাজভাগত অৱস্থিত, য’ত সাগৰ-পৃষ্ঠ দুই-তিনি মিটাৰ ডাঠ বৰফে আবৰি থাকে। সেই স্থানত সাগৰৰ গভীৰতা চাৰি কিলোমিটাৰৰ অধিক। মানুহে তাত প্ৰথম খোজ পেলাবলৈ সক্ষম হৈছিল কুৰি শতিকাৰ প্ৰথমভাগত। ১৯৮৫ চনৰ ৬ এপ্ৰিলত নীল আৰ্মষ্ট্ৰং, এডমাণ্ড হিলাৰী, ষ্টিভ ফছেট, পাট্ৰিক মৰো,...

কেঞ্চাৰত আক্ৰান্ত হৈ ৯ বছৰ বয়সত সোঁ ভৰিখন কটাই পেলাবলগীয়া হোৱা যুৱতী এগৰাকীৰ ২০১৬ চনৰ প্ৰথমভাগত তোলা এখনি ফটো ইনষ্টাগ্ৰামত 'ভাইৰেল' হৈ পৰিছিল৷ ইনষ্টাগ্ৰাম প্ৰধানকৈ হ'ল কিছুমান নিৰ্দিষ্ট জোখৰ ফটো আপল'ড কৰিব পৰা আৰু আনে আপল'ড কৰা ফটো সুবিধা অনুসৰি চাব পৰা এটি এপ্, যিটো...