ভাল ভাল চফ্টৱেৰ বা হাৰ্ডৱেৰ কোম্পানীবোৰৰ প্ৰতি আমি কিয় আকৰ্ষিত হওঁ? আৰু এই যে ভাল বুলি আমি ভাবো, কিয় ভাবোঁ? TED ৰ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয় ভিডিঅ’বোৰৰ মাজৰ তৃতীয়টো ভিডিঅ’ৰ বক্তা Simon Sinek-এ তাৰ এটা ধুনীয়া ব্যাখ্যা আগবঢ়াইছে। আন সকলো তেনেধৰণৰ কোম্পানীৰেই ঠিক একেধৰণৰে কাৰ্যক্ষম কৰ্মী,...

‘ফেৰাৰী বিক্ৰী কৰি দিয়া সন্যাসীজন’ (The Monk Who Sold His Ferrari) নামৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ মুখ্য চৰিত্ৰ উকীল জুলিয়ান মেন্টোলে আনটো চৰিত্ৰৰ আগত আগবঢ়াই থকা বক্তব্যবোৰৰ মাজৰ এটা বাক্য এনে ধৰণৰ— “সন্যাসীসকলে মোক শিকাইছিল যে গড় হিচাপৰ দিন এটাত গড় হিচাপৰ মানুহ এজনৰ মনৰ মাজেৰে ষাঠি...

“What do you care what other people think?” কোনো কোনো মানুহে পৃথিৱীৰ আটাইতকৈ স্মাৰ্ট ব্যক্তি বুলি অভিহিত কৰা, বা আমি নিজেও তেওঁৰ সম্পৰ্কে পঢ়ি থাকিলে প্ৰায় তেনেকুৱাই অনুভৱ কৰা প্ৰখ্যাত বিজ্ঞানী ৰিচাৰ্ড ফিলিপছ ফাইনমেনৰ এইখন এখন আত্মজীৱনীমূলক গ্ৰন্থ। গ্ৰন্থখনৰ সম্পৰ্কে শুনা প্ৰায়ভাগ মানুহৰে মনলৈ হয়তো...

জীৱন-যাত্ৰাৰ কোনো কোনো বিশেষ মুহূৰ্তত আমি প্ৰত্যেকেই অপ্ৰয়োজনীয়ভাৱে অত্যাধিক পৰামৰ্শৰ মুখামুখি হোৱাৰ অভিজ্ঞতা লাভ কৰোঁ। সেই পৰামৰ্শৰ বৰষুণজাকত তিষ্ঠি থাকিবলৈ বা নিজৰ পৰৱৰ্তী কাম-কাজৰ ক্ষেত্ৰত সঠিক দিশত আগবাঢ়ি যাবলৈ ব্যক্তি এজনক জ্ঞান, দৃঢ়তা, অভিজ্ঞতাৰ পৰা আহৰণ কৰা শিক্ষা, নিজৰ লক্ষ্যৰ দূৰত্ব সম্পৰ্কে সুস্পষ্ট ধাৰণা আদিৰ...

আনে নভবা কথাবোৰ ভাবি সৰুতে বেছি ভাল লাগে৷ সৰুতে ডাঙৰসকলে সোধে- "তোমাৰ প্ৰিয় গ্ৰন্থ কি কি?", "তোমাৰ প্ৰিয় কবিতা কোনকেইটা?", "তোমাৰ প্ৰিয় গল্প কোনকেইটা?", "কোনকেইখন সাধু কিতাপ তোমাৰ বেছি ভাল লাগিছিল?" ইত্যাদি৷ কিন্তু তেওঁলোকৰ কোনেও কেতিয়াও নোসোধে - "তোমাৰ প্ৰিয় প্ৰবন্ধ কোনকেইটা?" সেইবাবে সৰুৰে পৰা,...