সৌৰভ কুমাৰ চলিহা আৰু হীৰেন গোহাঁই

বহুতো ব্যক্তিয়ে কৈ থাকে যে “হীৰেন গোহাঁইয়ে সৌৰভ কুমাৰ চলিহাৰ গল্পক তাড়ীখানাৰ গল্প বুলি কৈছিল”। এই কথাটো শুদ্ধ নহয়। প্ৰকৃততে বাক্যটো কি আছিল?

বাক্যখিনি আছিল—

“সৰ্বশেষ সংকলন—‘এহাত ডাবা’—তাৰে দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ। সেইবোৰ সংকলনত সুমোৱাৰ কাৰণ নিশ্চয়—‘গভীৰ’ বা ‘মহৎ’ কলাৰ ধাৰণাৰ প্ৰতি মুখ ভেঙুচালি কৰাৰ স্পৃহা। এই ক্ষেত্ৰত আমিও অবিচল গোঁৱাৰামিৰে সিহঁতক আওকাণ কৰিবলৈ বাধ্য।…
…‘ৰাতিৰ ৰেল’… পৰাভৱ, পলায়ন আৰু বৈৰাগ্যৰ অনুভূতিত অভিষিক্ত মৰ্মস্পৰ্শী গল্প। অপূৰ্ব জীৱনৰ আকস্মিক বেদনাবিধুৰ উপলব্ধি ইয়াৰ বক্তব্য।…”

কথাখিনি বুজি নোপোৱাসকলক জনাও যে ‘ৰাতিৰ ৰেল’টো সৌৰভ কুমাৰ চলিহাৰ এটা গল্পৰ নাম। যিটো গল্প চলিহাৰ ‘এহাত ডাবা’ নামৰ গল্পপুথিখনত আছে। আৰু ‘এহাত ডাবা’ও হৈছে সেইখন পুথিত থকা আন এটা গল্পৰ নাম। সেইখন সৌৰভ কুমাৰ চলিহাৰ তৃতীয়খন গল্পপুথি। সেই বাক্যটোত হীৰেন গোহাঁইয়ে ‘ৰাতিৰ ৰেল’ গল্পটোক এনেদৰেই বন্দনা কৰিছে। কেৱল এইটো গল্পই নহয়, পৃথক পৃথক সময়ত আন কি কি বন্দনা কৰিছে তাৰ দুটামান উদাহৰণ তলত দিম। অৰ্থাৎ, কথাটো হ’ল, হীৰেন গোহাঁইয়ে সৌৰভ কুমাৰ চলিহাৰ গোটেই গল্পবোৰক তাড়ীখানাৰ গল্প বুলি কোৱা নাই। শ্ৰেষ্ঠ সাহিত্য সমালোচকসকলৰ এজন ৰূপে সেই কথা তেওঁ কোৱা বুলি ভবাটো চলিহাৰ গল্প, অসমীয়া গল্প, আৰু অসমীয়া সাহিত্য-সমালোচনা লেখাবোৰৰ সৈতে সমুলি পৰিচয়হীনতাকে সূচায়। আনহাতে, জুবিন-হিমন্তৰ কেইজনমান সম্পূৰ্ণ-অন্ধ-ফেন থকাৰ দৰে চলিহাৰো দুজনমান তেনে ফেন আছে। যি কি নহওক, সৌৰভ কুমাৰ চলিহাৰ যি দুটামান গল্পক হীৰেন গোহাঁইয়ে তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ বুলি কৈছিল, তাত সৌৰভ কুমাৰ চলিহাই কি লিখিছিল? সেয়া উমান পাবলৈ তাৰে দুটামান বাক্য তলত দিলোঁ—

“আবে হুচত থাকিবই যদি নোৱাৰ, খাৱ কিয়”—আৰফানে কৈছে; “ব, ৰ, প্ৰফেচাৰ মানুহ—”, জগদীশে কৈছে; আৰু…

“তহঁতে কি বুজ চালা চু___ ভাই, তহঁতৰ কোনটো চালাই কি বুজ?”

“আবে চু____ভাইহঁত, এইৰকম ফাল্টু মাৰামাৰি কৰ কিয়! মাৰামাৰিয়েই যদি কৰিব লাগে—” আৰু চকু এটা কোঁচাই হাত এখন দাঙি ধৰিছে, ক্লিক কৰি এটা শব্দ হৈছে,……

এনেবোৰ কথাৰ সম্পৰ্কে আনেও বক্তব্য প্ৰকাশ কৰিছিল। তেনে আন এটা বক্তব্য আছিল— “কোনো অভিধানত নথকা ভদ্ৰ সমাজত ‘অসভ্য’ বুলি কোৱা এই শব্দবোৰ ব্যৱহাৰ কৰাৰ আগতে খ্যাতিসম্পন্ন লিখকসকলে সাহিত্য আৰু সমাজৰ নিবিড় সম্পৰ্ক আৰু শালীনতাৰ কথা পাহৰি যোৱা উচিত নহয়।”

সেই “এহাত ডাবা” নামৰ গল্পপুথিখনৰ আন এটা গল্পৰ নাম “হাঁহিচম্পা”। আন এটা প্ৰবন্ধত সেই গল্পটোৰ সম্পৰ্কে হীৰেন গোহাঁইয়ে লিখিছে— “‘হাঁহিচম্পা’ গল্পৰ অসাধাৰণ নৈৰ্ব্যত্তিক কথকতাৰে এনে এটা পৰিণতিত সামৰণি পেলোৱা হৈছে য’ত বাৎসল্যভাৱত নিমগ্ন পিতৃৰ চেতনাত ভয়াৱহভাৱে উদয় হৈছে তেওঁৰ অনবৰত কলকলাই হাঁহি থকা সন্তানৰ জন্মগত মানসিক অক্ষমতা।”

সেই একেখন পুথিৰে আন এটা গল্প হৈছে “বীণা কুটিৰ”। সেই গল্পটোৰ সম্পৰ্কে হীৰেন গোহাঁইয়ে লিখা এটা পেৰাগ্ৰাফৰ এটা বাক্য হ’ল— “‘বীণা কুটিৰ’ত যিটো অবিস্মৰণীয়ভাৱে অথচ কিছু একদেশদৰ্শীভাৱে ফুটাই তোলা হৈছে।”

সেইদৰে “এহাত ডাবা” নামৰ গল্পপুথিখনৰ “এহাত ডাবা” নামৰ গল্পটোৰ সম্পৰ্কেও তেওঁ লিখিছে অসাধাৰণ দক্ষতাৰে। জীৱনৰ কিছুমান এৰাব নোৱৰা জটিল বাস্তৱক সৌৰভ কুমাৰ চলিহাই এই কেইটামান গল্পৰ মাজেৰে কেনে বিস্ময়কৰভাৱে ফুটাই তুলিছে, সেয়া প্ৰকাশ কৰোঁতে হীৰেন গোহাঁইয়ে যি শব্দ-সজ্জা ব্যৱহাৰ কৰিছে, সেয়া পঢ়ি অসমীয়া শব্দৰ প্ৰতি মোহ থকা প্ৰতিজন মানুহ বিমুগ্ধ হ’ব।

সৌৰভ কুমাৰ চলিহাৰ দ্বিতীয়খন গল্পপুথি “দুপৰীয়া”ত সন্নিবিষ্ট এটা গল্প “সিহঁতেও পাহাৰ বগালে”। হীৰেন গোহাঁইয়ে লিখিছিল— “‘সিহঁতেও পাহাৰ বগালে’ত মানুহৰ জীৱনত থকা চেষ্টা, উদ্যম আৰু ধৈৰ্যৰ স্বাভাৱিক ভূমিকাৰো কাব্যিক ৰূপায়ণ ঘটিছে।”

সৌৰভ কুমাৰ চলিহাই জ্ঞানপীঠ পাবৰ বাবে হীৰেন গোহাঁইয়ে উদ্যোগ লৈছিল, কিন্তু তেওঁৰ গল্পবোৰৰ ইংৰাজী অনুবাদ সঠিক নহ’ল। সৌৰভ কুমাৰ চলিহাৰ অসমীয়া গল্পসমূহৰ যি অৱস্থিতি, যি বিৰল প্ৰকাশ — সেয়া ইংৰাজীত ফুটি নুঠিল, সঠিক অনুবাদ কৰিব পৰা অসমীয়া নোলাল। ফলত সেই উদ্যোগ কামত নাহিল।

শেষত প্ৰশ্ন হ’ল— সেই দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ বুলি কোৱাটো উচিত আছিল নে নাছিল? বহুতো মানুহে সাহিত্য, সংগীত এনেবোৰ সুষমা কলাত অশ্লীলতা, অভদ্ৰতা, যৌনতা আদি অহাটো নিবিচাৰে। ই কেৱল অসমৰে বিতৰ্কিত বিষয় নহয়, আন্তঃৰাষ্ট্ৰীয় স্তৰতো এনে বিতৰ্ক পূৰ্বতে বহু হৈ গৈছে বুলি আগতে পঢ়িবলৈ পাইছোঁ। বাস্তৱটোক প্ৰকাশ কৰাৰ নামতো এনেবোৰ কথা এনেধৰণে প্ৰকাশ কৰাটোত তেওঁলোক ঘোৰ বিৰোধী। তেওঁলোকৰ মত যিয়েই নহওক, এজন সাধাৰণ পাঠক ৰূপে ধাৰণা কৰোঁ যে কিছু ইংগিতপূৰ্ণভাৱে এইবোৰ প্ৰকাশ কৰাটো কোনো অনিষ্টকাৰক কথা নহয়। কিন্তু তাত লেখকৰ অসাধাৰণ গুণ প্ৰতিভাত হৈ উঠিব লাগে, নহ’লে সি সাহিত্য নহয়, সি সাধাৰণ হৈ পৰে। উদাহৰণস্বৰূপে দুবাৰ বুকাৰ বিজয়ী আৰু এবাৰ নোবেল বিজয়ী একমাত্ৰ ব্যক্তি জে এম কোৱেৎজীৰ “ডিচগ্ৰেছ” নামৰ ক্ষুদ্ৰকায় উপন্যাসখনত বহুকেইটা যৌন নিৰ্যাতনৰ খোলা খোলা ঘটনা আছে। সেই দৃশ্যবোৰ আৰু গোটেই উপন্যাসখনে পাঠকৰ মন-মগজু সম্পূৰ্ণ ঘোদালি পেলায়; কিন্তু সেই দৃশ্যসমূহত যৌনতা প্ৰকাশেই নাপায়। গতিকে, সেই দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ বুলি কোৱাটো উচিত নে অনুচিত সেয়া আনে নিজে নিজে বিচাৰ কৰি চাব; ইয়াত ক’ব বিচৰা মূল কথাটো হ’ল— হীৰেন গোহাঁইয়ে সৌৰভ কুমাৰ চলিহাৰ গল্পবোৰ তাড়ীখানাৰ গল্প বুলি কোৱা নাই, সৌৰভ কুমাৰ চলিহাৰ তৃতীয় গল্পপুথিখনত থকা দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ বুলিহে কৈছিল, আনহাতে সৌৰভ কুমাৰ চলিহাৰ বহুকেইটা গল্পক হীৰেন গোহাঁইয়ে যেনেদৰে বন্দনা কৰি মূল্যায়ন কৰিছে, তেনেদৰে কোনেও আজিলৈকে কৰা নাই।

ফটো সৌজন্য: ‘কথা’ প্ৰকাশন।

No Comments

Post A Comment