মোৰ কাষৰ ছীটটোত এজন অৰুণাচলী যুৱক৷ অলপ উগ্ৰ, কিন্তু ভদ্ৰ যেন লাগিল৷ এষাৰ-দুষাৰ কথা পাতি মই লগে লগেই টোপনি গ'লোঁ; দিনটোৰ ভাগৰ, ভন্তীৰ লগত বহুত ঘূৰিলোঁ৷ নিশা সকলোৱে ভাত খাবলৈ গাড়ীখন ৰখাওতে সাৰ পালোঁ৷ বাছখন পুনৰ চলাৰ পিছত গম পালোঁ যে মোৰ আৰু টোপনি নধৰে৷ সেয়েহে...

কোনেনো ভাবিছিল প্ৰকাণ্ড পৃথিৱীখন অহৰহ টাকুৰী ঘূৰাদি ঘূৰি থাকে বুলি? কোনেনো ভাবিছিল পৃথিৱীখন সূৰ্য্যৰ চাৰিওপিনেও অহৰহ ঘূৰি থাকি বুলি? যিটো বেগ ছেকেণ্ডত প্ৰায় ৩০ কিলোমিটাৰ!! কেৱল সিমানেই নহয়। কোনেনো ভাবিছিল স্বয়ং সূৰ্য্যটোও একে স্থানতে ৰৈ থকা নাই, সিয়ো গোটেই সৌৰজগতৰ গ্ৰহ-উপগ্ৰহসমূহ লগতে লৈ এটা বেগেৰে...

জুবিন গাৰ্গে মিছন চাইনাৰ প্ৰচাৰৰ বাবে যোৰহাটলৈ গ’ল, ডিব্ৰুগড়লৈ গ’ল। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু সেইপিনৰ কেইবাখনো কলেজত অনুষ্ঠান কৰিলে, প্ৰচাৰ চলালে। পিছদিনা তেজপুৰলৈ আহি তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰচাৰ চলালে। তাৰ পিছদিনা গুৱাহাটীলৈ গৈ তাত এটা নে দুটা অনুষ্ঠান কৰিলে, টক শ্ব’তো ভাগ ল’লে। পিছদিনা দিল্লীলৈ গ’ল। পুনৰ...

১৯০০ চনত ডেগাছ আৰু ম'নে নামৰ সেই সময়ৰ তথা সৰ্বকালৰ দুজন বিখ্যাত চিত্ৰশিল্পীক সোধা হৈছিল যে তেওঁলোকৰ মতে সেইসময়ৰ কোনজন চিত্ৰশিল্পী ঊনৈছ শতিকাৰ সৰ্বশেষ্ঠ ফৰাচী চিত্ৰশিল্পীজন বুলি ২০০০ চনত বিবেচিত হ’বগৈ পাৰে? কিছু আলোচনা আৰু তৰ্কৰ অন্তত তেওঁলোক দুয়ো একমত হৈছিল যে সেইজন— উইলিয়াম বুগ'ৰ'...

“বাজানাৰ শেষ মূৰ্ছনা” মাৰ যোৱাৰ পিছতে দুজন বন্ধুৰ কথা-বতৰাৰ সামান্য এটা মুহূৰ্ত। যেন এটা ঝলক। গল্পটো আৰম্ভ হৈছে, আৰু শেষ হৈছে। সাধাৰণ আকৃতিৰ কিতাপৰ মাথোঁ পাঁছটা পৃষ্ঠা। যাৰ বিষয়ে গল্পটো লিখা হৈছে তেওঁৰ নামটো গল্পটোৰ ভিতৰত এবাৰো নাই। মাথোঁ শিৰোনামটোতহে আছে— বে’থ’ফে’ন। বে’থ’ফে’ন শৈশৱতেই সংগীতৰ বিস্ময়ৰূপে...

“প্ৰচীন গ্ৰীকসকলে মনটো আৰু শৰীৰটোৰ মাজৰ পূৰ্ণ সংযোগ উপলব্ধি কৰিছিল, কিন্তু এই ধাৰণা তুলি ধৰিবলৈ পশ্চিমীয়া চিকিৎসাক এটা বহু দীঘলীয়া সময় লাগিল। এতিয়াও বিজ্ঞানে ধাৰাবাহিকভাৱে পুনঃ পুনঃ দেখুৱাই আহিছে যে আমাৰ শাৰীৰিক স্বাস্থ্য আৰু আমাৰ মানসিক স্বাস্থ্যৰ মাজত এক প্ৰগাঢ় সংযোগ আছে। যদি আপুনি হীনমন্যতা অনুভৱ...