ড° ৰুবুল মাউত এজন প্ৰসিদ্ধ বিজ্ঞানী আৰু ‘মোৰো এটা সপোন আছে’ নামৰ বহুপঠিত গ্ৰন্থখনৰ লেখক। খুৱ কম সংখ্যকেহে গম পোৱা তেওঁৰ আন এটা বৈশিষ্ট্য হৈছে তেওঁ বহুতো ‘বাহিৰা কিতাপ’ পঢ়ে। দুবাৰমান বিভিন্ন কিতাপ সম্পৰ্কীয় তেওঁৰ বক্তব্য শুনি মোৰ এনেকুৱাও ধাৰণা হয় যে তেওঁৰ সমান কিতাপ...

বিজ্ঞান বুলি ক’লে, আমি প্ৰকৃতিৰ নিখুঁত সত্যৰ কথা বুজো। কিন্তু বিজ্ঞানৰ বিকাশৰ ইতিহাস কেৱল প্ৰাকৃতিক সত্যৰ দ্বাৰাই পৰিচালিত হৈ অহা নাই। বিজ্ঞানৰ বিকাশত বিভিন্ন কাৰকে প্ৰভাৱ পেলাই আহিছে। অৰ্থাৎ বিজ্ঞানৰ যি ইতিহাস, সেই ইতিহাস প্ৰকৃততে যেনেকুৱা হ’ব লাগিছিল, সি প্ৰাকৃতিকভাৱেই সম্পূৰ্ণ তেনেকুৱা হৈয়েই অহা নাই।...

ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে স্বীকৃতি দিয়া বিশ্বৰ দুই শতাংশ শ্ৰেষ্ঠ বিজ্ঞানী বুলি একো তালিকা নাই। প্ৰকৃততে সেয়া হৈছে পাৰ হৈ যোৱা বৰ্ষত পোৱা সৰ্বাধিক চাইটেচনৰ ভিত্তিত কৰা দুই শতাংশৰ তালিকাহে। ইয়াত শ্ৰেষ্ঠত্বৰ কথা নাহে। ইয়াত নাম থকা মাত্ৰেই সন্মানীয় নহয়, তাৰে বহুতৰ কাম ঘৃণনীয় বা সম্পূৰ্ণ নিন্দনীয়হে।...

অসম সাহিত্য সভাই তথ্য-প্ৰযুক্তি সম্পৰ্কীয় কাম-কাজৰ বাবে এখন সমিতি গঠন কৰিছে। আজি গধূলি (০২-০৫-২০২৩) সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়, ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সভাপতি আৰু প্ৰধান-সম্পাদককে আদি কৰি সমিতিৰ কাৰ্যকৰ্তাৰ এখন বৈঠক অনুষ্ঠিত হ’ব। তেওঁলোকে ল’ব বিচৰা নটামান পদক্ষেপ আৰু সমিতিখনৰ সম্পৰ্কীয় এটা বাৰ্তা সমিতিৰ...

আকস্মিকভাবে গুণোৎসৱ আয়োজন কৰিলে আৰু অধিক ভাল ফলাফল ওলাব। চৰিয়াৰ পৰা জপিয়াই এজাক পোণা-মাছ বাহিৰ হোৱা দৰে জাপে জাপে প্ৰশ্ন-কাকত ফাদিল হোৱা অৱস্থাত এই গোপনীয়তা ৰক্ষা কৰাটো সম্ভৱ হ’ব নে নহয় জনা নাযায়। কিন্তু অসম্ভৱো নহয়। পুৱা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উপস্থিত হৈ দেখা পাইছে...

‘অপূৰ্ব শৰ্মাৰ গল্প সমগ্ৰ’ত সন্নিবিষ্ট এটা প্ৰসংগ হৈছে-- তেওঁ প্ৰচলিত অৰ্থত জনপ্ৰিয় সাহিত্যিক নহয় আৰু ইয়াৰ অন্যতম কাৰণ হৈছে, তেওঁ বছৰত মাথোঁ এটামান গল্পহে লিখে। কেতিয়াবা সেয়াও নিলিখে। (এয়া কিন্তু অৱসাদগ্ৰস্ততা ধৰণৰ কাৰণত নহয়। বৰং তাৰ ওলোটাটোহে।) ফলত গোটেই জীৱনকালত তেওঁ মাথোঁ পঞ্চাছটামানহে গল্প লিখিব...