(এই লেখাটো পূৰ্বৰ দুটা লেখা (১, ২) লগ লগাই প্ৰস্তুত কৰা হৈছে। ইয়াৰ মূল ৰূপটো মোৰ 'প্ৰতিভাৰ উৎস' নামৰ কিতাপখনত সন্নিৱিষ্ট হৈছিল। এই সংক্ষিপ্ত ৰূপটো 'অসম ইয়েৰ বুক'ত সন্নিৱিষ্ট হ'ব।) জুবিন গাৰ্গৰ ‘মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি’ গীতটিৰ কোনো কোনো একোটা অংশই আমাক সোঁৱৰাই...

UPSC ৰ এইবাৰৰ ৰিজাল্টটোৱে অসমত বিভিন্ন খবৰৰ ভিৰত বৰ বেছি চৰ্চা লাভ নকৰিলে। সেয়া যি নহ'লেও, UPSC বা APSC ৰ প্ৰশাসনিক সেৱাৰ ৰিজাল্ট যেতিয়া ওলায়, তেতিয়া দুটা কাহিনী প্ৰায়ে মোৰ মনলৈ আহি থাকে। এটা কাহিনী এজনী ছোৱালীৰ আৰু আনটো কাহিনী এজন ল’ৰাৰ। এবাৰ মই এঠাইত পঢ়ি...

ড° ৰুবুল মাউত এজন প্ৰসিদ্ধ বিজ্ঞানী আৰু ‘মোৰো এটা সপোন আছে’ নামৰ বহুপঠিত গ্ৰন্থখনৰ লেখক। খুৱ কম সংখ্যকেহে গম পোৱা তেওঁৰ আন এটা বৈশিষ্ট্য হৈছে তেওঁ বহুতো ‘বাহিৰা কিতাপ’ পঢ়ে। দুবাৰমান বিভিন্ন কিতাপ সম্পৰ্কীয় তেওঁৰ বক্তব্য শুনি মোৰ এনেকুৱাও ধাৰণা হয় যে তেওঁৰ সমান কিতাপ...

বিজ্ঞান বুলি ক’লে, আমি প্ৰকৃতিৰ নিখুঁত সত্যৰ কথা বুজো। কিন্তু বিজ্ঞানৰ বিকাশৰ ইতিহাস কেৱল প্ৰাকৃতিক সত্যৰ দ্বাৰাই পৰিচালিত হৈ অহা নাই। বিজ্ঞানৰ বিকাশত বিভিন্ন কাৰকে প্ৰভাৱ পেলাই আহিছে। অৰ্থাৎ বিজ্ঞানৰ যি ইতিহাস, সেই ইতিহাস প্ৰকৃততে যেনেকুৱা হ’ব লাগিছিল, সি প্ৰাকৃতিকভাৱেই সম্পূৰ্ণ তেনেকুৱা হৈয়েই অহা নাই।...

ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে স্বীকৃতি দিয়া বিশ্বৰ দুই শতাংশ শ্ৰেষ্ঠ বিজ্ঞানী বুলি একো তালিকা নাই। প্ৰকৃততে সেয়া হৈছে পাৰ হৈ যোৱা বৰ্ষত পোৱা সৰ্বাধিক চাইটেচনৰ ভিত্তিত কৰা দুই শতাংশৰ তালিকাহে। ইয়াত শ্ৰেষ্ঠত্বৰ কথা নাহে। ইয়াত নাম থকা মাত্ৰেই সন্মানীয় নহয়, তাৰে বহুতৰ কাম ঘৃণনীয় বা সম্পূৰ্ণ নিন্দনীয়হে।...

অসম সাহিত্য সভাই তথ্য-প্ৰযুক্তি সম্পৰ্কীয় কাম-কাজৰ বাবে এখন সমিতি গঠন কৰিছে। আজি গধূলি (০২-০৫-২০২৩) সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়, ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সভাপতি আৰু প্ৰধান-সম্পাদককে আদি কৰি সমিতিৰ কাৰ্যকৰ্তাৰ এখন বৈঠক অনুষ্ঠিত হ’ব। তেওঁলোকে ল’ব বিচৰা নটামান পদক্ষেপ আৰু সমিতিখনৰ সম্পৰ্কীয় এটা বাৰ্তা সমিতিৰ...