(৭১) বৰগোহাঞিদেৱলৈ শ্ৰদ্ধাঞ্জলি হোমেন বৰগোহাঞিদেৱৰ নিজৰে ভাষা ধাৰ কৰি আমি ক’ব পাৰোঁ যে— ঘৰখনত হোমেন বৰগোহাঞিৰ এখনো কিতাপ নথকা বা হোমেন বৰগোহাঞিৰ এখনো কিতাপ পঢ়ি নোপোৱা কোনোবা শিক্ষিত অসমীয়া মানুহ আছেনে? নিশ্চিতভাবে নাই। তেখেতৰ সম্পৰ্কে আমি আন এক ধৰণেও চাব পাৰোঁ। আমাৰ মাজত এটা বস্তুৰ ডাঙৰ অভাৱ আছে।...

(৬১) বিদেশত নিজৰ কৰ্মক্ষেত্ৰত কেইবাজনো অসমীয়া চিকিৎসকে কৰ’না-আক্ৰান্তক সেৱা আগবঢ়াইছে। ‘অসম সন্তান’ বুলি সেই সম্পৰ্কে লিখা কেইবাটাও দীঘলীয়া সংবাদ আৰু প্ৰবন্ধ অসমীয়া কাকতত ওলাই গৈছে। সেইসমূহ ওলোৱাৰ মূল কাৰণটো হ’ল — সেই চিকিৎসক কেইজনৰ বিষয়ে তেওঁলোক এতিয়া থকা ঠাইখনৰ কোনো কোনো বাতৰি-কাকতত প্ৰকাশ হৈছে। সেইখিনি পঢ়িবলৈ...

(৫১) অসমীয়া বিজ্ঞানীসকল বা অসমীয়া গণিতজ্ঞসকল — এনেধৰণৰ তালিকা এখন প্ৰস্তুত কৰিব বিচাৰিলে কিছুমান অসুবিধাৰ সমুখীন হোৱা যায়। তথ্যৰ অভাৱ বা সমলৰ অভাৱৰ কথাটো বাদ দিও আন কেইটামান সমস্যা পৰিলক্ষিত হয়। মূল সমস্যাটো হ’ল — এজন অসমীয়া বিজ্ঞানী বা এজন অসমীয়া গণিতজ্ঞ বুলি কাক কোৱা হ’ব? আমাৰ...

(৪১) গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ-বিজ্ঞান বিভাগৰ নিজৰ কেবিনটোত বহি ড° ভবেন্দ্ৰ নাথ শইকীয়া কামত ব্যস্ত হৈ আছে৷ এজন মানুহ তেওঁৰ কেবিনটোলৈ সোমাই গ'ল৷ মানুহজন বিশ্ববিদ্যালয়ৰে এজন উচ্চ পৰ্যায়ৰ কৰ্মী, পণ্ডিত, আৰু বিশ্ববিদ্যালয়ৰ বাহিৰৰ অসমৰ সামাজিক ক্ষেত্ৰখনত ইতিমধ্যে তেওঁৰো কিছু নাম হৈছে, এজন সন্মানীয় মানুহ৷ ড° ভবেন্দ্ৰ নাথ...

(৩১) ক’ৰনাময় সময়ত এসময়ত বহুতো কবি, সাহিত্যিক, সংগীতজ্ঞ, চিত্ৰকৰ, বিজ্ঞানী আদি যক্ষ্মাত আক্ৰান্ত হৈ অকালতে মৃত্যু হৈছিল। পোক-পৰুৱাৰ দৰে দ’ম হৈ পৰা লাখ লাখ মৃতকৰ মাজত তেওঁলোকৰ অকাল মৃত্যুৱে এক সুকীয়া বিষাদ কঢ়িয়াই আনিছিল। হয়তো সেইবাবেই ঠায়ে ঠায়ে এই বুলি অন্ধবিশ্বাস বিয়পিছিল যে সৃষ্টিশীল লোকসকল যক্ষ্মাত অধিক...

১) আনৰ পৰা একো আশা নকৰিব৷ ২) আপুনি যিখিনি পাইছে সেইখিনি লৈ আনন্দ কৰক৷ ৩) নিজৰ মনটোত এখন সুখৰ ঘৰ সাজক৷ সকলো ভাগি-ছিগি গ'লেও সেইখন ঘৰ কোনেও ভাঙিব নোৱাৰে৷ বাহিৰৰ কোনো শক্তিয়ে সেইখন ঘৰ একোৱেই কৰিব নোৱাৰে৷ ৪) গুণগুণাই গান গাওক৷ প্ৰতিদিনে আপোনাৰ গা-ধোৱা ঘৰটো আপোনাৰ তালফাল সংগীত...