(৫১) অসীম শ্ৰেণীৰ বিশ্লেষণ প্ৰাচীন গ্ৰীকসকলে জিনোৰ সাঁথৰসমূহ চিন্তা কৰাৰ দিনতে আৰম্ভ হৈছিল, বিশেষকৈ এৰিষ্টটলে ৰচনা কৰা ‘Physics’ ৰ Book V ত। সোতৰ শতিকাৰ নতুন গণিতে অসীম শ্ৰেণী বিশ্লেষণৰ এক নতুন যুগ সূচনা কৰিবলৈ নতুন সঁজুলিৰ এক অস্ত্ৰভাণ্ডাৰ প্ৰদান কৰিছিল। সোতৰ শতিকাৰ শেষৰফালে জেকব বাৰ্ণলিয়ে প্ৰমাণ কৰিলে...

(৪১) “মোৰ সহকৰ্মীসকলে সদায়ে মোক সহযোগিতা যোগাই আহিছে, আৰু আনকি মোৰ ক্ষেত্ৰখনৰ মাথোঁ কেইগৰাকীমান মহিলাৰ মাজৰ এগৰাকী হিচাপেও মই কোনো বৈষম্যৰ সন্মুখীন হোৱা নাই। কিন্তু মই ভাবোঁ মোৰ ওপৰত তেওঁলোকৰ কোনো প্ৰত্যয় নাছিল। তেওঁলোকৰ কোনেও ভবা নাছিল যে মই এইটো কৰিব পাৰিম।” — প্ৰায় ৭০ বছৰ অসমাধ্য...

(৩১) কোনো এটা সংখ্যাক এটা মৌলিক সংখ্যা pp ৰে হৰণ যোৱাৰ সম্ভাৱিতা ১p\dfrac{১}{p}. দুটা সংখ্যা পৰস্পৰ মৌলিক হোৱাৰ সম্ভাৱিতা ∏p মৌলিক(১−১p২)≈০.৬১{\displaystyle \prod_{p \text{ মৌলিক}}\bigg(১-\dfrac{১}{p^২}\bigg)}\approx ০. ৬১। পৰ্যাপ্ত পৰিমাণে ডাঙৰ এটা সংখ্যা xx এটা মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা প্ৰায় ১ln⁡x\dfrac{১}{\ln{x}}. এই শেষৰ সম্ভাৱিতাটোৰ ওচৰা-ওচৰি ৰূপ এটা অনুমান কৰিছিল চেঙেলীয়া গাউছে...

(২১) “অপেছাদাৰীসকলে গণিত জগতলৈ সাৰ্থক অৱদান আগবঢ়াব নোৱৰাৰ কোনো কাৰণ নাই। অতীতত এই ঘটনা বহুবাৰ ঘটি গৈছে, আৰু মই বৰ্তমানৰো এনে বহুতো উদাহৰণ জানো। ব্যক্তিগতভাৱে বহু পৰামৰ্শ আৰু নিৰ্দেশনা প্ৰদান কৰিবলৈ মোৰ সময় নাই, কিন্তু মই বিচাৰিছো যে ইয়াত মই কেইটামান সাধাৰণ পৰামৰ্শ আগবঢ়াম। মই সেইসকলক...

(১১) “ৰূপকথাবোৰক ৰূপকথা হিচাপেই শিকোৱা উচিত, পৌৰাণিক কথাবোৰক পৌৰাণিক কথা হিচাপে, আৰু ৰহস্য-কথাবোৰক কাব্যিক কল্পনা হিচাপে। কুসংস্কাৰ-অন্ধবিশ্বাসবোৰক সত্য বুলি শিকোৱাটো এটা অতি ভয়ানক কথা। শিশু-মনে সেইবোৰ গ্ৰহণ কৰি লয় আৰু সত্য বুলি তেওঁলোকে বিশ্বাস কৰিবলৈ লয়। আৰু মাথোঁ বিৰাট কষ্ট আৰু হয়তো পৰিহাসৰ অন্তত বহু বছৰৰ...