মাৰিয়াম মিৰ্জাখানীৰ মনোভংগী আৰু ব্যক্তিত্ব

“Know what you want, and don’t get distracted.”

— Maryam Mirzakhani

২০১৪ চনৰ ১৩ আগষ্টত মাৰিয়াম মিৰ্জাখানীয়ে ফিল্ডছ্ মেডেল লাভ কৰিলে। ফিল্ডছ্ মেডেল প্ৰতিষ্ঠাৰ পৰা তেতিয়ালৈ ৭৮ বছৰীয়া ইতিহাসত, এই সন্মান পোৱা প্ৰথমগৰাকী মহিলা হিচাপে তেওঁ বহু মানুহৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হ’ল। এই উলাহ, আকৰ্ষণ, কৌতুহলৰ ঢৌ শেষ নহওঁতেই, তিনি বছৰ পাছত আন এটা খবৰে সকলোকে মৰ্মাহত কৰি পেলালে যে — মাৰিয়াম মিৰ্জাখানীৰ মৃত্যু হৈছে!

মাৰিয়াম মিৰ্জাখানীৰ মৃত্যুৰ কাৰণ কেন্সাৰ। তেওঁৰ মৃত্যুৱে অধিক মৰ্মাহত কৰাৰ এটা কাৰণ হ’ল, তেওঁৰ অসুস্থতাৰ কোনো খবৰ পূৰ্বতে পোৱা হোৱা নাছিল। তেওঁ আক্ৰান্ত হৈছিল ফিল্ডছ্ মেডেল পোৱাৰ পূৰ্বেই। চিকিৎসা আৰু বিদ্যায়তনিক কাৰণত অতি নিকট সংস্পৰ্শৰ কেইজনমানক বাদ দি, আন কোনেও এই কথা নজনাকৈ তেওঁ ৰাখিছিল। ইয়াৰ প্ৰধান কাৰণ হ’ল, যাতে তেওঁ গাণিতিক কৰ্মৰ পৰা মন আঁতৰাব লগা নহয়। আৰু যিকেইজনে তেওঁৰ কষ্টদায়ক চিকিৎসাৰ কথা জানিছিল তেওঁলোকে সেই সম্পৰ্কে আলোচনা কৰিব বিচাৰিলেও, তেওঁ সেই প্ৰসংগত কথা পাতিব বিচৰা নাছিল।

এষাৰ কথা আছে যে পৃথিৱীত সকলো মানুহেই দিনটোত ২৪ ঘণ্টাই লাভ কৰে, কিন্তু তাৰে কিছুমানেহে নানা আৱিষ্কাৰ বা উদ্ভাৱন কৰিবলৈ সক্ষম হয় বা প্ৰচুৰ উৎপাদনক্ষম হয়, আৰু বাকীসকল সমূলি নহয়। নিজৰ উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰত মাৰিয়াম মিৰ্জাখানী জীৱন্ত উদাহৰণ আছিল। অধিক মানুহ সাক্ষাতৰ পৰা তেওঁ দূৰত আছিল। কনফাৰেন্সসমূহকো তেওঁ অগ্ৰাধিকাৰ দিয়া নাছিল। তেওঁৰ বিয়াখনো সম্পন্ন হৈছিল কেৱল ছজন মানুহৰ উপস্থিতিত। ফিল্ডছ্ মেডেল বিজয়ৰ পাছতো তেওঁ প্ৰশংসা গোটোৱাৰ পৰা আঁতৰি আছিল। সংবাদ মাধ্যমৰ পৰাও দূৰত ৰৈছিল। ফিল্ডছ্ মেডেল পোৱা বুলি অহা ইমেইলটো তেওঁ ভুৱা বুলি ভাবি উপেক্ষা কৰিছিল। আৰু পিছত পুনৰ নিশ্চিত খবৰ অহাৰ পিছতো তেওঁ নিজৰ ঘৰলৈকে একো জনোৱা নাছিল। সেই খবৰ লৈ অকণো ব্যস্ত নাছিল তেওঁ। ফিল্ডছ্ মেডেল লাভ কৰা বাবে ইৰাণীয় ছাত্ৰ-ছাত্ৰীৰ এটা গোটে তেওঁৰ উদ্দেশ্যে আয়োজন কৰা এটা অনুষ্ঠানৰ নিমন্ত্ৰণ তেওঁ ৰক্ষা কৰা নাছিল; পিছত অনানুষ্ঠানিকভাৱে, কোনো খবৰ নুলিওৱাকৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মিলিত হৈছিল। নিজৰ বিষয়ত অতি নিমগ্নতাৰ পাছতো তেওঁ কিন্তু ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনত কাকো উপেক্ষা নকৰিছিল। সেয়েহে সাধাৰণ ছাত্ৰ-ছাত্ৰীগৰাকীয়েও তেওঁৰ সৈতে যোগাযোগ কৰাটো কঠিন নাছিল। তেওঁক লগ পাই সকলো উভটি আহিছিল অতিশয় যোগাত্মক মনোবৃত্তি লৈ, উদ্যমী হৈ। লাভ কৰা স্বীকৃতিসমূহৰ অবিহণেও নিজৰ কৰ্মৰাজিকলৈয়ে তেওঁ সদায় আছিল সন্তুষ্ট আৰু নিমগ্ন।

মাৰিয়াম মিৰ্জাখানী দৃঢ়তাৰ এক উদাহৰণ। তেওঁৰ অন্বেষণৰ প্ৰচেষ্টা বৰ অনুপ্ৰেৰণাদায়ক। এই কথা বহুচৰ্চিত যে সৰুতে তেওঁৰ গণিতত ৰাপ নাছিল, শ্ৰেণীত গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ পোৱা নাছিল, তেওঁ এগৰাকী লেখক হ’ব বিচাৰিছিল, দুৰ্জেয় অসাধ্য সাধনৰ সপোন দেখিছিল, আৰু এদিন গাণিতিক সোৱাদৰ সৈতে পৰিচিত হৈ বিষয়টো অধ্যয়নৰ বাবে আত্মবিশ্বাস গঢ়ি উঠিছিল। তেওঁৰ অন্তৰংগ বান্ধৱী এগৰাকীয়ে কৈছিল— মাৰিয়াম অধ্যয়নশীল আছিল, লেখা-মেলাৰ প্ৰতি এক অনুৰাগ আছিল, সামাজিক বা ৰাজনৈতিক প্ৰসংগৰ তীব্ৰ তৰ্ক-বিতৰ্কত তেওঁ সহজে আগ্ৰহী হৈ উঠিছিল, মহিলাৰ প্ৰতি বিদ্বেষৰ প্ৰসংগত এয়া অতি প্ৰবল হৈ পৰিছিল। এই বীৰত্বসূচক মনোবৃত্তি তেওঁৰ অন্বেষণত ক্ৰিয়া হোৱা যেন অনুভৱ হয়। তেওঁ কৈছিল, “মোৰ কোনো নিৰ্দিষ্ট কৌশল নাই। এইটোৱেই কাৰণ, যাৰ বাবে গৱেষণা কৰাটো প্ৰত্যাহ্বানজনক আৰু আকৰ্ষণীয়। এইটো এনেকুৱা ধৰণৰ কথা যেন আপুনি জংঘলত বাট হেৰুৱাই পেলাইছে আৰু আপুনি একত্ৰ কৰিব পৰা সমস্ত জ্ঞান-অভিজ্ঞতা খটুৱাবলৈ চেষ্টা কৰিছে যাতে কিবা নতুন উপায় উলিয়াব পাৰে, আৰু কিবা সংযোগৰ বলত আপুনি এটা পথ নিৰ্ণয় কৰি উলিয়াইছে।” তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ তত্বাৱধায়কজনে কৈছিল, “She has a fearless ambition when it comes to mathematics.”

সাধাৰণজনৰ দৰেই মিৰ্জাখানীয়ে ইংৰাজীত প্ৰথমে প্ৰেজেণ্টেছন দিবলৈ সংকুচিত আছিল, গৱেষণা-পত্ৰ স্পষ্টতাপূৰ্ণভাবে লিখা আদিত বৰ সবল নাছিল। তেওঁৰ তত্বাৱধায়কজন আছিল ১৯৯৮ চনত ফিল্ডছ্ মেডেল বিজয়ী কাৰ্টিছ মেকমালেন। মিৰ্জাখানীৰ হাৰ্ভাৰ্ডৰ সহপাঠী কেইজনমানে কৈছিল যে ৰঙা দাগ দিয়াত আৰু পুনৰ্লিখন কৰোৱাত মেকমালেন বিখ্যাত। মিৰ্জাখানীয়ে থেচিছখন বিছবাৰমান পুনৰ্লিখন কৰাৰ পিছত পুনৰ এসোপা ৰঙা দাগ লৈ কন্দনামুৱা হৈ পৰিছিল, আৰু ৰসিকতা কৰি কৈছিল যে মেকমালেনৰ কলমটোত চিঞাহী শেষ হোৱা বাবেই চাগে শেষৰ দহটা পৃষ্ঠাত বৰ বেছি ৰঙা দাগ নাই। কিন্তু সকলো ক্ষেত্ৰতেই তেওঁৰ ব্যতিক্ৰমটো হ’ল তেওঁ সহজে ক্ষুণ্ণ বা বিচলিত নহৈছিল। সেই থেচিছখনতেই সোমাই আছিল তেওঁৰ জীৱনৰ তিনিখন অসাধাৰণ গৱেষণা-পত্ৰৰ বীজ, যাৰ বাবেই তেওঁ ফিল্ডছ্ মেডেল লাভ কৰিছিল।

মিৰ্জাখানীৰ প্ৰধান বিষয় আছিল সংস্থিতি বিজ্ঞান (টপ’লজী), গতিশীল তন্ত্ৰ (ডাইনেমিকেল চিষ্টেম), অধিবৃত্তীয় বক্ৰ ইত্যাদি। তেওঁৰ স্বামী জন ভনড্ৰেকো এগৰাকী প্ৰসিদ্ধ বিজ্ঞানী। আৰু জন ভনড্ৰেকৰ বিষয় হ’ল বিন্যাস তত্ত্ব (combinatorics), সম্ভাৱিতা তত্ত্ব জড়িত বিন্যাস তত্ত্ব, খেল তত্ত্ব ইত্যাদি; — এইসমূহ তাত্ত্বিক কম্পিউটাৰ-বিজ্ঞান জড়িত, আৰু তেওঁক কম্পিউটাৰ-বিজ্ঞানী বুলিও কোৱা হয়। শেহতীয়া সময়খিনিত তেওঁলোক দুয়োৱে একেলগেও কিছুমান কাম কৰাৰ চিন্তা কৰিছিল। সেই অনুসৰি তেওঁলোক দুয়োৱে মিলি বিন্যাস তত্ত্বৰ এখন গৱেষণা-পত্ৰ লিখিবলৈ সক্ষম হ’ল; য’ত সম্ভাৱিতা তত্ত্ব, খেল তত্ত্ব আদিৰ কথাও সংমিশ্ৰণ ঘটিছে। মিৰ্জাখানীৰ অকাল মৃত্যুৰ ফলত তেওঁলোক দুয়োৱে মিলিও সম্পন্ন কৰিবলগীয়া বহু কাম নোহোৱাকৈ ৰৈ গ’ল।

(অলিন্দ দাস ছদ্মনামেৰে এইটো লেখা পূৰ্বতে এখন আলোচনীত লিখা হৈছিল।)

No Comments

Post A Comment