26 May গৱেষণা-পত্ৰ প্ৰত্যাখ্যাত হ’লে হতাশা দূৰ কৰাৰ এটি উপায়
কেইবছৰমান আগতে এজন নামী মানুহে এটা কথা কৈছিল; সেই কথাটোৱে মোক আচৰিত কৰি দিছিল। তেওঁ এজন অতিশয় বিজ্ঞ, দক্ষতাসম্পন্ন মানুহ; ছাত্ৰ-ছাত্ৰী তথা উচ্চশিক্ষা জগতত তেওঁ এজন গ্লেমাৰাছ মানুহ; কেইবাখনো প্ৰতিষ্ঠানৰ পদবী শুৱনি কৰিছে তেওঁ। তেওঁলোকৰ গোটেই পৰিয়ালটোৰ এটা নাম আছে। মানুহজনে তাহানিৰ কটন কলেজত পঢ়ি...