চেমিনাৰসমূহত অংশ ল’ব লাগে কিয়?

তলৰ প্ৰায় গোটেই বক্তব্যখিনি মই আনৰ পৰা শুনা।

ট্ৰেইনিং প্ৰগ্ৰেম একোটাকো কেতিয়াবা চেমিনাৰ বুলি কোৱা হয়। বিখ্যাত লেখক ৰবীন শৰ্মাই তেওঁৰ অনুপ্ৰেৰণা প্ৰদানকাৰী বক্তৃতা অনুষ্ঠানবোৰকো চেমিনাৰ বুলি কয়। সেইধৰণৰ চেমিনাৰবোৰৰ কথা ইয়াত কোৱা নাই।

চেমিনাৰ বুলিলে সাধাৰণতে যিটো বুজা যায়, নতুন ধাৰণা-সম্পন্ন কৰ্মবোৰ বা উদ্ভাৱনবোৰৰ সম্পৰ্কে য’ত চৰ্চা হয়, তাকহে ইয়াত চেমিনাৰ বুলি কোৱা হৈছে।

কেইদিনমান আগতে এজন মানুহে ক’লে, তেওঁ এলানি চেমিনাৰ আয়োজন কৰিছিল, তেওঁক এজনে সুধিলে যে চেমিনাৰত থাকিলে চাৰ্টিফিকেট দিব নে নাই? চাৰ্টিফিকেট দিয়া নহয় বুলি কোৱাত তেওঁ চেমিনাৰ নুশুনিলে।

চেমিনাৰৰ উদ্দেশ্যটো কি আৰু ইয়াত ভাগ কিয় ল’ব লাগে সেই সম্পৰ্কে বিশেষকৈ আমাৰ দেশত ধৰণাটো কম। শ্ৰেষ্ঠতৰসকলৰ কথা কোৱা নাই। বাকীসকলৰ বহুতক কেৱল উপস্থিত থকাৰ চাৰ্টিফিকেটখন লাগে। ফলত ইয়াত ভাল কাম নহয়। কোনোবাই বহুত ভাল ৰিজাল্ট কৰিছে, কোনোবাই টান পৰীক্ষাত উত্তীৰ্ণ হৈছে, কোনোবাই প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকাৰ্য হৈছে — এই সকলোৱেই পূৰ্বতে আনে কৰি থোৱা কামখিনি পুনৰাবৃত্তি কৰিছে। বহু পূৰ্বতে কোনোবাই সামাধান এটা উলিয়াই থৈছে, কোনোবাই প্ৰমাণ এটা দি থৈছে — সেইবোৰ তেওঁলোকে ক’ৰবাৰ পৰা ক’পি কৰিছে, ক’ৰবাৰ পৰা উঠাইছে, আৰু সেইবোৰ তেওঁলোকে কাগজ বা মগজৰ পৰা পুনৰ উলিয়াই বেলেগত তুলি দিছে। তেওঁলোক পুনৰাবৃত্তি কৰাত পাৰ্গত হৈ উঠিছে। কিন্তু কোনোবাই এতিয়া নতুন বস্তু কেনেকৈ উলিয়াব? নতুন বস্তু উলিয়াবৰ কাৰণে নতুন ধাৰণা লাগিব। এজন মানুহে সম্পূৰ্ণ অকলে নতুন ধাৰণা আহৰণ কৰি কিবা সৃষ্টি কৰিব এতিয়াও পাৰিব পাৰে, কিন্তু সি একদম আদিম যুগৰ বস্তু হোৱাটোহে সম্ভৱ। হয়তো সেইটোও পূৰ্বতেই কোনোবাই উলিয়াইয়ো থ’ব পাৰে। ইমানবোৰ শতিকাৰ বিকাশৰ পাছত এতিয়া কিবা নতুন এটা সম্পন্ন কৰিবলৈ নতুন কথা জানিব লাগিব। আৰু বস্তুবোৰ ক্ৰমে ইমান বিস্তৃত হৈ গৈ আছে যে সেইবোৰ কিহৰ লগত কিহৰ সংযোগ আছে জানিব লাগিব। আনে কি নতুন ধাৰণা উলিয়াইছে, সেই ধাৰণাৰ লগত নিজৰ ধাৰণাৰ সংযোগ স্থাপন কৰিব পাৰি নে, এই কথাবোৰ নতুন নতুনকৈ জানি গৈ থাকিব লাগিব। এনেদৰে Collaborative কাম বৃদ্ধি পাব লাগিব। এইবাবেই চেমিনাৰৰ প্ৰয়োজন।

বিদেশৰ ভাল ভাল সকলো প্ৰতিষ্ঠানতে একোটা বিভাগত কোনে কি কৰি আছে চবেই গম পায়। তেওঁলোকৰ মাজত সেইবোৰ পুৰা চৰ্চা হৈছে থাকে। ফলত দেশবোৰত অধিক কাম হয়। আনহাতে আমাৰ ইয়াত কোনে কি কৰিছে ঘূণাক্ষৰেও একে বিভাগৰ একোজনেও নাজানে; প্ৰায়ভাগেই জনাবলৈ আৰু জানিবলৈয়ো ইচ্ছা নকৰে। কোনোবা বিভাগত ধৰক ৫০ জন আছে। তথাপি কোনোবা এজনে বাকী দহজনে কি কৰি আছে তাকো জানিব নোৱাৰে। ফলত আমাৰ দেশ পিছ পৰি আছে। এইটো পৰিৱেশ হোৱাৰ আৰু এটা কাৰণ আছে। ধাৰণাবোৰ ইমানেই নিম্ন পৰ্যায়ৰ যে বেলেগে গম পালে অসৎ উপায়েৰে তাকে লৈ কিবা এটা কৰি পেলাব, কাৰণ তেওঁকো নিম্ন কাম এটাৰেই লেঠা মৰাৰ সুযোগ দি থোৱা আছে। তেওঁলোকৰ কাম সহযোগীতামূলক নহয়। যদিহে সেই সুযোগ নাথাকে, তেতিয়াহ’লে দেশত ভাল কাম অধিক পৰিমাণে সমাধা হ’ব। আন দেশৰ দৰে উন্নত সৃষ্টি বেছিকৈ সম্ভৱ হ’ব।

No Comments

Post A Comment