LaTeX ত অসমীয়া লিখাৰ উপায়

LaTeX সঁজুলিসমূহৰ নতুন সংস্কৰণবোৰত প্ৰায়বোৰ ভাষাই লিখিব পাৰি। অসমীয়াও লিখিব পাৰি। সমীকৰণবোৰত অসমীয়া সংখ্যা-চিহ্নও ব্যৱহাৰ কৰিব পাৰি। অসমীয়া লিখিবলৈ fontspec আৰু babel package দুটা যোগ কৰিব লাগে। Run কৰা নিয়মটো সামান্য সুকীয়া; ইয়াৰ বাবে XeLaTeX বা LuaLaTeX ব্যৱহাৰ কৰিব লাগে।

অসমীয়া লিখিবলৈ এটা টেম্পলেট ইয়াত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। এইটোৰ বাবে প্ৰথমে Kalpurush ফণ্টটো কম্পিউটাৰত ইনষ্টল কৰি ল’ব লাগিব।

∎ এডিটৰ TexStudio ব্যৱহাৰকাৰীয়ে run কৰিবলৈ মেনুৰ পৰা এনেদৰে যাব লাগিব:

Tools → Cammands → XeLaTeX

∎ Winedt ব্যৱহাৰকাৰীয়ে এনেদৰে যাব লাগিব:

Tex → pdf → XeLaTex

অভিজ্ঞ ব্যৱহাৰকাৰীয়ে XeLaTex ৰ জৰিয়তে run কৰাৰ আন উপায়ো বিচাৰি ল’ব পাৰিব। সেইদৰে আন এডিটৰসমূহতো উপায় আছে।

Overleaf ত অসমীয়া লিখাৰ উপায়:

Overleaf হৈছে অনলাইন LaTeX এডিটৰ। ইয়াত সামূহিকভাৱেও এডিট কৰিব পাৰি। ইয়াত আন বহুতো সুবিধা আছে। মোবাইলত চলাবলৈয়ো যথেষ্ট ভাল।

ইয়াত অসমীয়াৰ বাবে ব্যৱহাৰ কৰা ফণ্টটো “project” টোত আপলোড কৰি ল’ব লাগে। ইয়াতো run কৰিবলৈ XeLaTeX বা LuaLaTeX ব্যৱহাৰ কৰিব লাগে।

Overleaf ত অসমীয়া লিখিবলৈ এটা টেম্পলেট ইয়াত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। এইটো টেম্পলেট ওপৰত দিয়া টেম্পলেটটোৰ সৈতে প্ৰায় একে, সামান্য সলনি এটা দৰকাৰ হৈছে যিটো অভিজ্ঞসকলে ধৰিব পাৰিব।

XeLaTeX লৈ সলনি কৰিবলৈ তলত দেখুওৱা চিহ্নটোত ক্লিক কৰক:

তাৰ পাছত তলত দেখুওৱা অংশটোত ক্লিক কৰি XeLaTeX বাছি লওক:

2 Comments
  • Anamika Borah
    Posted at 21:55h, 03 December Reply

    প্ৰয়োজনীয় তথ্য।

  • Deepak Goswami
    Posted at 22:27h, 25 December Reply

    বৰ ভাল প্ৰচেষ্টা হৈছে । চলাই থাকক ।

Post A Comment