গণিতৰ কেইটামান শাখাৰ লগত জড়িত কেইখনমান জাৰ্নেলৰ নাম তলত তালিকাভুক্ত কৰিছোঁ। নতুন ছাত্ৰ-ছাত্ৰীক এই তালিকাখনে সহায় কৰিব পাৰে। যদিহে এই বিষয়কেইটা তেওঁলোকৰ প্ৰিয়, তেন্তে এই জাৰ্নেলসমূহ চাব পাৰে আৰু নিজৰ পছন্দৰ গৱেষণা-পত্ৰ বিচাৰিব পাৰে। আৰু এইসমূহত তেওঁলোকে নিজৰ গৱেষণা-পত্ৰ প্ৰকাশ কৰাটো ন্যূনতম লক্ষ্য হিচাপে ল’ব...

বিভিন্নগৰাকী ছাত্ৰ-ছাত্ৰীয়ে মোক সুধি থাকে যে মই পিএইছডি কিয় এৰি দিছিলোঁ আৰু এতিয়া কিয় গৱেষণা-পত্ৰ উলিয়াইছোঁ। এই প্ৰশ্ন কৰোঁতাসকল প্ৰধানকৈ চাৰি ধৰণৰ: ১) তেওঁলোকে পিএইছডি কৰি আছে আৰু কিছুমান বেলেগ বেলেগ ধৰণৰ সমস্যাত পৰি কষ্টত দিন কটাইছে, আৰু মইয়ো তেনেকুৱা সমস্যাতে পৰি এৰিছিলোঁ নেকি বুলি এনেই...

কেইবছৰমান আগতে এজন নামী মানুহে এটা কথা কৈছিল; সেই কথাটোৱে মোক আচৰিত কৰি দিছিল। তেওঁ এজন অতিশয় বিজ্ঞ, দক্ষতাসম্পন্ন মানুহ; ছাত্ৰ-ছাত্ৰী তথা উচ্চশিক্ষা জগতত তেওঁ এজন গ্লেমাৰাছ মানুহ; কেইবাখনো প্ৰতিষ্ঠানৰ পদবী শুৱনি কৰিছে তেওঁ। তেওঁলোকৰ গোটেই পৰিয়ালটোৰ এটা নাম আছে। মানুহজনে তাহানিৰ কটন কলেজত পঢ়ি...

LaTeX সঁজুলিসমূহৰ নতুন সংস্কৰণবোৰত প্ৰায়বোৰ ভাষাই লিখিব পাৰি। অসমীয়াও লিখিব পাৰি। সমীকৰণবোৰত অসমীয়া সংখ্যা-চিহ্নও ব্যৱহাৰ কৰিব পাৰি। অসমীয়া লিখিবলৈ fontspec আৰু babel package দুটা যোগ কৰিব লাগে। Run কৰা নিয়মটো সামান্য সুকীয়া; ইয়াৰ বাবে XeLaTeX বা LuaLaTeX ব্যৱহাৰ কৰিব লাগে। অসমীয়া লিখিবলৈ এটা টেম্পলেট ইয়াত ক্লিক...

তলৰ প্ৰায় গোটেই বক্তব্যখিনি মই আনৰ পৰা শুনা। ট্ৰেইনিং প্ৰগ্ৰেম একোটাকো কেতিয়াবা চেমিনাৰ বুলি কোৱা হয়। বিখ্যাত লেখক ৰবীন শৰ্মাই তেওঁৰ অনুপ্ৰেৰণা প্ৰদানকাৰী বক্তৃতা অনুষ্ঠানবোৰকো চেমিনাৰ বুলি কয়। সেইধৰণৰ চেমিনাৰবোৰৰ কথা ইয়াত কোৱা নাই। চেমিনাৰ বুলিলে সাধাৰণতে যিটো বুজা যায়, নতুন ধাৰণা-সম্পন্ন কৰ্মবোৰ বা উদ্ভাৱনবোৰৰ সম্পৰ্কে য’ত...

শ্ৰেণীকোঠাত বা কোনো সভাকক্ষত শিক্ষক বা বক্তাসকলে কেইবাশ বছৰৰ আগৰ কোনো গণিতজ্ঞৰ বিষয়ে যেতিয়া বক্তৃতা দি থাকে তেতিয়া সেই গণিতজ্ঞজনে দেখুৱাই দিয়া পদ্ধতিবোৰ কেনেকৈ আজি পৰ্যন্ত ব্যৱহাৰ হৈ আহিছে, হাজাৰ বছৰ পাছতো সেইবোৰ কিয় প্ৰয়োজন হৈ থাকিব, তেতিয়াও সেই পদ্ধতিবোৰ পাহৰি গ’লে অধ্যয়ন কেনেকৈ সীমাবদ্ধ...