তলৰ প্ৰায় গোটেই বক্তব্যখিনি মই আনৰ পৰা শুনা। ট্ৰেইনিং প্ৰগ্ৰেম একোটাকো কেতিয়াবা চেমিনাৰ বুলি কোৱা হয়। বিখ্যাত লেখক ৰবীন শৰ্মাই তেওঁৰ অনুপ্ৰেৰণা প্ৰদানকাৰী বক্তৃতা অনুষ্ঠানবোৰকো চেমিনাৰ বুলি কয়। সেইধৰণৰ চেমিনাৰবোৰৰ কথা ইয়াত কোৱা নাই। চেমিনাৰ বুলিলে সাধাৰণতে যিটো বুজা যায়, নতুন ধাৰণা-সম্পন্ন কৰ্মবোৰ বা উদ্ভাৱনবোৰৰ সম্পৰ্কে য’ত...

শ্ৰেণীকোঠাত বা কোনো সভাকক্ষত শিক্ষক বা বক্তাসকলে কেইবাশ বছৰৰ আগৰ কোনো গণিতজ্ঞৰ বিষয়ে যেতিয়া বক্তৃতা দি থাকে তেতিয়া সেই গণিতজ্ঞজনে দেখুৱাই দিয়া পদ্ধতিবোৰ কেনেকৈ আজি পৰ্যন্ত ব্যৱহাৰ হৈ আহিছে, হাজাৰ বছৰ পাছতো সেইবোৰ কিয় প্ৰয়োজন হৈ থাকিব, তেতিয়াও সেই পদ্ধতিবোৰ পাহৰি গ’লে অধ্যয়ন কেনেকৈ সীমাবদ্ধ...