বহুতো ব্যক্তিয়ে কৈ থাকে যে “হীৰেন গোহাঁইয়ে সৌৰভ কুমাৰ চলিহাৰ গল্পক তাড়ীখানাৰ গল্প বুলি কৈছিল”। এই কথাটো শুদ্ধ নহয়। প্ৰকৃততে বাক্যটো কি আছিল? বাক্যখিনি আছিল— “সৰ্বশেষ সংকলন—‘এহাত ডাবা’—তাৰে দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ। সেইবোৰ সংকলনত সুমোৱাৰ কাৰণ নিশ্চয়—‘গভীৰ’ বা ‘মহৎ’ কলাৰ ধাৰণাৰ প্ৰতি মুখ ভেঙুচালি...