বহুতো ব্যক্তিয়ে কৈ থাকে যে “হীৰেন গোহাঁইয়ে সৌৰভ কুমাৰ চলিহাৰ গল্পক তাড়ীখানাৰ গল্প বুলি কৈছিল”। এই কথাটো শুদ্ধ নহয়। প্ৰকৃততে বাক্যটো কি আছিল? বাক্যখিনি আছিল— “সৰ্বশেষ সংকলন—‘এহাত ডাবা’—তাৰে দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ। সেইবোৰ সংকলনত সুমোৱাৰ কাৰণ নিশ্চয়—‘গভীৰ’ বা ‘মহৎ’ কলাৰ ধাৰণাৰ প্ৰতি মুখ ভেঙুচালি...

হোমেন বৰগোহাঞি: কেইজনমান লেখকৰ নাম বা উপাধিকেইটাই তথা সেইসমূহ উচ্চাৰণ কৰোঁতে সৃষ্টি হোৱা ধ্বনিবোৰে সৰুকালত মোৰ মনত এটা বেলেগ প্ৰভাৱ পেলাইছিল৷ যেনেঃ পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, নলিনীবালা দেৱী, ……৷ ডাঙৰ সাহিত্যিকসকলৰ নামবোৰ জন্মৰ পৰাই বেলেগ হয় বুলি ধাৰণা এটা মনত লাগি ধৰিছিল৷...

সৌৰভ কুমাৰ চলিহাৰ “অশান্ত ইলেক্ট্ৰন”ৰ “জ্যামিতি” নামৰ গল্পটোৰ “ক” চৰিত্ৰটোলৈ মনত পৰেনে?? সি “খ”ৰ প্ৰেমত পৰিছিল, আৰু বন্ধু “গ”ৰ লগত কথাবোৰ আলোচনা কৰিছিল আৰু দুয়ো একেলগে বহি “খ”ক চাইছিল। “খ”ইয়ো কোনো একোবাৰ পাৰহৈ মিচিকিয়াই থৈ গৈছিল; আৰু অলপ পাৰহৈ পিছপিনৰ যানবাহনলৈ কেইবাবাৰো চাইছিল...

“বাজানাৰ শেষ মূৰ্ছনা” মাৰ যোৱাৰ পিছতে দুজন বন্ধুৰ কথা-বতৰাৰ সামান্য এটা মুহূৰ্ত। যেন এটা ঝলক। গল্পটো আৰম্ভ হৈছে, আৰু শেষ হৈছে। সাধাৰণ আকৃতিৰ কিতাপৰ মাথোঁ পাঁছটা পৃষ্ঠা। যাৰ বিষয়ে গল্পটো লিখা হৈছে তেওঁৰ নামটো গল্পটোৰ ভিতৰত এবাৰো নাই। মাথোঁ শিৰোনামটোতহে আছে— বে’থ’ফে’ন। বে’থ’ফে’ন শৈশৱতেই সংগীতৰ বিস্ময়ৰূপে...