(৭১) বৰগোহাঞিদেৱলৈ শ্ৰদ্ধাঞ্জলি হোমেন বৰগোহাঞিদেৱৰ নিজৰে ভাষা ধাৰ কৰি আমি ক’ব পাৰোঁ যে— ঘৰখনত হোমেন বৰগোহাঞিৰ এখনো কিতাপ নথকা বা হোমেন বৰগোহাঞিৰ এখনো কিতাপ পঢ়ি নোপোৱা কোনোবা শিক্ষিত অসমীয়া মানুহ আছেনে? নিশ্চিতভাবে নাই। তেখেতৰ সম্পৰ্কে আমি আন এক ধৰণেও চাব পাৰোঁ। আমাৰ মাজত এটা বস্তুৰ ডাঙৰ অভাৱ আছে।...

বহুতো ব্যক্তিয়ে কৈ থাকে যে “হীৰেন গোহাঁইয়ে সৌৰভ কুমাৰ চলিহাৰ গল্পক তাড়ীখানাৰ গল্প বুলি কৈছিল”। এই কথাটো শুদ্ধ নহয়। প্ৰকৃততে বাক্যটো কি আছিল? বাক্যখিনি আছিল— “সৰ্বশেষ সংকলন—‘এহাত ডাবা’—তাৰে দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ। সেইবোৰ সংকলনত সুমোৱাৰ কাৰণ নিশ্চয়—‘গভীৰ’ বা ‘মহৎ’ কলাৰ ধাৰণাৰ প্ৰতি মুখ ভেঙুচালি...

হোমেন বৰগোহাঞি: কেইজনমান লেখকৰ নাম বা উপাধিকেইটাই তথা সেইসমূহ উচ্চাৰণ কৰোঁতে সৃষ্টি হোৱা ধ্বনিবোৰে সৰুকালত মোৰ মনত এটা বেলেগ প্ৰভাৱ পেলাইছিল৷ যেনেঃ পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, নলিনীবালা দেৱী, ……৷ ডাঙৰ সাহিত্যিকসকলৰ নামবোৰ জন্মৰ পৰাই বেলেগ হয় বুলি ধাৰণা এটা মনত লাগি ধৰিছিল৷...