"Know what you want, and don't get distracted." — Maryam Mirzakhani ২০১৪ চনৰ ১৩ আগষ্টত মাৰিয়াম মিৰ্জাখানীয়ে ফিল্ডছ্ মেডেল লাভ কৰিলে। ফিল্ডছ্ মেডেল প্ৰতিষ্ঠাৰ পৰা তেতিয়ালৈ ৭৮ বছৰীয়া ইতিহাসত, এই সন্মান পোৱা প্ৰথমগৰাকী মহিলা হিচাপে তেওঁ বহু মানুহৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হ’ল। এই উলাহ, আকৰ্ষণ,...

দেশ-বিদেশৰ বিভিন্ন যুদ্ধবোৰে কিমান এন ফ্ৰাংকৰ অলিখিত-অপ্ৰকাশিত ডায়েৰি তৈয়াৰ কৰিছে বা কিমান প্ৰতিভা বিকাশৰ সম্ভৱনাবোৰ মষিমূৰ কৰি গৈছে তাৰ হয়তো সীমা-সংখ্যা নাই। তাৰোপৰি আছে ইতিহাসৰ শ শ অধ্যায় বিষময় কৰি ৰখা সামাজিক তথা পৰিয়াল কেন্দ্ৰীক বাধাবোৰ। মাৰিয়াম মিৰ্জাখানীয়ে কৈছিল— তেওঁ সৌভাগ্যৱান যে তেওঁ প্ৰাথমিকক বিদ্যালয়...