হং ৱাং

“I hope everyone will have the courage to bravely do what they love.”

— Hong Wang

যোৱা মাৰ্চ মাহত মই এটা এআই (AI) সঁজুলিত সুধিছিলোঁ যে ২০২৬ ত ফিল্ড্‌ছ্‌ মেডেল কোনে কোনে পাব পাৰে। মই চাব বিচাৰিছিলোঁ, এআইয়ে কিমান শুদ্ধ অনুমান কৰিব পাৰিছে পাছত পৰীক্ষা কৰি চাম। আৰু এই জুলাই মাহত ফিল্ড্‌ছ্‌ মেডেল ঘোষণা কৰাৰ লগতে প্ৰদান কৰা হয়। সঁজুলিটোৱে দিয়া ছটা নামৰ ভিতৰত তিনিজনৰ নাম শুদ্ধ হৈছে। চাৰিজনে পাবলগীয়া ফিল্ড্‌ছ্‌ মেডেল সম্পৰ্কত সাম্ভাব্য মাথোঁ ছজনৰহে নাম দিওঁতেও, তিনিজনৰেই নাম শুদ্ধ হোৱাটো অতি সাংঘাতিক অনুমান।

প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত গণিতৰ সৰ্ববৃহৎ আৰু বৰ্ণাঢ্য ইতিহাস সম্বলিত সন্মিলনখনত এই বঁটা প্ৰদান কৰা হয়। চল্লিছ বছৰতকৈ কম বয়সৰ সাধাৰণতে চাৰিজনক প্ৰতিবাৰে এই বঁটা প্ৰদান কৰে। এইটো গণিতৰ শীৰ্ষ স্থানৰ অতি গ্লেমাৰাছ বঁটা আৰু ইয়াক অতি সন্মানীয় হিচাপে গণ্য কৰা হয়। এইবাৰ ফিল্ড্‌ছ্‌ মেডেল লাভ কৰা চাৰিজনৰ নাম হৈছেঃ য়ু ডেং, জন পাৰ্ডন, জেকব টিমাৰমেন, আৰু হং ৱাং। ইয়াৰে হং ৱাং হৈছে, কুৰি শতিকাৰ প্ৰথম অৰ্ধতে আৰম্ভ হোৱা এই বঁটাটি লাভ কৰা তৃতীয়গৰাকী মহিলা।

ইমান এটা শুদ্ধ অনুমান আগবঢ়াব পৰা দক্ষতাটোৱে, কৃত্ৰিম বুদ্ধিমত্তা অতি কম দিনৰ ভিতৰতে কেনে এটা পৰ্যায়লৈ গতি কৰিব তাৰেই ইংগিত বহন কৰিছে। এই পৰ্যায়ৰ শুদ্ধ আনুমান কৰিব পৰা কাৰ্যটোৰ আন এটা অৰ্থ এয়াও যে— এইসকল ব্যক্তি ইতিমধ্যে ব্যাপক চৰ্চিত আৰু তেওঁলোকৰ সম্পৰ্কীয় বিভিন্ন তথ্যবস্তু ই-জগতত গভীৰ প্ৰভাৱশালী হৈ আছে। উদাহৰণস্বৰূপে, পেৰিছত অৱস্থিত ‘উচ্চতৰ বৈজ্ঞানিক অধ্যয়ন প্ৰতিষ্ঠান’ৰ (IHÉS) স্থায়ী অধ্যাপক পদত নিযুক্ত হোৱা দ্বিতীয় গৰাকী মহিলা হিচাপেও হং ৱাঙে ইতিমধ্যে বিশ্বৰ গণিত জগতত উচ্চ আসন লাভ কৰি সংবাদ শিৰোনাম দখল কৰিছিল। তাহানিৰ আইনষ্টাইন খ্যাত আৰু প্ৰিন্সটনত অৱস্থিত ‘উচ্চতৰ অধ্যয়ন প্ৰতিষ্ঠান’ৰ (IAS) আৰ্হিত ফ্ৰান্সত স্থাপন কৰা এই প্ৰতিষ্ঠানটোৰ প্ৰাৰম্ভিক কালৰ এগৰাকী স্থায়ী অধ্যাপক আলেকজেণ্ডাৰ গ্ৰোথিএনডিকো আছিল ফিল্ড্‌ছ্‌ মেডেলিষ্ট, যিজন গণিতজ্ঞই কুৰি শতিকাৰ গণিতৰ ধাৰা সলনি কৰি পেলাইছিল। কেৱল তেওঁৰ দ্বাৰাই নহয়, এই প্ৰতিষ্ঠানৰ পৰা গণিতৰ বিকাশ সাধন হোৱাৰ উপৰি গণিতৰ নতুন বিষয় উদ্ভাৱন হোৱাটো এটা যেন সহজ পৰিঘটনা। এইখিনিতে মনত পৰিছে যে, অসমীয়াৰ মৰমৰ আৰু সন্মানীয় গণিতজ্ঞ অনুপম শইকীয়াই এই IHÉS ত পোষ্ট-ডক্টৰেল গৱেষণা কৰিছিল।

হং ৱাঙে ফিল্ড্‌ছ্‌ মেডেল লাভ কৰাটো নিশ্চিতই হৈ পৰিছিল এইবাবেও যে তেওঁ শত বছৰ পুৰণি ককেয়া অনুমানটো তিনি মাত্ৰাৰ বাবে প্ৰমাণ কৰিছিল। কিন্তু ফিল্ড্‌ছ্‌ মেডেল পাব বুলি কোনোবাই ক’লে, তেওঁ নম্ৰ স্বভাৱৰ বাবে সেয়া মানি নলৈছিল।

ককেয়া অনুমানটো প্ৰথমে তেনেই সহজ যেন লগা সমস্যা। কলম একোটাৰ মাজৰ অংশত ধৰি টেবুলত ঘূৰাই বৃত্তাকাৰ ৰূপ সৃষ্টি কৰাৰ অভ্যাস এতিয়াও নিশ্চয় বহুতৰে আছে। এটা কলম কল্পনা কৰক, যিটো সম্পূৰ্ণৰূপে লাহী। তাক যদি তেনেকৈ এবাৰ ঘূৰোৱা হয়, অৰ্থাৎ ১৮০ ডিগ্ৰী ঘূৰোৱা হয়, তেন্তে সি এটা বৃত্ত সৃষ্টি কৰিব। এই কাৰ্যটো কৰোঁতে কলমটোৰ মূৰ দুটাই মিলি সমতলখনৰ সমস্ত দিশ চুই যায়। মূৰ দুটাই সমস্ত দিশ চুই যোৱাকৈ যদিহে বেলেগ কিবা ধৰণে কলমটো ঘূৰোৱা হয়, তেতিয়া সি বেলেগ গঠন সৃষ্টি কৰিব। প্ৰশ্নটো হ’ল, এই গঠনবোৰৰ মাজৰ আটাইতকৈ সৰু গঠনটো কেনেকুৱা হ’ব পাৰে। আচৰিত যেন লগা কথাটো হ’ল, সমতলত এনেকুৱা গঠনো পোৱা যাব যাৰ কালি শূন্য হ’ব।

এশ বছৰৰ পূৰ্বে জাপানী গণিতজ্ঞ চ’ইজি ককেয়াই এই লৈয়ে এটা অনুমান আগবঢ়াইছিল। সমতলৰ বাবে, অৰ্থাৎ দুই মাত্ৰাৰ বাবে, উত্তৰটো ময়ো যেনেকৈ অন্ততঃ লিখি দিব পাৰিলোঁ, তেনেকৈ তিনি মাত্ৰাৰ বাবে ইয়াৰ উত্তৰটোও মই বুজিব পৰা এতিয়া হোৱা নাই। আৰু ইয়াৰ প্ৰমাণটোৰ সম্পৰ্কে হং ৱাঙে যেতিয়া এখন কনফাৰেন্সত বক্তৃতা দিছিল, তেতিয়া তাত উপস্থিত থকা এজনে ৰসিকতা কৰি কৈছিল যে— এই প্ৰমাণটো বুজি পোৱা মানুহ পৃথিৱীত কেৱল দুজনেই আছে, তেওঁলোক হৈছে প্ৰমাণটো কৰা সহ-লেখক দুজন। অৱশ্যে, তেওঁলোকে প্ৰমাণটো arXiv ত আপলোড কৰাৰ পাছৰে পৰা সাক্ষাৎকাৰ আদিলৈ ইমান নিমন্ত্ৰণ লাভ কৰিছিল যে নিজৰ কামত বাধা নাহিবলৈ তেওঁলোকে সেইবোৰৰ পৰা সচেতনে আঁতৰি চলিব লগা হৈছিল। প্ৰমাণটো মুকলি কৰাৰ পূৰ্বে তেওঁলোকে পৰীক্ষা কৰিবলৈ দিয়া এজন ব্যক্তি, মহান গণিতজ্ঞ টেৰেন্স টাৱে পাছত কৈছিল— হাৰমনিক বিশ্লেষণত এইটো সম্ভৱতঃ অন্ততঃ যোৱা বিছ বছৰৰ ভিতৰত সৰ্ববৃহৎ বিকাশ সাধন। আন বিভিন্ন গণিতজ্ঞই এইটো একবিংশ শতিকাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ বিকাশসমূহৰ এটা বুলি অভিহিত কৰে। আচলতে, একবিংশ শতিকাত হং ৱাঙৰ প্ৰৱেশ এছাটি ধুমুহাৰ দৰে।

এনে পৰ্যায়ৰ কাম কৰা হং ৱাঙৰ কাম কৰাৰ ধৰণ কেনেকুৱা? সমস্যা সমাধানৰ সম্পৰ্কত আন প্ৰসিদ্ধ গণিতজ্ঞসকলে সাধাৰণতে যিটো কথা হয়, সেইটো হং ৱাঙৰ মুখতো শুনিবলৈ পোৱা যায় যে— কেৱল সমাধানটোৱেই মূল উদ্দেশ্য নহয়। কেনেকৈ গণিতৰ কেইবাটাও পৃথক বিষয়বস্তু একে স্থানলৈ আহি সংযোজিত হৈছে, সেইটোহে সমাধান প্ৰক্ৰিয়াত অধিক গুৰুত্বপূৰ্ণ আৰু সেইটোৱে দেখুৱায় গণিতৰ সৌন্দৰ্য। তেওঁ ককেয়া অনুমানটো প্ৰমাণ কৰিম বুলিয়েই কামত ধৰা নাছিল। তেওঁ আৰম্ভ কৰিছিল বেলেগ এটা কাম আৰু সি পৰিণতিত দিছিল তিনি মাত্ৰাৰ ককেয়া অনুমানটো প্ৰমাণ ৰূপে।

আধুনিক সময়ত বৈজ্ঞানিক কৰ্ম মানেই সযোগিতামূলক কৰ্মত পৰিণত হৈছে। হং ৱাঙে কয় যে, যদি আপুনি কেৱল এককভাৱেই কাম কৰিব লগা হয়, তেন্তে যেতিয়া আপুনি কামটোত জোঁট-পোঁট খাই ধৰে, তেতিয়া কেতিয়াবা আপুনি হতাশ হ’ব পাৰে বা কামটো বাদেই দিয়াটোকে ভাবিব পাৰে। কিন্তু, যেতিয়া আপোনাৰ বিভিন্নজন সহযোগী থাকে, কোনোবা এজন মাথোঁ সহযোগীৰ উৎসাহী অৱস্থাৰ প্ৰভাৱত আনসকলেও উদ্যম লাভ কৰিব পাৰে আৰু কামটো আগবঢ়াই নিয়াৰ দায়িত্ব অনুভৱ কৰিব পাৰে। একোটা প্ৰকল্প দীৰ্ঘকাললৈ বৰ্তী থকাত ই সহায় কৰে। এইটো গুৰুত্বপূৰ্ণ, কাৰণ সমাধান ওলোৱাৰ পূৰ্বে বহু সময়তেই বিজ্ঞানীসকলে কেৱল বিফলতা দেখে। হং ৱাঙে আৰু কয় যে তেওঁ সুকীয়া সুকীয়া বিষয়ৰ সম্ভাৱনাপূৰ্ণ সহযোগীৰ অন্বেষণত থাকে। তেওঁৰ কামে কেইবাটাও সুকীয়া সুকীয়া বিষয়ক একেখন মঞ্চলৈ লৈও আনিছে ইতিমধ্যে। হাৰমনিক বিশ্লেষণৰ সৈতে মিজাৰ থিয়ৰি, আংশিক অৱকলজ সমীকৰণ, বিন্যাস তত্ত্ব, সংখ্যা তত্ত্ব ইত্যাদিৰ এনেদৰে সংযোজন হৈছে। তেওঁ পোষ্ট-ডক্টৰেল গৱেষণাৰ সময়ত এটা সমস্যাৰ লগত ডেৰ বছৰ ধৰি ফচি আছিল। পাছত তেওঁ সেইটো সৰু সৰু প্ৰকল্পত ভাগ কৰি সহযোগীৰ সৈতে কামত লাগিছিল আৰু সেই কাৰ্যই উৎপাদনশীলতা বৃদ্ধিৰ লগতে অনবদ্য বিকাশ সাধনত অৰিহণা যোগাইছিল।

তীব্ৰ গতিক দক্ষতা হিচাপে গণ্য কৰা প্ৰতিযোগিতাৰ পৰা হং ৱাং সৰুৰে পৰা আঁতৰি আছিল। যেনে, আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড ধৰণৰ প্ৰতিযোগিতাত তেওঁৰ আগ্ৰহ নাছিল। এয়া এনেকুৱা কথা নহয় যে তেওঁ তাৰ বিৰোধী। তেওঁৰে এগৰাকী অনুপ্ৰেৰণা টেৰেন্স টাও এই ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত, যি আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত আটাইতকৈ কম বয়সতে স্বৰ্ণ পদক বিজয়ী হিচাপে ৰেকৰ্ডো গঢ়িছিল। সিদিনা ফিল্ড্‌ছ্‌ মেডেল লাভ কৰাৰ পাছত আন্তঃৰাষ্ট্ৰীয় কনফাৰেন্সখনৰ পৰম্পৰাগত প্ৰেছ-মিটখনতো এটা প্ৰশ্নৰ উত্তৰত হং ৱাঙে নিজা নিজা গতিৰ সম্পৰ্কত মন্তব্য কৰে। তেওঁ কয় যে, যেতিয়া এটা ফলাফলত উপনীত হোৱা যায় তেতিয়া সি কিমান সময় ল’লে সেইটো গুৰুত্বপূৰ্ণ হৈ নপৰে, কাৰোবাৰ বাবে ই দ্ৰুত হ’ব পাৰে আৰু কাৰোবাৰ বাবে ই লেহেমীয়া, যিটোৱে প্ৰকৃততে একো গুৰুত্ব নিদিয়ে, নিজৰ সময় লৈ কৰি যাব লাগে। পূৰ্বতেও তেওঁ কৈছে যে, উত্তৰ বিচাৰিবলৈ খৰখেদা কৰাতকৈ সমস্যাসমূহৰ অন্তৰ্নিহিত বক্তব্য স্বতন্ত্ৰভাৱে চিন্তা কৰাৰ প্ৰক্ৰিয়াটো অতি গুৰুত্বপূৰ্ণ।

তেওঁৰ বক্তব্য হৈছে, “কেতিয়াবা কেইবাবছৰ ধৰি কাম কৰি থকা হয় আৰু সমস্যাটোৰ একো সমাধান নোলায়গৈ। কিন্তু, এই পথত যিবোৰ সঁজুলিৰ সৃষ্টি হয়, যি অন্তৰ্বোধ (intuition) আহে, যিসমূহ আৰ্হি আদি নিৰ্মাণ কৰা হয়, এই গোটেইবোৰ অপৰিহাৰ্য সম্পদ ৰূপে পৰিগণিত হয়।” তেওঁ গাণিতিক যাত্ৰা-পথত উপযুক্ত সময়ত উপযুক্ত ব্যক্তিৰ সৈতে মুখামুখি হোৱাটো কৃতজ্ঞতাৰে সোঁৱৰণ কৰে, যাৰ বাবে তেওঁ উপযুক্ত গৱেষণা-সমস্যাত হাত দিয়াৰ সঠিক নিৰ্দেশনা লাভ কৰিব পাৰিছিল, আৰু নিজকে সম্পূৰ্ণৰূপে নিজৰ গৱেষণাত নিৱিষ্ট কৰিব পৰা পৰিৱেশবোৰ পাইছিল। তেওঁৰ মতে, গণিতে দাবী কৰে নিয়মানুৱৰ্তিতা। যিসকলে তেওঁৰ সৈতে কাম কৰিবলৈ সন্মত হয়, যিসকলে নিজৰ অন্তৰ্দৃষ্টিৰ লগতে নিজৰ খু-দুৱনি আলোচনা কৰিবলৈ আগ্ৰহী হয়, তেওঁৰ ওপৰত সেইসকলৰ অৱদান তেওঁ স্বীকাৰ কৰে। গাণিতিক গৱেষণাই কঢ়িয়াই অনা তীব্ৰ চাপ আৰু আত্ম-সংশয় নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ নিয়মীয়াকৈ খোজো কাঢ়ে। চিত্ত-বিক্ষেপণ (distraction) দূৰ কৰিবলৈ আৰু মানসিক শক্তি বৰ্তাই ৰাখিবলৈও তেওঁ চিন্তা কৰিবলগীয়া হয় বা বিভিন্ন পদ্ধতি ল’বলগীয়া হয়।

No Comments

Post A Comment