পৃথিৱীৰ উত্তৰ মেৰু উত্তৰ মহাসাগৰ(Arctic Ocean)ৰ মাজভাগত অৱস্থিত, য’ত সাগৰ-পৃষ্ঠ দুই-তিনি মিটাৰ ডাঠ বৰফে আবৰি থাকে। সেই স্থানত সাগৰৰ গভীৰতা চাৰি কিলোমিটাৰৰ অধিক। মানুহে তাত প্ৰথম খোজ পেলাবলৈ সক্ষম হৈছিল কুৰি শতিকাৰ প্ৰথমভাগত। ১৯৮৫ চনৰ ৬ এপ্ৰিলত নীল আৰ্মষ্ট্ৰং, এডমাণ্ড হিলাৰী, ষ্টিভ ফছেট, পাট্ৰিক মৰো,...

(১) ষ্টিফেন হকিঙৰ কম্পিউটাৰ-নিৰ্ভৰ কথোপকথন ব্যৱস্থাৰ বাবে ২০১৪ চনৰ ডিচেম্বৰত উন্নত নতুন প্ৰণালী এটা নিৰ্মাণ সম্পূৰ্ণ কৰি তাত ব্যৱহৃত চফ্টৱেৰটো “open source” হিচাপে ইনটেল(Intel)-এ মুকলি কৰি দিয়ে। যাৰ বাবে, সেইটো আৰু উন্নত কৰাত অধিক মানুহ জড়িত হ’ব পাৰিব, আৰু কথা কোৱাৰ সক্ষমতা নথকা আন মানুহেও সেইটো...

সাহিত্যৰ ক্ষেত্ৰত অসমত বহুকেইটা বঁটা আছে৷ সাহিত্য অকাডেমীৰ বঁটাসমূহো আছেই৷ আৰু বিশেষকৈ অসম উপত্যকা সাহিত্য বঁটাটিও আছে৷ কিন্তু বিজ্ঞানৰ ক্ষেত্ৰত কোনো বঁটা নাই৷ একেদৰে শান্তিৰ বাবেও কোনো বঁটা নাই৷ বিজ্ঞানীক সন্মানীত কৰাৰ ব্যৱস্থা অসমত সঁচাকৈয়ে কেতিয়াও গঢ়ি নুঠিবই নেকি? আৰু অসমৰ শান্তিৰ বাবে কাম কৰাৰ...

কোনো কোনো সংবাদ-মাধ্যমে মেট্ৰিকৰ ৰিজাল্টৰ পাছত এনে এটা কথা প্ৰচাৰ কৰে যে "অসমীয়া মাধ্যমৰ অগ্ৰগতি"৷ কিন্তু সেয়া সঁচাকৈ কিবা অগ্ৰগতি নে ভৱিষ্যতৰ এখন পংগু সমাজৰ সংকেতহে? এচামে যিমানেই গালি-গালাজ নাপাৰক কিয় আমি সকলোৱেই আমাৰ অনুজ প্ৰজন্মক ইংৰাজী মাধ্যমতহে পঢ়ুওৱা উচিত৷ আমাৰ মানুহে চিকিৎসা-বিজ্ঞান পঢ়িব লাগে...

নবেম্বৰ-ডিচেম্বৰ— এই সময়খিনিত কিছুসংখ্যক সংবাদ-প্ৰতিষ্ঠান বা আন অনুষ্ঠান-প্ৰতিষ্ঠানে বছৰটোৰ বিশেষ দহজন বা বিশজন ব্যক্তি আদিৰ তালিকা উলিওৱাৰ যো-যা চলায়। এইসমূহৰ প্ৰত্যেকৰে উদ্দেশ্য পৃথক পৃথক। বহুতে “আনেও উলিয়াই যেতিয়া, আমিও পাৰোঁচোন” বুলি উলিয়ায়। বহুতে, বছৰটোত ইতিমধ্যে যিসকল অলপ বিখ্যাত হ’ল বা কিবাকৈ বিদেশৰ পৰা কিবা এটা-দুটা...

বাৰিষা তিনি-চাৰিটা বানে জুৰুলা কৰা গাওঁখনত থাকিলে পঢ়া নহ’ব বুলি সম্পৰ্কীয়ৰ এখন গাঁৱলৈ পঢ়িবলৈ পঠালে; কাৰণ প্ৰতিবাৰে কেৱল বানেই অহা নাছিল, লগতে খহনীয়াও কাষ চাপি আহি আছিল। মানে, ক্ষণভংগুৰ মাটিৰ এঠাইৰ পৰা পঠোৱা হৈছিল স্থায়ী মাটিৰ আন এঠাইলৈ। ভংগুৰ মাটিৰ মানুহবোৰৰ মনত স্থায়ী মাটিৰ মানুহৰ...