ক’ৰোনাত অসমীয়া আলোচনী আৰু অসমীয়াৰ বৌদ্ধিক ভৱিষ্যৎ

“প্ৰান্তিক” আলোচনীৰ শেহতীয়া এটা সংখ্যা প্ৰকাশ পোৱা নাই। ক’ৰোনা ভাইৰাছৰ বাবে যাতায়ত ব্যৱস্থা, বজাৰ আদি বন্ধ হৈ পৰাত আলোচনীখন প্ৰকাশ কৰাটো অসম্ভৱ হৈ পৰিছে। ই বাতৰিৰ শিৰোনাম দখল কৰিছে। ফে’ছবুক আদিত বহুতো বিশিষ্ট ব্যক্তিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আলোচনীখনৰ পৰৱৰ্তী কেইবাটাও সংখ্যাও প্ৰকাশ নাপাব পাৰে। আন আলোচনী আৰু বহুতো বিহু সংখ্যাৰ আলোচনীৰো একে অৱস্থা হোৱাৰ সম্ভাৱনা আছে। ৰাইজৰ প্ৰতিক্ৰিয়াৰ কাৰণ দুটা — এটা হৈছে ইয়াৰ লগত ভালেখিনি মানুহৰ বেপাৰ বা উপাৰ্জন জড়িত হৈ আছে, আৰু তাতোকৈ বহু ডাঙৰ কাৰণটো হৈছে ইয়াৰ লগত অসমীয়াৰ বৌদ্ধিক ব্যৱস্থাৰ এটা ডাঙৰ দিশ জড়িত হৈ আছে। কিন্তু বৌদ্ধিক দিশটোৰ ক্ষেত্ৰত ৰাইজ ইমান উদ্বিগ্ন হ’ব নালাগিলহেঁতেন যদিহে আলোচনীসমূহৰ অনলাইন সংস্কৰণ থাকিলহেঁতেন! “প্ৰান্তিক” পৰিচালনা কৰে এজন অশীতিপৰ ব্যক্তিয়ে, ই এখন বিনোদন আলোচনী নহয়, এনে এখন আলোচনী বছৰৰ পিছত বছৰ ধৰি প্ৰকাশ হৈ থকাটোৱেই তেওঁৰ অসামান্য কৃতিত্ব। গতিকে নতুনকৈ শিকিবলগীয়া নতুন প্ৰযুক্তিগত দিশটোৰ ক্ষেত্ৰত “প্ৰান্তিক”ক নিলগাই আন কিছুমান কথা দোহাৰিব খুজিছোঁ।

অসম সাহিত্য সভা, অসম প্ৰকাশন পৰিষদ আদিৰ দৰে বৌদ্ধিক প্ৰতিষ্ঠানে অনলাইন আলোচনীৰ ব্যৱস্থা কৰিব লাগে। ক’ৰোনা পাদুৰ্ভাৱৰ লগে লগে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ প্ৰতিখন ৰাজ্যই ৰাজ্যই জনসাধাৰণৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আছুতীয়া চিকিৎসালয় আদিৰ ব্যৱস্থা আগতীয়াকৈ সাজু কৰা হ’ল। তেনেদৰে বৌদ্ধিক ভৱিষ্যতৰ কথা চিন্তা কৰি কিছুমান অনলাইন ব্যৱস্থাও গঢ়ি তুলিব লাগে। আচলতে এইসমূহ ইতিমধ্যেই গঢ়ি তুলিব লাগিছিল। এয়া হৈ নুঠাটোৱে বৌদ্ধিক সীমাৱদ্ধতাৰ কথা সূচায়। এয়া কোনো ব্যক্তি বিশেষৰ কথা কোৱা নাই, সামুহিক অৱস্থাৰ কথা কোৱা হৈছে। এনে প্ৰতিষ্ঠানসমূহে অনলাইন যোগে সম্পূৰ্ণ নতুন লেখা প্ৰকাশৰ ব্যৱস্থা কৰাৰ লগতে পূৰণি অতি গুৰুত্বপূৰ্ণ প্ৰবন্ধ-গল্প-কবিতাও পুনৰ প্ৰকাশৰ দিহা কৰিব লাগে।

আনহাতে আমাৰ এখনো বিশ্ববিদ্যালয়ৰ এখনো অনলাইন আলোচনী নাই। বিশ্বপ্ৰসিদ্ধ বিশ্ববিদ্যালয়সমূহৰ আনলাইন আলোচনী বা নিউজ-পত্ৰিকাসমূহ একোটা জ্ঞান-ভাণ্ডাৰ। অতি ব্যস্ত অধ্যাপক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলেই ইয়াৰ লেখক। এনেকুৱা কেইবাখনো বিশ্ববিদ্যালয়ৰ আলোচনীৰ ইমেইল চাবস্ক্ৰাইব কৰি থোৱা আছে। প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ এখন আলোচনী এই দুদিনমান আগত ওলাইছে। আমাৰ দুই-এখন কলেজৰ পৰা অনলাইন আলোচনী (বা পিডিএফত) এখন-দুখন ওলাইছে; কিন্তু সেইসমূহো গোটেই কলেজখনক বা বিশ্ববিদ্যালয়খনক প্ৰতিনিধিত্ব কৰা আলোচনী নহয়, একোটি ক্ষুদ্ৰ গোটৰ আলোচনী, বিষয়-বস্তুৰ পৰিসৰ সীমিত, লিখনিৰ গভীৰতা পাবলৈ বাকী আছে আৰু ব্যাপক প্ৰভাৱিত কৰিব পৰা অৱস্থা পাবলৈ বহু যোজন দূৰ আছে। বিশ্ববিদ্যালয়ৰ ভিতৰৰ পৰা হোৱা আৱিষ্কাৰ বা উদ্ভাৱনসমূহৰ ভিত্তিত নিউজ-পত্ৰিকা একোখন উলিওৱাটো আমাৰ ইয়াৰ পৰিসৰত নিশ্চয় সম্ভৱ নহয়; অন্ততঃ মাহেকীয়া সংখ্যা হিচাপে সম্ভৱ নহয়। কিন্তু একোখন আলোচনী উলিওৱাটো সম্পূৰ্ণ সম্ভৱ; যাৰ ভিতৰতে নিউজ-পত্ৰিকাখনো অন্তৰ্ভুক্ত হৈ থাকিব পাৰে। প্ৰতিখন বিশ্ববিদ্যালয়ে আলোচনীখন প্ৰতিষ্ঠা কৰি এটা সন্মানীয় মৰ্যাদালৈ লৈ যাব লাগিব। প্ৰতিটো বিভাগলৈ আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰতিখন মহাবিদ্যালয়-প্ৰতিষ্ঠানলৈ এই সম্পৰ্কীয় খবৰটো যাব লাগিব। আৰু বিভাগে বিভাগে, কলেজে-প্ৰতিষ্ঠানে ইয়াৰ ব্যৱস্থা থাকিব লাগিব। ধৰক কোনোবা এজনে পদাৰ্থ বিজ্ঞানৰ লগত জড়িত প্ৰবন্ধ এটা লিখিছে বা ৰাজনীতি বিজ্ঞানৰ এটা প্ৰবন্ধ লিখিছে; তেওঁ প্ৰবন্ধটো বিষয় অনুসৰি নিজৰ পদাৰ্থ বিজ্ঞান বা ৰাজনীতি বিজ্ঞান বিভাগত জমা দিব পাৰিব। তাৰ পৰা পৰীক্ষা কৰি কৰ্তৃপক্ষই আলোচনীখনলৈ প্ৰেৰণ কৰিব পাৰিব। বাহিৰৰ পৰাও লেখা প্ৰেৰণ বা লেখা সংগ্ৰহৰ ব্যৱস্থাও থাকিব লাগে। গৱেষণা-পত্ৰক বাদ দি যিকোনো গৱেষণা-ধৰ্মী প্ৰবন্ধ, জনপ্ৰিয়-প্ৰবন্ধ, সংবাদ-ধৰ্মী প্ৰবন্ধ প্ৰকাশ কৰিব লাগে। মাথোঁ এটা লক্ষ্য কৰিব লাগে যাতে তাত লেখকৰ অধ্যয়ন, উপলব্ধি আৰু কষ্ট পৰিস্ফূট হৈ থাকে, আৰু ব্যৱস্থাটো স্বচ্ছ হ’ব লাগে। প্ৰতি বছৰে নতুন ক্লাছ আৰম্ভ হোৱাৰ লগে লগে এই সম্পৰ্কত বিভাগবোৰত পোষ্টাৰিং কৰিব লাগে। পাঁছ বছৰমান এনে কৰা পাছত ই সম্পূৰ্ণ ৰূপে জনাজাত হৈ পৰিব।

ক’ৰোনাৰ আতংক কিউপিনে বিয়পি যোৱাৰ লগে লগে বহুতে এটা খবৰ নিশ্চয় পাইছে যে বিশ্বশ্ৰেষ্ঠ প্ৰায়ভাগ গৱেষণা-পত্ৰিকাই ক’ৰোনা সম্পৰ্কীয় গৱেষণা-পত্ৰবোৰ Open accessৰ সুবিধা কৰি প্ৰকাশ কৰিছে। ই এক মহৎ খবৰ। এই Open access বোলা প্ৰক্ৰিয়াটোৰ সম্পৰ্কে সাধাৰণ মানুহৰ প্ৰায়ভাগৰে ধাৰণা নাই। শ্ৰেষ্ঠ গৱেষণা-পত্ৰিকাবিলাক বহু দামী হয়, এজন মানুহে নিজাকৈ এখন কিনাটোও সম্ভৱ নহয়। এইবোৰ ক্ৰয় কৰে বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠান কিছুমানে; আৰু তাৰ পৰা ছাত্ৰ-ছাত্ৰী, অধ্যাপক বা কৰ্মীসকলে পঢ়িব পাৰে। কিন্তু সকলো বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানে ইমান টকা খৰচ নকৰে বা কৰিব নোৱাৰে। এনে গৱেষণা-পত্ৰিকা এখন অনলাইন প্ৰকাশ হ’লেও আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ পৰা সেইখন পঢ়িব নোৱাৰে যদিহে আপোনাৰ মোবাইল বা কম্পিউটাৰটো কোনো বিশ্ববিদ্যালয়ৰ সৈতে সংযোগ হৈ নাথাকে আৰু যদিহে সেই পত্ৰিকাখন বিশ্ববিদ্যালয়খনে কিনি নথয়। উন্নত কামৰ বাবে উন্নত কথা জানিব লাগিব, তাৰ বাবে উন্নত গৱেষণা-পত্ৰ পঢ়িব লাগিব। উন্নত গৱেষণা-পত্ৰ নপঢ়াটো বা পঢ়িবলৈ নোপোৱাটো বা পঢ়াৰ পৰম্পৰাটো সীমিত সংখ্যকেহে ধৰি ৰখিবলগা হোৱাটোও আমাৰ জগতখন পিছপৰি থকাৰ এটা কাৰণ। গুগলৰ দৰে প্ৰতিষ্ঠানে বিশ্ব দখল কৰাৰ অন্যতম কাৰণ হ’ল তাৰ কৰ্মীসকলক পৃথিৱীৰ সমস্ত গৱেষণা-পত্ৰিকা বিনামূল্যে পঢ়িবলৈ সুবিধা দিয়ে। বিশ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহেও এই সুবিধা দিয়ে। কিন্তু টেলেণ্ট চুকে-কোণে লুকাই থাকে বুলি এষাৰ কথা আছে আৰু কিছুমান অতি সাধাৰণ যেন লগা অখ্যাত মানুহে স্ব-অধ্যয়নৰ দ্বাৰা অসাধাৰণ কাম কৰাৰ উদাহৰণেৰে বৌদ্ধিক ইতিহাস ভৰপুৰ হৈ আছে। সেয়েহে আজিকালি কেৱল সম্পদৰ সম-বিতৰণৰ সম্পৰ্কেই আলোচনা নহয়, জ্ঞানৰ সম-বিতৰণৰ সম্পৰ্কেও ব্যাপক চৰ্চা আৰু কাৰ্য-ক্ৰমণিকা চলি থাকে। ক’ৰোনাৰ সম্পৰ্কীয় গৱেষণা-পত্ৰবোৰ বিনামূলীয়া কৰি দিয়াৰ মহৎ উদ্দেশ্যও এয়াই। অৰ্থাৎ গৱেষণা-পত্ৰবোৰ যিমানেই মানুহৰ মাজলৈ যাব মানৱ জাতিৰ বা একোটা ক্ষুদ্ৰ জাতিৰ বৌদ্ধিক বিকাশ সিমানেই সম্ভৱ হ’ব।

কেইবছৰমান আগৰ কথা, আমাৰ বিশ্ববিদ্যালয় এখনৰ কলা শাখাৰ বিভাগ এটাত সৰু কাম এটা কৰি দিছিলোঁ। তাৰবাবে কেতিয়াবা বিভাগটোলৈ গৈ বিছ-পঁচিছ মিনিট এনেই বহিব লগা হয়। সেইখিনি সময়ত মই তেওঁলোকৰ টেবুলত থকা গৱেষণা-পত্ৰিকা দুখনমান লৈ যি পাৰোঁ পঢ়ি থাকোঁ। তাৰে এখন গৱেষণা-পত্ৰ পঢ়ি মনত ৰৈ যোৱা তথ্যখিনি এটা প্ৰবন্ধতো উল্লেখ কৰিছিলোঁ। কিন্তু কৌতুহল থকা কেইবাখনো নপঢ়াকৈ থাকি গ’ল, দুখনমান আধা পঢ়া হ’ল, আৰু পত্ৰিকাসমূহ লৈ আনিবও নোৱাৰি। সেইকেইখন কেতিয়াও হয়তো পঢ়া নহ’ব। যদিহে অনলাইন হ’লহেঁতেন সেইসমূহ আজৰি সময়ত পঢ়াটো সকলোৰে বাবে সহজ হৈ পৰিলহেঁতেন। ক’ৰোনাৰ বাবে যদি বন্ধ দীঘলীয়া হৈ যায় এইধৰণৰ পত্ৰিকাবোৰতো প্ৰভাৱ পৰিব। বা নপৰিলেও এই পত্ৰিকাবোৰ অনলাইন প্ৰকাশ পোৱা উচিত। আমাৰ স্থানীয় বিষয়ক লৈ অসমীয়া ভাষাত লিখিত গৱেষণা-পত্ৰবোৰ সমুহীয়াকৈ অনলাইন প্ৰকাশ কৰাৰ এটা বৃহৎ ব্যৱস্থা গঢ়ি উঠিব লাগে আৰু বিনামূলীয়াকৈ যিকোনো প্ৰান্তৰ মানুহে পঢ়িব পৰা কৰিব লাগে। ৰাজনীতি, কৃষি, সমাজ, সাহিত্য, পৰিৱেশ আদিৰ জ্ঞান এনেদৰে জনসাধাৰণৰ মাজলৈ গ’লেহে বৌদ্ধিক উন্নতি সম্ভৱ হ’ব।

No Comments

Post A Comment