সাহিত্যিকৰ নিজ পাঠক বৃদ্ধিৰ বিজ্ঞাপন

আপোনাৰ দৃষ্টিত অসমীয়া সাহিত্য জগতত নিজৰ পাঠক বৃদ্ধিৰ বাবে আটাইতকৈ শ্ৰেষ্ঠ বিজ্ঞাপন দিওঁতাজন কোন?

মোৰ দৃষ্টিত সেই ব্যক্তিজন হ’ল শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি। তেওঁ অতি জনপ্ৰিয় হোৱাৰ ক্ষেত্ৰত তেওঁৰ সেই কৌশলৰ প্ৰৱল প্ৰভাৱ আছে। তেওঁৰ অধিক সংখ্যক গ্ৰন্থ অধিক সংখ্যক মানুহৰ মাজলৈ যোৱাৰ ক্ষেত্ৰত সেই পদ্ধতিয়ে বহু সহায় কৰিছে। তেওঁৰ সেই পদ্ধতি আন মানুহে প্ৰয়োগ কৰা বৰকৈ দেখা নাযায় বা প্ৰয়োগ কৰিবলৈ বহুতো সক্ষম নহয়। সেই পদ্ধতিয়ে চুম্বকৰ দৰে ক্ৰিয়া কৰিব পাৰে। উদাহৰণস্বৰূপে, পূৰ্বতে মই তেওঁৰ ‘আত্মানুসন্ধান’ নামৰ কিতাপখন নিকিনাকৈ থাকিব পৰা নাছিলোঁ, কাৰণ মই তেওঁৰ ‘ধুমুহা আৰু ৰামধেনু’ৰ প্ৰথম খণ্ডটো পঢ়িছিলোঁ। তাৰ পাছত মই ‘সাউদৰ পুতেকে নাও মেলি যায়’খন নপঢ়াকৈ থাকিব নোৱাৰিছিলোঁ, কাৰণ মই ‘আত্মানুসন্ধান’খন পঢ়িছিলোঁ। তেওঁৰ ‘হালধীয়া চৰাইয়ে বাওধান খায়’খন বা ‘প্ৰজ্ঞাৰ সাধনা’খন নপঢ়াকৈ থাকিব নোৱাৰিছিলোঁ, কাৰণ তেওঁৰ আন কোনোবা এখন পঢ়িছিলোঁ। সেইদৰে তেওঁৰ বহুতো কিতাপ পঢ়িব লগা হৈছিল কেৱল তেওঁৰ আন একোখন কিতাপ পঢ়া বাবেই। বহুতে তেনেদৰে তেওঁৰ একোখন কিতাপ পঢ়িবলৈ বিচাৰি ফুৰে, কাৰণ তেওঁলোকে তেওঁৰ অন্য এখন কিতাপ ইতিমধ্যে পঢ়িছে।

এনেদৰে তেওঁৰ এখন কিতাপৰ পৰা আন এখন কিতাপলৈ বহু মানুহ যোৱাৰ এটা অন্যতম কাৰণ হ’ল, তেওঁ মানুহৰ মনত তীব্ৰভাৱে খুন্দিয়াব পৰাকৈ নিজৰ একোখন কিতাপৰ বিজ্ঞাপন নিজৰ আন একোখন কিতাপত বিশেষ ধৰণে দি থয়। তেওঁৰ এখন কিতাপ পঢ়িলে তেওঁৰ আন পাঁছখন কিতাপৰ খবৰ তাত পোৱা যায়। ৰেফাৰেন্স দিয়া দৰে, এনেকুৱা আকৰ্ষণীয়কৈ আৰু সংক্ষিপ্তকৈ কোনো অংশত তেওঁ কিছু কথা লিখে যে সেই কিতাপখন বা সেই প্ৰবন্ধটো বিচাৰি নপঢ়ি বহুতেই থাকিব নোৱাৰে। তেওঁৰ বহু অধিক সংখ্যক কিতাপ বা লেখাত এইটো দেখা যায়, য’ত অলপ অলপকৈ আন এখন কিতাপ বা আন এটা লেখাৰ সম্ভেদ দি থোৱা থাকে। এইদৰে তেওঁৰ প্ৰায় সমস্ত কিতাপ-প্ৰবন্ধ ইটো কোণৰ লগত সিটো কোণৰ সংযোগ ঘটি থকা জালিকাৰ দৰে লগ হৈ থাকে, যাৰ এটা অংশত স্পৰ্শ দিয়াৰ লগে লগে সমস্ত জালিকাখনে স্পন্দন সৃষ্টি কৰি পাঠকক আকৰ্ষিত কৰি তোলে। তেওঁৰ পাঠক অধিক হোৱাৰ কেইবাটাও কাৰণৰ মাজত এইটোৱো অন্যতম কাৰণ।

তেওঁৰ এই বিজ্ঞাপন পদ্ধতিটো মোৰ দৃষ্টিত শ্ৰেষ্ঠ এই কাৰণেই যে, এই পদ্ধতিটো আটাইতকৈ অধিক চুম্বকীয় হোৱাৰ লগতে ইয়াৰ জৰিয়তে আপুনি কিছুমান কাণ্ড কৰিব লগা নহয়:

১) আপোনাৰ কিতাপৰ প্ৰতিবেদন কোনেও নিলিখে বুলি আক্ষেপ প্ৰদৰ্শন কৰি আপুনি আওপকীয়াকৈ বিজ্ঞাপন দিব লগা নহয়।

২) কাকতৰ সম্পাদক কেইজনমানৰ ওচৰলৈ গৈ আপোনাৰ কিতাপখন দি থৈ আহি সম্পাদকীয় গ্ৰন্থ-সমালোচনা লিখোৱাই, আপুনি ক্ষমতাশালী বা প্ৰভাৱশালী বুলি প্ৰদৰ্শন কৰাত লাগি থাকিব লগা নহয়।

৩) কোনোবা পাঠকে লিখকচোন লিখক বুলি খাপ পিটি থাকিব লগা নহয়।

৪) কোনোবাই নিজে লিখিলেও, সেই লিখাখিনিৰ প্ৰতি সৌজন্য প্ৰকাশ কৰাৰ পাছতো আপুনি বেপৰোৱাভাৱে সকলো উপেক্ষা কৰিবলৈ সক্ষম হৈ থাকিব পৰা হয়।

৫) বিশিষ্ট সমালোচক-বুদ্ধিজীৱীৰ ঘৰে ঘৰে বা অফিছে অফিছে গৈ নিজৰ কিতাপ থৈ আহিব লগা নহয়।

৬) কোনো অনুষ্ঠানৰ প্ৰযোজক-এংকৰৰ সৈতে হাত মিলাই চলিব লগা নহয়।

৭) ইত্যাদি।

কিন্তু, সেই কৌশল চবেই প্ৰয়োগ কৰিব নোৱাৰে। সেইটো প্ৰয়োগ কৰিবলৈ হ’লে লেখকজন সাংঘাটিক prolific হ’ব লাগিব, তেওঁৰ লিখনীৰ বিষয়-বস্তু বিস্তৃত হ’ব লাগিব অৰ্থাৎ বহু বিবিধ বিষয়ত অধ্যয়ন থাকিব লাগিব, লেখাৰ এক সুকীয়া আৰ্হি থাকিব লাগিব, আৰু সেই কৌশল খটুৱালে কোনেও নাহাঁহিব বুলি এক প্ৰৱল আত্মবিশ্বাস থাকিব লাগিব।

সকলো লেখক ইমান প্ৰডাক্টিভ হোৱাটো সম্ভৱ নহয়, তেওঁলোকে এমুঠিমান প্ৰবন্ধহে লিখিবলৈ সক্ষম হয়; আৰু কিছুসংখ্যকে তেওঁলোকতকৈ সামান্য অধিক লিখিলেও তাৰে বহু সংখ্যক প্ৰবন্ধই আটিল প্ৰবন্ধ নহয়; ফলত তেওঁলোকে বিজ্ঞাপন আন ধৰণে দিবলৈ বাধ্য হয়।

ফটো উৎস: freepik

No Comments

Post A Comment