প্ৰেক্টিকেল, চেমিনাৰ, Assignment আদিৰ নম্বৰবোৰ বহুতো শিক্ষক বা অধ্যাপকে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰে। ইয়াৰ বাবে তেওঁলোকে কিছুমান পৰম্পৰা নিৰ্ধাৰণ কৰি লয়, যিবোৰে সমাজ বা শিক্ষা-ব্যৱস্থাক বহু অনিষ্ট কৰি আহিছে। আমি ৰাজনৈতিক নেতাৰ দুৰ্নীতিৰ বিৰুদ্ধে সততে সোচ্চাৰ হৈ থাকোঁ, কিন্তু শিক্ষক-অধ্যাপকৰ দুৰ্নীতিৰ কথাত সদাই নিমাত...

তেজপুৰ বিশ্ববিদ্যালয়ত কি আছে, কি নাই: আমাৰ কৈশোৰত প্ৰভাৱ পেলোৱা প্ৰবন্ধসমূহৰ ভিতৰত এটা প্ৰবন্ধ হ’ল হোমেন বৰগোহাঞিৰ ‘উপাচাৰ্যৰ যোগ্যতা’। প্ৰবন্ধটোত কোৱা হৈছিল যে- এজন উপাচাৰ্য এনে ব্যক্তিত্বৰ অধিকাৰী হ’ব লাগিব যে তেওঁক সবেই ভয় কৰিব লাগিব আৰু তেওঁ নিজে ভয় কৰিব লাগিব কেৱল নিজৰ বিবেকক। আমাৰ শিক্ষা-ব্যৱস্থাই...

বেদান্ত শইকীয়া আজি প্ৰথমবাৰ বিপ্লৱ মহন্তৰ ঘৰলৈ আহিছে। তেওঁলোকৰ চিনাকী হোৱা পাঁচ বছৰ হ’ল। পিছে, কেৱল এটা প্ৰসংগতহে তেওঁলোকৰ প্ৰায়ে যোগাযোগ হৈছিল, টেলিফ’ন, ম’বাইল, ইমেইল আৰু ফেচবুকত মেছেজেৰে। কামৰ কথাতেই তেওঁলোকৰ হাঁহি-ধেমালীবোৰো সদায় সীমাবদ্ধ আছিল। ঘৰুৱা কথা বা ব্যক্তিগত প্ৰসংগ কোনো দিন ওলোৱাই নাছিল। আজি...

মাজুলী যাত্ৰা সম্পৰ্কীয় কিছুমান নষ্টালজিক ধৰণৰ লেখা মাজে মাজে পঢ়িবলৈ পাওঁ। নিজৰ জন্মস্থান বুলিয়েই আনেনো কি লিখিছে বুলি অলপ বেছি আগ্ৰহেৰেই পঢ়িবলৈ লওঁ। কিন্তু কেতিয়াবা আনকি প্ৰিয় লেখক এজনে লিখা এনে প্ৰবন্ধটোৱো পঢ়িবলৈ অতি আগ্ৰহেৰে আৰম্ভ কৰাৰ পাছত শেষৰ আংশবোৰ ওপৰে ওপৰে পঢ়ি বিৰক্তিৰে শেষ...

সৰুতে বহুকেইজন সত্ৰাধিকাৰ লগ পাইছিলোঁ। তেওঁলোকৰ প্ৰত্যেকৰে গাত বহুতো ভাল গুণ আছিল, কিন্তু একে সময়তে তেওঁলোকৰ গাত লাগি আছিল ভালেকেইটা নিকৃষ্ট গুণ। সেই নিকৃষ্ট গুণবোৰৰ প্ৰায়কেইটা তেওঁলোকৰ প্ৰত্যেকজনৰে গাত আছিল, তাৰে এটা হ’ল— তেওঁলোকে প্ৰত্যেকেই নিজকে ঈশ্বৰ বা ঈশ্বৰৰ অংশ বুলি ভাবিছিল আৰু “প্ৰভু আজি...