মানৱ দেহত গাহৰিৰ অংগ আৰু অসম

(১)

চছিয়েল মেডিয়াৰ জৰিয়তে নিজৰ পৰিসৰত যিমানবোৰ মানুহক ধনীৰাম বৰুৱাৰ ফেন ৰূপে দেখা পাওঁ, তেওঁলোকৰ ৯৫ শতাংশই হৈছে বিএ পাছ। ই এক আচৰিত কথা নহয় নে? সাধাৰণতে দেখা যায় যে অতি সামান্য সংখ্যক কলাৰ ছাত্ৰ-ছাত্ৰীক বাদ দি বাকীসকলৰ বিজ্ঞান শিক্ষা নিউটনৰ ‘গতিৰ’ তৃতীয় সূত্ৰটো অতি মনোযোগেৰে আধৰুৱাকৈ বুজাতেই অন্ত পৰে। আন কোনো এটা বৈজ্ঞানিক সূত্ৰকেই মনোযোগেৰে লক্ষ্য কৰাৰ আহৰি নাথাকে। বৈজ্ঞানিক কৰ্মৰাজিৰ গভীৰতাত প্ৰৱেশৰ কাহিনী বিশ্লেষণ কৰাটো দূৰৰে কথা। কিন্তু নিঃসন্দেহে সকলোৱেই কাম কৰি কৰি বলিয়া ধৰণৰ হোৱা তাহানিৰ দৰীয়া-ফেদেলা বিজ্ঞানীৰ ৰসাল কাহিনী কিছুমান জানে বা সাধুৰ দৰে মনোগ্ৰাহী ৰূপত শুনিবলৈ পায়। সেয়েহে তেওঁলোকৰ অন্তৰে নিশ্চয় নিচেই কাষতে এজন “পাগল” বুলি মৰমেৰে ক’ব পৰা বিজ্ঞানী-নায়ক বিচাৰি ফুৰে, আৰু সেইটো তেওঁলোকে ধনীৰাম বৰুৱাৰ মাজত বিচাৰি পোৱা যেন পাইছে, কাৰণ বিষয়টো গাহৰিৰ লগত জড়িত, আৰু গাহৰি বস্তুটো সকলোৱে সঘনে দেখা পোৱা চিনাকি জীৱ। যেতিয়া প্ৰথমে কভিদ আহিছিল আৰু বহুতো মানুহে অতি সামান্যও ভয় নকৰি বজাৰত জুম বান্ধিছিল, তেতিয়া এজন ৰাজনৈতিক নেতাই সক্ৰীয়তাৰে জনতাক বুজাব লগা হৈছিল। তেতিয়া তেওঁ কৈছিল যে ৰাইজে কিয় কভিদলৈ ভয় কৰা নাই, কিয় ৰাইজে দুদিন ঘৰৰ ভিতৰত সোমাই থাকিব খোজা নাই, কাৰণ তেওঁলোকে বস্তুটো দেখা নাই, সেই বস্তুটো চকুৰে নেদেখি; যদি ক’ৰবাত এটা বোমা ফুটিলহেঁতেন তেন্তে এই একেখিনি মানুহেই নিজে নিজে তিনিদিন ঘৰৰ ভিতৰত সোমাই থাকিব, কাৰণ বোমাটো আৰু তাৰ ক্ৰিয়া খালি চকুৰে দেখা পায়। একেদৰে গাহৰিটো মানুহে দেখা পায়। বৈজ্ঞানিক সিদ্ধিৰ ক্ষেত্ৰত একোটা বৰ্ষত বহুতো অসাধাৰণ কৰ্ম সম্পাদন হয়, যিবোৰৰ প্ৰায়ভাগ তাত্ত্বিক বা খালি চকুৰে নেদেখা বস্তুৰ লগত জড়িত। ফলত সেইবোৰে গাহৰি জড়িত কামটোৰ দৰে বাতৰি কঢ়িয়াই আনিব নোৱাৰে, অথচ সেইবোৰ তাতোকৈ বহুগুণে ডাঙৰ কাম। তেনে ক্ষেত্ৰত জড়িত হোৱা অসাধাৰণ বৈজ্ঞানিক নায়কে অসমো ভৰি আছে। কিন্তু তেওঁলোকে এনেকুৱা ফেন লাভ নকৰে, কাৰণ সেইবোৰ বিষয় গাহৰি এটাৰ চিত্ৰ চকুৰ সমুখত ভাঁহি উঠাৰ দৰে ইমান পোনপটীয়া নহয়। তাৰ চিত্ৰ কল্পনা কৰিবলৈকো বহু দক্ষতা অৰ্জন কৰিবলগীয়া হয়। তাৰোপৰি আন এটা কাৰকে ধনীৰাম বৰুৱাৰ ফেন সৃষ্টিত সহায় কৰিছে। সেইটো হ’ল তেওঁৰ কোনো পীয়েৰ-ৰিভিউ নথকা “গৱেষণা-গ্ৰন্থ” এখন কিছুমান সংবাদ-কৰ্মীক উপহাৰ দিয়ে, সেই উপহাৰ পোৱাসকলৰ মাজতো ওপৰৰ কোৱা দৰে বিএ পাছ বহুতো দেখা পোৱা যায়। শেহতীয়াকৈ চিকিৎসা-বিজ্ঞানত আগবঢ়া যি দুটা কামৰ বাবে প্ৰসংগটো ওলাইছে, সেই মুখ্য বিজ্ঞানী দুজনৰ গৱেষণা-প্ৰফাইলটো বা তেওঁলোকৰ গৱেষণা-পত্ৰ প্ৰকাশ হোৱা জাৰ্নেলবোৰৰ মানবোৰো ৰাইজৰ মাজৰ এইসকল ব্যক্তিয়ে বিচাৰি চাব জনা নাই। বাকী ৫ শতাংশত বিজ্ঞানৰ মানুহ দেখিও আচৰিত হ’বলগীয়া নাই। কাৰণ তেওঁলোকৰো সেইসমূহ বিচাৰি চোৱাৰ অভ্যাস নাই।

আচলতে, এইধৰণৰ কাণ্ডবোৰ বুজি পাবলৈ কোনো বিজ্ঞানৰ ছাত্ৰ, কোনো কলাৰ ছাত্ৰ, বা কোনো বিজ্ঞানী হোৱাৰো প্ৰয়োজন নাই। ইয়াৰ বাবে প্ৰথমে লাগে মাথোঁ বৈজ্ঞানিক কাম কৰা পদ্ধতিৰ সম্পৰ্কে ধাৰণা। এনেধৰণে ফেন সৃষ্টিৰ ঘটনাটোৱে এটা কথাকেই প্ৰতিপন্ন কৰে যে বৈজ্ঞানিক কৰ্মৰ বিষয়ে আমাৰ ৰাজ্যৰ কিমান অধিক সংখ্যক মানুহ অচেতন। বৈজ্ঞানিক দৃষ্টিভংগীৰ সীমাহীন অভাৱ, বৈজ্ঞানিক কাম কি তাৰ বিষয়ে ধাৰণা লোৱাত তীব্ৰ অনিহা, বিজ্ঞান জগতক নিলগাই ৰখাৰ প্ৰৱণতা আদি ইয়াৰ অন্যতম কাৰক।

বেলেগ বেলেগ বিষয়ত এনেকুৱা ঘটনা সংঘটিত কৰা মানুহৰ সংখ্যাও কিন্তু একেবাৰে কম নহয়। এবছৰৰ আগতে এজন ভাৰতীয় লোকে প্ৰায় দুশ বছৰ ধৰি সমাধান নোহোৱা এটা অতি বিখ্যাত সমস্যা সমাধান কৰা বুলি ভাৰতীয় আগশাৰীৰ কেইবাটাও সংবাদ-প্ৰতিষ্ঠান যোগে উলিয়াই দিছিল। তেওঁ এটা প্ৰতিষ্ঠানৰ অধ্যাপক আৰু তেওঁক প্ৰচাৰৰ বাবে প্ৰথমে সহযোগ কৰা কেইজনো নামী প্ৰতিষ্ঠানৰে আছিল। কিন্তু তেওঁৰ কামটো কোনো গুৰুত্বপূৰ্ণতো নহয়েই, সম্পূৰ্ণ পালমৰা আৰু ভুলেৰে ভৰা। অৱশ্যে এসপ্তাহতে সেই কাণ্ড তল পৰিল। এনেকুৱা কাণ্ড সংঘটিত কৰা মানুহ বিশ্বৰ চুকে-কোণে ভৰি থাকে। আনকি অসমৰ পৰাও এজন ব্যক্তিয়ে কেইমাহমান পূৰ্বে আন এটা কেইবাহাজাৰ বছৰীয়া বিখ্যাত সমস্যা সমাধান কৰা বুলি ঘোষণা কৰিছে। ধনীৰাম বৰুৱাই কোনো গৱেষণা-পত্ৰ উলিয়াবলৈ সক্ষম নহ’ল বুলি কোৱা হয়। কিন্তু এই হেজাৰ বছৰীয়া সমস্যাটো সমাধান দিয়া অসমীয়াজনে গৱেষণা-পত্ৰও উলিয়াই দিছে। কৌতুকপূৰ্ণ কথাটো হ’ল, তেওঁ সেই গৱেষণা-পত্ৰখন ভুৱা জাৰ্নেলত টকা দি উলিয়াই থৈছে আৰু বিভিন্নজন অধ্যাপকে তেওঁক অভিনন্দনো জনাইছিলে। কিন্তু, সিমানৰ পাছতো সমস্যাটো আজিও সমস্যা হৈয়েই আছে। তেওঁৰ কামটো হ’ল ২০ শতাংশ নম্বৰ পোৱা সৰু ল’ৰা-ছোৱালীয়ে পৰীক্ষাবহীখন ভৰ্তি কৰিবলৈ যিটি লিখি থৈ অহাৰ দৰে কেইপৃষ্ঠামানৰ কাম। মূল সমস্যাটোত তাৰ কোনো প্ৰভাৱেই নাই। সেই সমস্যাটো আৰু পাঁচশ বছৰৰ ভিতৰতো মানৱজাতিয়ে সমাধান কৰিব পাৰিবনে নাই ক’ব নোৱাৰি। অৱশ্যে তেওঁ এতিয়াও বিশ্বাস কৰে যে সমস্যাটোৰ সামাধান তেওঁৰ দ্বাৰা হৈ গ’ল, আৰু সেইটো অপকৰ্ম বুলি তেওঁক জনোৱা সকলোকে তেওঁ ঈৰ্ষা হৈছে বুলি কৈ আক্ৰমণ কৰিবলৈ ধৰে। এই ক্ষেত্ৰত এটাই ভাল কথা এই যে তেওঁক বাটকটীয়া বা অৱহেলিত বুলি হুলস্থূল কৰোঁতা কোনো ওলোৱা নাই। কাৰণ কথাটো জনাজাত হ’বলৈ নাপালে আৰু বস্তুটো বিমূৰ্ত।

ভাৰতীয় বিখ্যাত জ্যোতিৰ্বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰে এবাৰ কৈছিল, “মই প্ৰায়ে কিছুমান অহৌবলিয়া মানুহৰ পৰা চিঠি পাওঁ। তেওঁলোকে বুজাবলৈ খুব চেষ্টা কৰে যে তেওঁলোকৰ সূত্ৰটো আইনষ্টাইন বা নিউটনতকৈ কিয় ভাল। কেতিয়াবা তেওঁলোকে ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীলৈ লিখে, তেওঁলোকে আকৌ বিজ্ঞান আৰু কাৰিকৰী দপ্তৰলৈয়ো পঠিয়াই দিয়ে। এই অনুষ্ঠানবোৰে তেতিয়া আমাৰ পৰা মতামত বিচাৰে। মোৰ উত্তৰত সাধাৰণতে মই কওঁ যে যেতিয়ালৈ তেওঁলোকে ইয়াক গণিতিকভাবে প্ৰমাণ কৰি নেদেখুৱায়, অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ ভাষাত প্ৰকাশ নকৰে, মই বুজিবলৈ টান পাওঁ। বুজি নাপাও বুলি ক’লেতো আৰু কোনেও তৰ্ক কৰিব নোৱাৰে! সেই ব্যক্তিজনক ভুল বুলি ক’লেহে তেওঁ জ্বলি-পকি উঠিব।”

(২)

চাপৰিত মানৱ দেহত মানৱ অংগ সংযোগৰ বাটকটীয়া

মাজুলীখন এটা নদীদ্বীপ। কিন্তু ইয়াৰ পৃষ্ঠভাগ সম্পূৰ্ণৰূপে সংযোগ হৈ থকা এটুকুৰা ভূখণ্ড নহয়। ইয়াৰ অন্তৰ্গত বহুতো অকলশৰীয়া চাপৰি আছে। একোটা চাপৰিৰ এটা পাৰৰ পৰা নাওঁ মেলি আপুনি যদি চাপৰিটোৰ কাষে কাষে গৈ থাকে, তেন্তে ঘূৰি আহি পুনৰ নাওঁ মেলা অংশটোত উপনীত হ’বহি। এই চাপৰিবোৰৰ প্ৰায়বোৰৰে বৈশিষ্ট্য বেলেগ বেলেগ। কোনোবাটোত সম্পূৰ্ণ বালি, কোনোবাটোত সামান্য কাঠমাটি, কোনোবাটোত গোটেই পলস, কোনোবাটোত ঝাওঁ আৰু নলেৰে ভৰ্তি, কোনোবাটোত কেৱল কৰঙা, কোনোবাটোত গৰুৱে খোৱা ঘাঁহ বহুত, কোনোবাটোত কেৱল খেৰ, কোনোবাটোত বহুত খাগৰি, কোনোবাটোত আকৌ অলপ অলপকৈ গোটেইবোৰ আছে। এই চাপৰিবোৰত ইপাৰ-সিপাৰৰ মানুহে খেৰ কাটিবলৈ যায়, আৰু সেইবোৰ কঢ়িয়াই আনি নিজৰ ঘৰৰ ছালখন নতুন কৰে নতুবা খেৰবোৰ বিক্ৰী কৰে। খেৰ কাটোতে বহুতো ঘটনা ঘটে। আমি চাপৰিত বাস কৰোতে এবাৰ আমাৰফালৰ আন চাপৰি এটাত মানুহ এজনে দুপৰীয়া খেৰ কাটি আছিল। তেনেতে তেওঁৰ এখন হাতত অলপ ডাঙৰ বিষাক্ত সাপ এটাই কামুৰি ধৰিলে। হাতখন জোকাৰি জোকাৰি মানুহজনে সাপটো এৰুৱাব নোৱাৰিলে। অৱশেষত উপায় নাপাই তেওঁ কাচিখনেৰে নিজৰ হাতখনকে গাঠিৰ গুৰিতে কাটি ঘৰলৈ ঢাপলি মেলিলে। ঘৰত মানুহ-দুনুহ গোট খাই গাঁৱলীয়া দৰৱ লগাই কাপোৰ-কানিৰে বান্ধি যেনেতেনে তেজ ৰখালে। দুদিন পাছত মানুহজনে পুনৰ সেই খেৰ-কটা ঠাই টুকুৰা চাবলৈ গ’ল আৰু ছিগা হাতখনৰ টুকুৰাটো ক’লা হৈ তাতে পৰি থকা দেখা পালে। তাকে দেখি তেওঁ কটা হাতখনৰ বান্ধবোৰ খুলি পেলালে, আৰু পৰি থকা ছিগা টুকুৰাটো হাতত জোৰা দি ভালকৈ বান্ধি দিলে। মানুহজনৰ দেখা-দেখি নোহোৱাত আন মানুহবোৰে বিচাৰ-খোচাৰ কৰাত লাগিল। পাছত সকলোৱে গৈ খেৰ-কটা ঠাইকণত বিচাৰি দেখিলে যে মানুহজন তাতে পৰি মৰি আছে। এইটো এক হৃদয় বিদাৰক ঘটনা আছিল। সেই মানুহজনক মানৱ দেহত মানৱ অংগ সংযোগৰ বাটকটীয়া বুলি ক’ব পাৰি নে? মানৱ দেহত মানৱ অংগ সংৰোপণৰ সপোন দেখা প্ৰথমজন মানুহ বুলি তেওঁক কোৱা হ’ব নেকি? মানৱ অংগ সংযোগৰ প্ৰথমটো পৰীক্ষা তেঁৱেই সম্পন্ন কৰিছিল বুলিব পাৰি নে?

No Comments

Post A Comment