“It’s not the mountain we conquer, but ourselves.” গভীৰ সত্যৰ অন্বেষণ বা দুঃসাহসিক অভিযানৰ কাহিনীবোৰে কেৱল সেই নিৰ্দিষ্ট ক্ষেত্ৰসমূহত জড়িত হোৱা উত্তৰ-প্ৰজন্মৰ অন্বেষণকাৰী বা অভিযানকাৰীসকলকে যে অনুপ্ৰাণিত কৰে তেনে নহয়, আন যিকোনো ক্ষেত্ৰতে নিষ্ঠাৰে কৰ্ম সম্পাদন কৰিব বিচৰা প্ৰতিজন মানুহকে অনুপ্ৰাণিত কৰে। সাগৰ-পৃষ্ঠৰ পৰা প্ৰায় ২৯,০২৯...

এজন দাৰ্শনিকে প্ৰসংগক্ৰমে লিখিছিল যে— “বৰ্তি থাকিবলৈ কৰিবলগা হোৱা সংগ্ৰামখনৰ বাবে আদি সময়খিনিত মানুহৰ বৰ এটা আস্বাসজনক-যেন অৱস্থা নাছিল। বন্য জন্তু-দানৱৰ পৰা নিষ্কৃতি পাবৰ বাবে গছত বগাবলৈ বান্দৰৰ তুলনাত থকা অতি কম ক্ষ্ৰিপ্ৰতা; প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ জন্মগত ৰক্ষণ হিচাপে প্ৰায় নোমহীন শৰীৰ; দীঘলীয়া...

একেটা পৰিয়ালতে কেইবাজনো প্ৰতিভাৱান মানুহে ভৰি থকাতো এটা খুব দুৰ্লভ আৰু আনৰ বাবে কৌতুহল তথা খুব আকৰ্ষণীয় কথা। হয়তো অটাইতকৈ বিখ্যাত তেনে উদাহৰণটি হ’ল: মেৰী কুৰীৰ পৰিয়ালটো। মেৰী কুৰী হ’ল ন’বেল বঁটা লাভ কৰা প্ৰথম মহিলা। ইফালে, তেঁৱেই দুবাৰ ন’বেল বঁটা লাভ কৰা প্ৰথম ব্যক্তি।...

নবেম্বৰ-ডিচেম্বৰ— এই সময়খিনিত কিছুসংখ্যক সংবাদ-প্ৰতিষ্ঠান বা আন অনুষ্ঠান-প্ৰতিষ্ঠানে বছৰটোৰ বিশেষ দহজন বা বিশজন ব্যক্তি আদিৰ তালিকা উলিওৱাৰ যো-যা চলায়। এইসমূহৰ প্ৰত্যেকৰে উদ্দেশ্য পৃথক পৃথক। বহুতে “আনেও উলিয়াই যেতিয়া, আমিও পাৰোঁচোন” বুলি উলিয়ায়। বহুতে, বছৰটোত ইতিমধ্যে যিসকল অলপ বিখ্যাত হ’ল বা কিবাকৈ বিদেশৰ পৰা কিবা এটা-দুটা...

ডিজিটেল ইণ্ডিয়া প্ৰকল্পলৈ গুগল, ফেচবুক আদিৰ পৰা ব্যাপক সঁহাৰি অহাৰ লগে লগে, কিছুমান কাকতত বিৰোধীতা কৰাৰ স্বাৰ্থত বিভিন্ন সাংবাদিক, সম্পাদক, স্তম্ভলেখক আদিয়ে বিভিন্ন লেখা লিখিছে। তেওঁলোকৰ লেখা বা প্ৰতিবেদনবোৰত পুঁজিবাদ, দাৰিদ্ৰ ইত্যাদি বিভিন্ন প্ৰসংগৰ লগতে চীনত যে গুগল, ফেচবুক আদি নিষিদ্ধ তাৰ কথাও মাজে মাজে...

মহাত্মা গান্ধী মানে “এখন গালত কোনোবাই এটা থাপৰ মাৰিলে, আনখন গালো পাতি দিয়া” পৃথিৱীৰ একমাত্ৰ মানুহজন নেকি? ৰসিকতাখিনি বাদ দিয়াৰ পাছতো এই কথাষাৰৰ বাবে বহুতে তেওঁক তেনেকুৱা এজন মানুহ যেনেই ধাৰণা কৰিব পাৰে; কিন্তু সেইটো শুদ্ধ নহয়। সেই কথাষাৰৰ জৰিয়তে মোহনদাস কৰমচান্দ গান্ধী নামৰ মানুহজনে...