গল্প-উপন্যাস আদিৰ অসমীয়া অনুবাদ

‘নিজৰ শীততাপ নিয়ন্ত্ৰিত গাড়ীৰ ভিতৰত চিনেটৰ ওনেচিমো চান্সেজ শান্ত আৰু ভাবালেশহীন হৈ বহি আছিল, কিন্তু দুৱাৰখন মেলি দিয়াৰ লগে লগে এচাটি গৰম বতাহে তেওঁক জোকাৰি গ’ল আৰু ঘামেৰে চপ্‌চপীয়া হৈ পৰিল। … … আচলতে তেওঁ মাত্ৰ বিয়াল্লিছ বছৰ অতিক্ৰম কৰিছে, গায়টিজেনৰ পৰা ধাতুবিশাৰদ ইঞ্জিনিয়াৰ হিচাপে সন্মান সহ স্নাতক হৈছে। তেওঁ এজন লোলুপ পঢ়ুৱৈ, যদিও এই পঢ়াৰ বিশেষ ফল দেখা নাযায়। কাৰণ তেওঁ পঢ়ে অতি বেয়াকৈ অনুবাদ কৰা লেটিন ক্লাছিকবোৰ।’

এয়া হৈছে গেব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেজৰ এটা গল্পৰ এক অংশ। গল্পটো অসমীয়ালৈ অনুবাদ কৰিছে ড৹ গীতাশ্ৰী তামুলীয়ে। আৰু সেইটো সন্নিৱিষ্ট হৈছে তেওঁৰ ‘হেৰোৱা সময়ৰ সাগৰ আৰু অন্যান্য গল্প’ নামৰ অনুবাদ গ্ৰন্থখনত, যিখনত মাৰ্কেজৰ সাতটা গল্প আছে। নিশ্চয়কৈ এইখন এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। মোৰ বাবে এইখনৰ আটাইতকৈ ভাল লগা দিশটো হৈছে, আজি পৰ্যন্ত অসমীয়া ভাষাৰ বা অনুবাদৰ জৰিয়তে আন ভাষাৰ যিমানবোৰ গল্প পঢ়িলোঁ তাৰে ভিতৰত মোৰ আটাইতকৈ প্ৰিয় গল্পটো ‘পৃথিৱীৰ আটাইতকৈ সুন্দৰ পানীত ডুবি মৰা মানুহটো’ ইয়াতেই আছে। মূল স্পেনিশ ভাষাত লিখা মাৰ্কেজৰ এই গল্পটোৰ শিৰোনাম ইংৰাজী অনুবাদত হৈছে ‘The Handsomest Drowned Man in the World’. ইংৰাজীত সকলো গল্প-উপন্যাসৰ ৰস বৰকৈ আহৰণ কৰিব নোৱৰাসকলৰ বাবেও এইটো ইংৰাজীত পঢ়াটো সহজ, কিন্তু ই এটা বহুচৰ্চিত গল্প। এক দশকৰ পূৰ্বে ‘সাতসৰী’ত ইয়াৰ অসমীয়া অনুবাদ প্ৰকাশ হৈছিল। সেইটো গীতাশ্ৰী তামুলীয়েই অনুবাদ কৰা নে বেলেগে কৰা মনত পৰা নাই। এই গল্পটোৰ এটা ৱিকিপিডিয়া পেজো আছে। এনেদৰে আন ভাষাৰ বহুতো বিখ্যাত গল্পৰ ৱিকি পেজ আছে। অসমীয়া ভাষাৰ ৱিকিত এনেদৰে এটাও এতিয়াও লিখা হোৱা নাই। কুৰি শতিকাৰ ‘অশান্ত ইলেকট্ৰন’, একবিংশ শতিকাৰ ‘এইপিনে কি আছে?’ আদিকে ধৰি পঞ্চাছটামান বিশেষ গল্পৰ তালিকা কৰি ৱিকিত এটা এটা নতুন পেজ লিখিব পৰা যায়।

মাৰ্কেজৰ গল্পৰ ‘পৃথিৱীৰ আটাইতকৈ সুন্দৰ পানীত ডুবি মৰা মানুহটো’ৱে শিলেৰে গঠিত পাহাৰৰ ওপৰৰ ক্ষুদ্ৰ গাঁওখনৰ মুনিহ-তিৰোতাবোৰৰ স্বপ্ন আৰু বাস্তৱলৈ যি সাংঘাতিক পৰিৱৰ্তন আনিলে, সেই কাহিনী নিলগাই থৈ ওপৰত উল্লেখ কৰা আনটো গল্পৰ অংশটোলৈ উভটি যাওঁ— ‘… তেওঁ এজন লোলুপ পঢ়ুৱৈ, যদিও এই পঢ়াৰ বিশেষ ফল দেখা নাযায়। কাৰণ তেওঁ পঢ়ে অতি বেয়াকৈ অনুবাদ কৰা লেটিন ক্লাছিকবোৰ।’ এখন অনুবাদ গ্ৰন্থতে অনুবাদ সম্পৰ্কীয় এইষাৰ কথা থকাটোৱে নিশ্চয় কিছু কৌতূহলো যোগাইছে।

অসমীয়া ভাষালৈ বহুতো কিতাপ বেয়াকৈ অনুবাদ হৈছে। সেইসমূহে উপকাৰ কৰাতকৈ অপকাৰহে কৰে। ই কেৱল পাঠককেই নহয়, সেইসমূহ পঢ়া লেখককো অপকাৰ কৰে। মাৰ্কেজৰে ‘Memories of My Melancholy Whores’ উপন্যাসিকাখনৰ অসমীয়া অনুবাদ ২০০৮-২০০৯ মানত পূজা নে বিহু সংখ্যাৰ আলোচনী এখনত প্ৰকাশ পাইছিল, পাছলৈ কিতাপ আকাৰেও প্ৰকাশ হৈছে। সেইখনৰ অনুবাদ ভাল লাগে। সেইদৰে তেওঁৰ ‘Love in the Time of Cholera’ উপন্যাসখনৰ অনুবাদো ভাল লাগে। কিন্তু ‘One Hundred Years of Solitude’ উপন্যাসখনৰ অনুবাদ হয়তো বৰ এটা ভাল নহয়। মাৰ্কেজৰ ভাষাৰ সোৱাদ এইখনে নিদিয়ে। মাৰ্কেজৰ লেখাৰ চুম্বকীয় আকৰ্ষণ ইয়াত পোৱা নাযায়। ফলত পাঠকৰ অশান্তি হয়। তাতে এইখন হৈছে অতি কঠিন কিতাপ, সেয়েহে বেয়া অনুবাদে পাঠকৰ বাবে ইয়াক বেছি কঠিন কৰি তোলে আৰু কিনো কিতাপ যেন ভাব আহিবলৈ ধৰে। ইংৰাজীখনৰ সৈতে অলপ তুলনা কৰি চালে সেয়া ওলায় পৰে। অৱশ্যে অসমীয়া অনুবাদখন একেবাৰেই পঢ়িব নোৱৰা বিধৰ নহয়।

কেইবাবছৰ আগতে বাৰ্ট্ৰাণ্ড ৰাছেলৰ অকণমানি কিতাপ এখনৰ অনুবাদ পঢ়িছিলোঁ। এটা শতিকা জুৰি গোটেই বিশ্বক প্ৰভাৱিত কৰা একাধাৰে দাৰ্শনিক, গণিতজ্ঞ, ৰাজনৈতিক ব্যাখ্যাকাৰ, আৰু সাহিত্যৰ নোবেল বঁটা প্ৰাপক ৰাছেলে সদায় স্পষ্টতাৰ সন্ধান কৰিছিল আৰু গোটেই জীৱন গদ্যৰ সাধনা কৰিছিল। সেয়েহে অনুবাদখন পঢ়ি সন্দেহ হ’ল যে এনেকুৱা ভাষা লিখিয়েই ৰাছেলে ইমান প্ৰভাৱ পেলাব পাৰিছিলনে? তেওঁৰ গদ্য এনেকুৱাইনে? যেনে-তেনে মূল কিতাপখন যোগাৰ কৰি অনুবাদখনৰ সৈতে তুলনা কৰি চালোঁ, আৰু দেখিলোঁ যে ৰাছেলৰ ভাষা যদি যুদ্ধলৈ ওলাই যোৱা এজন তেজাল সৈনিকৰ প্ৰতীকস্বৰূপ আটিল টঙালি হয় তেন্তে অনুবাদৰ ভাষা এখন ফিচিকা কাপোৰ।

জীৱনত আটাইতকৈ বেয়া অনুবাদ কিতাপ এখন পঢ়িলোঁ এই বছৰ। সেইখন এখন উপন্যাস। জে এম কুৎসিৰ। এখন প্ৰিয় উপন্যাস হিচাপে মূল ইংৰাজী উপন্যাসখন বহুবাৰ পঢ়িছোঁ। প্ৰিয় বাবেই অসমীয়াতো পঢ়ি চাব খুজিছিলোঁ, কিন্তু ইমান বেয়া অনুবাদ কেতিয়াও পোৱা নাই। বাহিৰৰ কোম্পানী কিছুমানে বিহু আৰু পূজাৰ সময়ত অসমীয়াত বিজ্ঞাপন কিছুমান যে দিয়ে, আৰু কেতিয়াবা যে কথাবোৰ অদ্ভূত ধৰণে অসমীয়ালৈ অনুবাদ কৰে, ঠিক তেনেকুৱাই হৈছে এই অনুবাদ কিতাপখন। মাজে মাজে ইমানলৈকে সন্দেহ আহিল যে অনুবাদকে মূল কিতাপখন এবাৰো পঢ়িছে নে নাই। কিতাপখনৰ বেটুপাততো একোৱেই নিমিলা ছবি এখন দিয়া হৈছে। যদি কিতাপখন মহাভাৰত, তেন্তে ছবিখন দিয়া হৈছে ৰামায়ণৰ। কিতাপখন হয়তো বেছি পাঠকে নপঢ়িব, যদিও অতি বিখ্যাত কিতাপ তথাপি অনুবাদৰ সম্পৰ্কে আন কিতাপবোৰৰ দৰে বিশেষ চৰ্চা দেখা নাই, কেৱল এজন বিশিষ্ট ব্যক্তিৰ আপডেটত আন কিতাপৰ লগতে দেখিছিলোঁ মাথোঁ। সেয়েহে মই নাম উল্লেখ নকৰিলেও পাঠকৰ লোকচান নহয়।

বেয়া অনুবাদ পঢ়িলে, লেখকসকলৰ এনেকুৱা ধাৰণা হয় যে তেনে শিথিল ভাষা লিখিয়েই প্ৰভাৱিত কৰিব পৰি। ফলত তাৰ পঠন অনুশীলন হৈ নপৰে। আৰু বেয়া অনুবাদে পঠককো প্ৰকৃত সোৱাদৰ পৰা বঞ্চিত কৰি এক মিছা তৃপ্তি প্ৰদান কৰি ৰাখে। (কিছুমান কিতাপ সহজ ভাষাৰে লিখাটোৱেই লেখকৰ কৃতিত্ব। ভাব প্ৰকাশতেই তাৰ লক্ষ্য শেষ। সেইবোৰৰ সম্পৰ্কীয় আলোচনাও সুকীয়া হ’ব।)

আকৌ যদি আমি মাৰ্কেজৰ কথালৈ উভটি যাওঁ, মাৰ্কেজক বিখ্যাত কৰিছিল তেওঁৰ মূল কিতাপসমূহৰ আনে কৰা ইংৰাজী অনুবাদে। আৰুণি কাশ্যপে এটা বক্তৃতা নে সাক্ষাৎকাৰত কৈছিল যে মাৰ্কেজে স্পেনিশ ভাষাত লিখা মূল ‘One Hundred Years of Solitude’খনতকৈ ইংৰাজী অনুবাদটো বেছি ভাল। সেই লৈ হেনো বহু চৰ্চাও আছে। ক’ৰবাত সেই লৈ পাঠদানো হয়। সেই ইংৰাজী অনুবাদটোৱে মাৰ্কেজক পাঠকৰ মাজলৈ অধিক পৰিমাণে লৈ গৈছে। আৰু কেৱল সেয়াই নহয়, ইংৰাজী অনুবাদটোৱে পাঠকক দিছে অসাধাৰণ এক পঠন অভিজ্ঞতা।

প্ৰসিদ্ধ লেখক মিলান কুন্দেৰাৰ কিতাপবোৰ পৃথিৱীৰ বিছ-ত্ৰিছটা ভাষালৈ অনুবাদ হৈছে। তেনেকৈ অনুবাদ হোৱা উপন্যাসবোৰ তেওঁ এবাৰ পৰীক্ষা কৰি চাইছিল। তেতিয়া তেওঁ দেখিলে যে— এখন উপন্যাসত তেওঁৰ যিবোৰ বাক্য, সেইবোৰ কেইবাটাও চুটি চুটি বাক্যলৈ ৰূপান্তৰ কৰি অনুবাদ কৰা হৈছে। মানে তেওঁৰ একোটা বাক্য অনুবাদত হৈ পৰিছে সৰল তিনি-চাৰিটা বাক্য। অৰ্থাৎ, তেওঁৰ লেখাৰ বা তেওঁৰ বাক্যৰ প্ৰকৃত সোৱাদ পোৱাত বহু পাঠক বঞ্চিত হৈছে।

সেইদৰে, তেওঁৰ এটা পেৰাগ্ৰাফত এটা শব্দ চাৰি-পাঁচবাৰ পুনৰাবৃত্তি হৈছিল, আৰু তেওঁ সেই পেৰাগ্ৰাফটো এখন অনুবাদ গ্ৰন্থত পৰীক্ষা কৰি দেখিলে যে তাত এটাও শব্দ পুনৰাবৃ্ত্তি হৈ থকা নাই। তাৰমানে তেওঁ বুজোৱা এটা শব্দক অনুবাদ-গ্ৰন্থখনত পাঁচটা সুকীয়া সুকীয়া শব্দৰে বুজোৱা হ’ল। একোটা শব্দৰ সম্পূৰ্ণ নিজা অৰ্থ থাকে, নিজা মহিমা থাকে, তেনে অৱস্থাত তেওঁ পেৰাগ্ৰাফটোত প্ৰকাশ কৰিব বিচৰা কথাখিনি অনুবাদত প্ৰকাশ হ’ল জানো!

মিলান কুন্দেৰাই তেওঁৰ ‘দ্য আৰ্ট অৱ দ্য নভেল’ নামৰ কিতাপখনৰ এটা অংশত এনেকুৱা এখন তালিকাই দি দিছে (মই সেই কিতাপখনো অনুবাদতে পঢ়া)। আৰু পাছলৈ তেওঁ অনুবাদবোৰ নিজে চোৱা হ’ল বা অনুবাদকে কি কৰে সচেতন হ’বলৈ ধৰিলে।

শেহতীয়াকৈ টনি মৰিছনৰ এখন বিখ্যাত উপন্যাসৰ অনুবাদ পঢ়িলোঁ, সম্পূৰ্ণ হোৱা নাই এতিয়াও। এটা অংশত মূল উপন্যাসৰ যি শানিত ভাষা, তাৰ বিপৰীতে অনুবাদৰ ভাষা কোমল। মূলখিনি পঢ়িলে, উশাহ বন্ধ হৈ যোৱা যেন লাগিব। কিন্তু অনুবাদত সেইখিনি পঢ়ি পাৰ হৈ গুচি গ’লেও পাঠকে একো মনেই নকৰিব। ধাৰণা হয় যে, ইয়াৰ কাৰণটো হ’ব পাৰে পাঠকক জটিল জগতখন দেখুওৱাৰ সংকোচ আৰু পাঠক কোমল ভাষাত অভ্যস্ত হৈ থকা বুলি জনাতো। যেনেকৈ ‘মহাৰথী’ৰ লেখক চন্দ্ৰপ্ৰসাদ শইকীয়াই লিখিছিল যে— আমি সৰুৰে পৰা “দ্ৰৌপদীৰ বস্ত্ৰহৰণ” বুলি শুনো, “দ্ৰৌপদীৰ নিৰ্যাতন” বুলি নুশুনো; “বস্ত্ৰহৰণ” বুলি মিঠা কাব্যিক শব্দ এটা দি তাক মহিমামণ্ডিত কৰি পেলোৱা হ’ল, কিন্তু নিৰ্যাতন বুলি কৈ সেইটো যে ভয়ংকৰ কথা তাক জনোৱা নহ’ল।

No Comments

Post A Comment