ৰুবুল মাউতৰ এইবাৰৰ অসম ভ্ৰমণটোত

ৰুবুল মাউতৰ এইবাৰৰ অসম ভ্ৰমণটোৱে এছাটি জুৰ মলয়াৰ দৰে মানুহৰ মনলৈ আনন্দ বোৱাই আনিছে। জুবিন গাৰ্গৰ মৃত্যু, বহু নায়কৰ ছন্দ-পতন, ইত্যাদি বহু কাহিনীৰ শেষত ৰুবুল মাউতো এজন স্বপ্নৰ নায়ক যি মানুহৰ নিজৰ সপোনটো মনত পেলাই দিয়ে আৰু তেওঁক নিজৰে কোনোবা এজন যেন অনুভৱ কৰায়। তদুপৰি, তেওঁ ক’ব বিচৰা বা ক’ব নিবিচৰা বহু আক্ষেপ আছে আমাৰ সমাজৰ প্ৰতি, যিবোৰত তেওঁৰ মনৰ অভিমত শক্তিশালী, সেইখিনিয়েও মোৰ দৰে বহুতক সদায় তেওঁৰ প্ৰতি আকৰ্ষিত কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁ যি সুন্দৰ আৰু সাৱলীল বক্তৃতা দিলে, সেয়া শুনি মোক লগৰ এজনে মেচেজ কৰিলে— “চাচোন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ৰেগিঙৰ উৎপাতত তেঁৱেই এদিন নিশা হোষ্টেলৰ পৰা ওলাই ভাৰাঘৰত থাকিব লগা হৈছিল আৰু তেতিয়া তেওঁৰ আৰ্থিক অৱস্থাও একেবাৰেই ভাল নাছিল।” লগৰজনে পুনৰ ক’লে, “আৰু তেওঁ প্ৰেজেনটেচন দিবলৈ ভয় কৰিছিল। পাব্লিক স্পিকিং নোৱাৰে কৰিব। প্ৰেজেনটেচনৰ আগদিনা তেওঁ anxiety ত ৰূমত সোমাই থাকে কুঁচি-মুচি। এতিয়া কি মানুহ কি হৈ গ’ল!”

এই দুয়োটা কথাই মোক তেওঁৰ ‘মোৰো এটা সপোন আছে’ কিতাপখন পঢ়িবলৈ তীব্ৰভাৱে আকৰ্ষিত কৰিলে। এইকেইদিনতে কিতাপখন পঢ়ি পেলাম। কিতাপখনৰ কেইটামান পৃষ্ঠা পূৰ্বতে পঢ়িছিলোঁ যদিও সম্পূৰ্ণকৈ পঢ়া হোৱা নাছিল। এবাৰ ডাঙৰ ভন্তিয়ে কিনিছিল কিতাপখন। তাই পঢ়ি হোৱাৰ পাছত মই পঢ়িম বুলি কৈছিলোঁ। এদিন খবৰ কৰিলোঁ, “পঢ়ি হ’লেনে তোমাৰ?” তাই ক’লে, “পঢ়ি ইমান ভাল লাগিছে, সেইবাবে শেষৰফালে লাহে লাহে পঢ়ি শেষ নকৰাকৈ থৈ দিছোঁ। শেষ হৈ গ’লেই ভাল বস্তু এটা শেষ হৈ যোৱাৰ নিচিনাকৈ মনটো বেয়া লাগি যাব, ইমান ভাল লাগিছে কিতাপখন!”

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষণটোত ৰুবুল মাউতে বাৰে বাৰে এটা কথা কৈছে যে— ষ্ট’ৰি টেলিং। ষ্ট’ৰি টেলিং। ষ্ট’ৰি টেলাৰ। এই কথাটো তেওঁ এদিনেই কোৱা নহয়। সদায় কৈছে। পূৰ্বতেও কৈছে। তেওঁৰ সেই কিতাপখন অলপ পঢ়িলেও তেওঁৰ কাহিনী কথনৰ দক্ষতাৰ সম্ভেদ পোৱা যায়। তেওঁৰ সৈতে আৰু বেলেগ বেলেগ ব্যক্তিৰ ৰেফাৰেন্স দি মই বৈজ্ঞানিক কাহিনী-কথন সম্পৰ্কে পূৰ্বতে এটা প্ৰবন্ধও লিখিছিলোঁ। এই ষ্ট’ৰি টেলিঙৰ দক্ষতাই ষ্ট’ৰি আৱিষ্কাৰৰ দক্ষতাৰো বিকাশ সাধন কৰে নেকি? অৰ্থাৎ, বৈজ্ঞানিক আৱিষ্কাৰৰ দক্ষতাৰ বিকাশতো নিশ্চয় ই সহায় কৰে?

Matt Might নামৰ এজন কম্পিউটাৰ বিজ্ঞানী তথা চিকিৎসা বিজ্ঞানীৰ এটা প্ৰবন্ধ মোৰ খুব প্ৰিয়। প্ৰবন্ধটোত তেওঁ বৈজ্ঞানিক নতুন গৱেষকক দহ হাজাৰ ঘণ্টা লিখি অনুশীলন কৰাৰ পৰামৰ্শ দিছে। তাৰ বাবে লিখাৰ বিষয় কি? বিষয় একো নাথাকিলে, যিটো নিজৰ বাবে গুৰুত্বপূৰ্ণ প্ৰসংগ সেইবোৰ লিখি অভ্যাস কৰিলেও হ’ব। তাৰ পাঠক কোন হ’ব? Matt Might-এ কৈছে যে পাঠক কোনো নালাগে। মাথোঁ অভ্যাসটো লাগে। তাৰ পাছত সৃষ্টি হ’ব মূল ষ্ট’ৰি টেলাৰজনৰ।

এই ষ্ট’ৰি টেলিঙৰ গুণটোৱেও ৰুবুল মাউতৰ প্ৰতি মানুহক আকৰ্ষিত কৰি নিয়ে। ষ্ট’ৰি টেলিং বুলি কওঁতে কেইবাটাও ভাগ আছে। জনপ্ৰিয় গল্প-সাহিত্য লিখা, সামাজিক বক্তব্য লিখা যিখিনি কথা জগতৰ বাবে ‘মেটাৰ’ কৰে, বৈজ্ঞানিক আৱিষ্কাৰৰ জনপ্ৰিয় কাহিনী লিখা, নিজৰ বৈজ্ঞানিক আৱিষ্কাৰক গৱেষণা-পত্ৰৰ মাধ্যমেৰে লিখা …। কাহিনী কোৱাৰ এই প্ৰতিটো ধৰণতেই ৰুবুল মাউতে এবাৰ হ’লেও হাত দিছে। মোৰ ধাৰণা হয় যে, তেওঁৰ এটা ধৰণে আনটো ধৰণক সমৃদ্ধ কৰে।

অসমত বিজ্ঞানীক অতি কমাই গুৰুত্ব দিয়া হয় বুলি বহু যুগৰ পৰাই চৰ্চিত। এই ছবি এতিয়াও সলনি হোৱা নাই। এই লৈ আক্ষেপ ৰুবুল মাউতৰো আছে। তেওঁকে অনুপ্ৰাণিত কৰা বা তেওঁৰ অতি সন্মানীয় অসমীয়া বিজ্ঞানীও অসমত এতিয়াও একপ্ৰকাৰে অৱহেলিত। তেওঁৰ এই আক্ষেপক সংশ্লিষ্ট মাধ্যমসমূহে গুৰুত্ব দিয়া দৰকাৰ। এই গুৰুত্বই আমাক আৰু বহুত নতুন ষ্ট’ৰি ক’ব, নতুন ষ্ট’ৰি টেলাৰ দিব। আশা কৰোঁ, ৰুবুল মাউতৰ ষ্ট’ৰিটোৱেও আজিতকৈও বৃহৎ পৰিসৰলৈ গতি কৰিব।

No Comments

Post A Comment