(১) ৰাজ্যৰ ৭০ জন অধ্যাপকৰ পিএইচডি আদি ডিগ্ৰীধাৰীসমূহ ভুৱা নেকি তাৰ পৰীক্ষাৰ বাবে জাননি ওলাইছে। আন এক বাতৰি মতে ১২৫ জন। তাৰে মাজৰ কোনোবাজন দায়ৰ পৰা মুক্ত হ’বও পাৰে। সেয়া যি নহওক, ইয়াৰ উপৰি কিন্তু যেনেতেনে ভুৱা নোহোৱাকৈ থকা হেজাৰ-বিজাৰ মনুষ্য লুইতৰ দুয়োপাৰ ভৰি থাকিবও পাৰে।...

যোৱা ৩০ এপ্ৰিলত, ‘অসম গণিত শিক্ষায়তন’ৰ ৩৬ সংখ্যক অধিৱেশনত উপস্থিত থাকি বৰ ভাল লাগিল। এইবাৰ লক্ষীমপুৰত অধিৱেশন অনুষ্ঠিত হৈছে, আৰু আয়োজক সমিতিয়ে অতি সুন্দৰ এটা দিন ৰাইজক উপহাৰ দিছে। আচলতে, লক্ষীমপুৰত পূৰ্বেই এখন অধিৱেশন দুদিনীয়াকৈ হোৱাৰ কথা আছিল, কিন্তু সকলো পৰিকল্পনা হৈ যোৱাৰ পাছত অধিৱেশনলৈ...

কেইবছৰমান আগতে এজন নামী মানুহে এটা কথা কৈছিল; সেই কথাটোৱে মোক আচৰিত কৰি দিছিল। তেওঁ এজন অতিশয় বিজ্ঞ, দক্ষতাসম্পন্ন মানুহ; ছাত্ৰ-ছাত্ৰী তথা উচ্চশিক্ষা জগতত তেওঁ এজন গ্লেমাৰাছ মানুহ; কেইবাখনো প্ৰতিষ্ঠানৰ পদবী শুৱনি কৰিছে তেওঁ। তেওঁলোকৰ গোটেই পৰিয়ালটোৰ এটা নাম আছে। মানুহজনে তাহানিৰ কটন কলেজত পঢ়ি...

(৫১) অসমীয়া বিজ্ঞানীসকল বা অসমীয়া গণিতজ্ঞসকল — এনেধৰণৰ তালিকা এখন প্ৰস্তুত কৰিব বিচাৰিলে কিছুমান অসুবিধাৰ সমুখীন হোৱা যায়। তথ্যৰ অভাৱ বা সমলৰ অভাৱৰ কথাটো বাদ দিও আন কেইটামান সমস্যা পৰিলক্ষিত হয়। মূল সমস্যাটো হ’ল — এজন অসমীয়া বিজ্ঞানী বা এজন অসমীয়া গণিতজ্ঞ বুলি কাক কোৱা হ’ব? আমাৰ...