গগনদীপ কাং — ৰয়েল ছ’চাইটিৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সদস্য

ইতিহাস-প্ৰসিদ্ধ বৈজ্ঞানিক সংস্থা ৰয়েল ছ’চাইটিৰ সদস্য (FRS) ৰূপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী আৰু এতিয়ালৈকে একমাত্ৰ ভাৰতীয় মহিলাগৰাকী হ’ল গগনদীপ কাং (Gagandeep Kang)। ৰয়েল ছ’চাইটি প্ৰতিষ্ঠা হৈছিল সোতৰ শতিকাত। আধুনিক ৰসায়ন বিজ্ঞানৰ জনক বুলি পৰিচিত ৰবাৰ্ট বয়ল আছিল ইয়াৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম। ইয়াৰ প্ৰথম সভাপতিজন আছিল এজন গণিতজ্ঞ তথা ৰয়েল নেভিৰ আয়ুক্ত। নিউটন একেৰাহে ২৪ বছৰ ইয়াৰ সভাপতি আছিল৷ সেই তাহানি ৰয়েল ছ’চাইটিয়ে বহু বৈজ্ঞানিক আৱিষ্কাৰ আৰু উদ্ভাৱনৰ গুৰুত্ব সমাজত প্ৰতিষ্ঠা কৰি বিজ্ঞানে ৰাজহাড় পোন কৰি মূৰ দাঙি ঠিয় দিয়াত অন্যতম ভূমিকা গ্ৰহণ কৰিছিল। এজন লেখকে এখন কিতাপত লিখিছিল, “এই ছ’চাইটিৰ অনুমোদন নোপোৱাহেঁতেন হলেণ্ডৰ ডেলফট চহৰৰ ‘হজুৱা’ মানুহজনে যে তেওঁৰ অণুৱীক্ষণিক চিত্ৰমালাবোৰৰ বাবে অমৰত্বৰ স্বীকৃতি আদায় কৰিব নোৱাৰিলেহেঁতেন সেইকথা ক’বই নালাগে। আমি মানুহজনক চিনি পাওঁ — তেওঁ লিউয়েনহক — জীৱাণুবিদ্যাৰ পথপ্ৰদৰ্শক। তেওঁৰ শ্ৰম আৰু মেধাৰ ফল অণুৱীক্ষণ যন্ত্ৰটোক তো আটায়ে চিনি পায়!” বিভিন্ন প্ৰান্তৰ বিদ্বানে সামুহিকভাৱে কাম কৰি উদ্ভাৱন বা বিকাশ ত্বৰান্বিত কৰাৰ পথো সংস্থাটিয়ে মুকলি কৰিছিল। বিশ্বৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা-পত্ৰিকা (journal) প্ৰকাশ কৰিছিল এই সংস্থাটিয়েই (আনহাতে বিশ্বৰ প্ৰথমখন গৱেষণা-পত্ৰিকা প্ৰকাশ পাইছিল তাৰ দুমাহ পূৰ্বেহে)। আজিও বিশ্বত বৈজ্ঞানিক পৰিৱেশ আৰু সজাগতা বৰ্তাই ৰখাত এই সংস্থাটিয়ে অতি প্ৰভাৱশালী কাম কৰি আছে। ইয়াৰ সদস্য ৰূপে নিৰ্বাচিত হোৱাটো বিশ্বৰ ভিতৰতে অতিশয় সন্মানীয় স্বীকৃতি৷

ৰয়েল ছ’চাইটিৰ প্ৰথমজন ভাৰতীয় সদস্য আৰ্দচিৰ কুৰ্চেৎজি (Ardaseer Cursetjee)। তেওঁ এজন অভিযন্তা আৰু তেওঁ নিৰ্বাচিত হৈছিল ১৮৪১ চনত৷ দ্বিতীয়জন সদস্য গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজন; তেওঁ নিৰ্বাচিত হৈছিল ১৯১৮ চনত৷ ৰয়েল ছ’চাইটি প্ৰতিষ্ঠাৰ কেইবাশ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে ভাৰতৰ এগৰাকী মহিলা নিৰ্বাচিত হ’বলৈ সক্ষম হ’ল এইবাৰ ২০১৯ চনত। গগনদীপ কাঙৰ পূৰ্বে ভাৰতীয় মূলৰ এগৰাকী মহিলা নিৰ্বাচিত হৈছে যদিও তেওঁৰ উচ্চশিক্ষা আৰু কৰ্মক্ষেত্ৰ ভাৰতৰ বাহিৰত।

গগনদীপ কাং এগৰাকী চিকিৎসা-বিজ্ঞানী। ১৯৮৭ চনত তেওঁ এমবিবিএছ ডিগ্ৰী লয়। ১৯৯১ চনত এমডি ডিগ্ৰী লয়। কৰ্মজীৱন আৰম্ভ কৰোঁতে তেওঁ দেখিলে যে দিনৰ পাছত দিন নিশাৰ পাছত নিশা তেওঁ একেটা কামেই কৰি থাকিব লাগিব। এইটো কথা ঠিক যে তাৰ দ্বাৰাও তেওঁ মানুহৰ সেৱা আগবঢ়াব পাৰিব; কিন্তু সেই দিশে নতুন কৰ্মৰ মুখামুখি হোৱাৰ পথ শেষ হৈ যাব বা তেওঁৰ সৃষ্টিশীল দক্ষতাখিনি স্থবিৰ হৈ ৰৈ যাব। কেতিয়াবা যে কোনোবাই কয় – মোৰ বিছ বছৰীয়া অভিজ্ঞতা, মোৰ ত্ৰিছ বছৰীয়া অভিজ্ঞতা; প্ৰকৃততে বহুতৰ ক্ষেত্ৰত সেয়া তেওঁলোকৰ এবছৰীয়া বা ছমহীয়া অভিজ্ঞতাহে; বাকী গোটেইখিনি বছৰ তেওঁলোকে কেৱল একেটা বছৰকে পুনৰাবৃত্তি কৰি থাকে। গগনদীপ কাঙে দেখিলে যে তেনেকৈ তেওঁ যি কাম কৰি থাকিব সেয়া নতুন প্ৰত্যাহ্বানজনক নহয়। সেয়েহে তেওঁ বাছি ল’লে চিকিৎসা-গৱেষণাৰ পথ, যিটো পথেৰে তেওঁৰ কৰ্মৰ প্ৰভাৱ মানুহৰ মাজত অধিক ব্যাপক হ’ব। নতুন উদ্ভাৱনৰ কষ্টকৰ পথ এটা তেওঁ বাছি ল’লে। ১৯৯৮ চনত তেওঁ ডক্টৰেট ডিগ্ৰী ল’লে আৰু তেতিয়াই তেওঁ এটি ভাইৰাছৰ বিষয়ে নতুন তথ্য আৱিষ্কাৰ কৰিলে, যিটোৰ দ্বাৰা প্ৰতি বছৰে লাখ সংখ্যক শিশু আক্ৰান্ত হয়। ডক্টৰেট ডিগ্ৰী লোৱাৰ পাছত তেওঁ তাৰ বিষয়ে অধিক অন্বেষণত লিপ্ত হ’ল। এইবাৰ অধ্যয়নৰ বাবে তেওঁ প্ৰথমে যুক্তৰাজ্যলৈ গ’ল আৰু এবছৰৰ পাছত সেই বিষয়কে লৈ তেওঁ পোষ্ট-ডক্টৰেটৰ বাবে গ’ল যুক্তৰাষ্ট্ৰলৈ। তাৰ পৰা তেওঁ উভটি আহি সেই ভাইৰাছটোৱে কি পৰিস্থিতিত কিয় ভাৰতৰ শিশু তথা জনসাধাৰণক আক্ৰান্ত কৰি আছে, ইয়াৰ প্ৰভাৱ আন দেশতকৈ ভাৰতত কিমান বেলেগ ইত্যাদিৰ পুংখানুপুংখ অধ্যয়ন চলালে। তেওঁ যিমান গভীৰভাৱে সেই কামবোৰ কৰিছিল, তেনে পৰ্যায়ৰ কাম তেওঁৰ পূৰ্বে কোনেও কৰা নাছিল। এই কামবোৰে এতিয়া তাৰ প্ৰতিষেধক নিৰ্মাণত সহায় কৰিছে আৰু ভাৰতৰ বাবে সেয়া কেনে পৰ্যায়ত প্ৰয়োজন সেয়া নিৰ্ণয়তো সহায় কৰিছে। এতিয়াও তেওঁ এই পৰ্যায়ৰ কামত ব্যস্ত। তেওঁৰ কেইবাশ গৱেষণা-পত্ৰ প্ৰকাশ হৈছে।

গগনদীপ কাং সিদিনা ৰয়েল ছ’চাইটিলৈ নিৰ্বাচিত হোৱাৰ পাছতো, আমাৰ দেশৰ এখন আলোচনা-সভাত তেওঁ সোঁৱৰাই দিবলৈ বাধ্য হৈছিল যে তেওঁ সভাপতি আৰু সকলোৱে নিজৰ নিজৰ বক্তব্য নিজৰ পাল পৰিলে শৃংখলা মতে দিয়া উচিত। আলোচনাটিত গোটেই পুৰুষে ভৰি আছিল আৰু মহিলা বুলি বিশেষ সন্মান নৰখা বাবেই তেওঁলোকে কথাৰ ওপৰা-ওপৰি কৰি নিজৰ কৰ্তৃত্ব খটুৱাব বিচাৰিছিল। তেওঁ কয় যে এই ধৰণৰ ঘটনা সদায় ঘটি আছে আৰু মানুহবোৰ ইমান অভ্যস্ত হৈ আছে যে কোনেও সেইটো উপলব্ধিয়েই নকৰে। এতিয়াও মহিলাৰ বাবে বহুতো সামাজিক, সাংস্কৃতিক, পৰম্পৰাগত বাধা আছে। তাৰোপৰি সামুহিকভাৱে সকলোৰে বাবেও ভাৰতত অধ্যয়নৰ স্তৰবোৰত বৃত্তীয় দিশৰ বহু সমস্যা বা প্ৰশাসনিক মনোবৃত্তিৰ খুঁত আছে। আনহাতে তেওঁ কয় যে ভাৰতীয় ৰীতিটো হ’ল এনেকুৱা — যদি জেষ্ঠজনৰ পৰা পাঁছ মিনিট পাবলৈয়ো সক্ষম হোৱা যায় তেন্তে কৃতজ্ঞ হ’ব লাগিব, যদিহে ভাল নিৰ্দেশনা এটা পাবলৈ সক্ষম হোৱা যায় তেতিয়াতো ধন্যই মানিব লাগিব। কিন্তু তাৰ বিপৰীতে, তেওঁ যুক্তৰাজ্যলৈ প্ৰথম যাওঁতেই দেখিছিল যে তাত mentoring টো এটা সংস্কৃতিত পৰিণত হৈ আছে। যুৱ প্ৰজন্মক সহযোগ কৰাটো যদি চাৰিত্যিক বৈশিষ্টৰ অংশ হৈ পৰে আৰু তাৰ দ্বাৰা যদি কোনোবা এজনক নিৰূপিত কৰিব পৰা যায়, তেন্তে ব্যক্তিজন নিজেও অধিক কাৰ্যক্ষম হোৱাটো সম্ভৱ হ’ব পাৰে। কিন্তু আমাৰ ইয়াত এতিয়াও এইটো দয়া কৰা মনোবৃত্তিৰ দৰে হৈ আছে বুলি তেওঁ কয়।

এটা সাক্ষাৎকাৰত গগনদীপ কাঙক সোধা হৈছিল যে তেওঁৰ আৰম্ভণি সময়বোৰত কেনেকুৱা এটা উপদেশ পোৱা হ’লে কামত আহিলহেঁতেন বুলি এতিয়া তেওঁ বিশ্বাস কৰে। এইটোৰ উত্তৰ দিয়াটো কঠিন বুলি কৈয়ো তেওঁ কৈছিল যে এটা দীঘলীয়া সময়ৰ অন্ততহে তেওঁ এনে এটা কথা শিকিব পাৰিছিল। পূৰ্বতেই তেওঁ উপদেশ ৰূপে পাব বিচৰা কথাটো হৈছে — “Don’t be afraid to say no”।

No Comments

Post A Comment