(৭১) বৰগোহাঞিদেৱলৈ শ্ৰদ্ধাঞ্জলি হোমেন বৰগোহাঞিদেৱৰ নিজৰে ভাষা ধাৰ কৰি আমি ক’ব পাৰোঁ যে— ঘৰখনত হোমেন বৰগোহাঞিৰ এখনো কিতাপ নথকা বা হোমেন বৰগোহাঞিৰ এখনো কিতাপ পঢ়ি নোপোৱা কোনোবা শিক্ষিত অসমীয়া মানুহ আছেনে? নিশ্চিতভাবে নাই। তেখেতৰ সম্পৰ্কে আমি আন এক ধৰণেও চাব পাৰোঁ। আমাৰ মাজত এটা বস্তুৰ ডাঙৰ অভাৱ আছে।...

অসমীয়া চলচিত্ৰলৈ নব্য-ভাবধাৰা আৰু কলা-কৌশল উপহাৰ দিয়া মুনিন বৰুৱাৰ প্ৰতিখন চলচিত্ৰত আছে সমাজব্যৱস্থাৰ প্ৰতি গভীৰ দায়িত্ববোধ, বিষয়বস্তুৰ গভীৰতা আৰু সুক্ষ্ম-পৰ্য্যবেক্ষণ, চৰিত্ৰসমূহৰ প্ৰতি গভীৰ মমত্ব আৰু মানৱীয় অনুকম্পা, কাহিনী কোৱাৰ অসামান্য ভংগী আৰু তত্বগধুৰ সংলাপ। জনপ্ৰিয় পৰিচালক শিৱপ্ৰসাদ ঠাকুৰৰ বোলছবি ফাগুনীৰ (১৯৭৮ত মুক্তিপ্ৰাপ্ত) জৰিয়তে সহকাৰী পৰিচালক...

জুবিন গাৰ্গ : হতাশাৰ ঘোৰ তমসা ফালি আগবাঢ়ি অহা এছাটি ৰ’দ   (নিন্দুক আৰু অনুৰাগীৰ প্ৰসংগক সামৰি)   নিন্দুক-প্ৰজন্মৰ বাবে নিশ্চয়কৈ এটা সুখৰ বতৰা যে ড° ভূপেন হাজৰিকাক থেকেচি আজৰি হ’বলৈ নাপাওঁতেই একেটা কামৰ বাবে অভাৱ অনুভৱ নকৰাকৈ তেওঁবিলাকে আন এজন মানুহ লাভ কৰিলে। আৰু সেই মানুহজনেই হ’ল— জুবিন...