তেজপুৰ বিশ্ববিদ্যালয়ত এলানি বক্তৃতা আৰু দুটা প্ৰেজেণ্টেছন

প্ৰথমে মই ভাবিছিলোঁ, অনুষ্ঠানটোলৈ নাযাওঁ, দ্বিতীয়দিনা যেতিয়া গণিতৰ বক্তৃতাটো হ’ব তেতিয়া মাথোঁ চামগৈ। কিন্তু মোক অধ্যাপক নয়নদীপ ডেকা বৰুৱা ছাৰে মেছেজ দিলে যে অনুষ্ঠানটোলৈ আহিব পাৰা। মই গ’লোঁ চাবলৈ। যেতিয়া পদাৰ্থবিজ্ঞান বিষয়ক লৈ হোৱা প্ৰথমটো বক্তৃতা শেষ হ’ল, সকলো দৰ্শক অভিভূত হৈ মুখে মুখে বক্তৃতাটোৰ প্ৰশংসা কৰিবলৈ ধৰিলে। ছাৰ আৰু ময়ো অভিভূত হৈ পৰিলোঁ। তাৰ পাছতে হোৱা অৰ্থনীতি বিষয়ক বক্তৃতাটোৱেও সকলোকে অভিভূত কৰিলে। ছাৰে মোক ক’লে— ইমান ভাল লাগিব কাৰণেই মই তোমাক মাতিছিলোঁ।

এয়া আছিল ‘Nobel Laureate Lecture Series 2026’ শীৰ্ষক এলানি বক্তৃতা। যোৱা ১৮ নবেম্বৰৰ পৰা ২০ নবেম্বৰলৈ তেজপুৰ বিশ্ববিদ্যালয়ে আয়োজন কৰিছিল। ২০২৬ বৰ্ষত নোবেল বঁটা লাভ কৰা প্ৰতিটো বিষয়ৰ সম্পৰ্কে এটাকৈ বক্তৃতা আগবঢ়াইছিল একোজনকৈ অধ্যাপকে। প্ৰতিটো বক্তৃতাতে বিষয়-বস্তুৰ উপৰি প্ৰাপকসকলৰ ৰোমাঞ্চকৰ আৰু দুঃসাহসী কাহিনীও আছিল। ‘আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘ’ই (IMU) প্ৰতি চাৰি বছৰৰ মূৰে মূৰে প্ৰদান কৰা গণিতৰ এটা সৰ্বোচ্ছ বঁটা ফিল্ড্‌ছ্‌ মেডেলো এই বছৰতে প্ৰদান কৰা হৈছিল। সেয়ে এই বিষয়ক এটা বক্তৃতাও সেই বক্তৃতা-লানিত সংযোগ কৰা হৈছিল।

কেৱল সাহিত্য বিষয়টো বাদ দি প্ৰতিটো বিষয়ৰ বক্তৃতা আগবঢ়াইছিল বিশ্ববিদ্যালয়ৰে একোজন অধ্যাপকে আৰু এই প্ৰতিটো বক্তৃতাই হৈছিল খুব আকৰ্ষণীয়। এনে পৰ্যায়ৰ বিষয়-বস্তু বা প্ৰসংগ, যিবোৰ বিষয়-বস্তুৱে নোবেল বঁটা বা ফিল্ড্‌ছ্‌ মেডেল জয় কৰিছে, সিমান কঠিন বিষয়-বস্তুসমূহো সকলোৰে উপভোগ্য কৰি তুলি ধৰিবলৈ বক্তাসকল সক্ষম হৈছিল। প্ৰত্যেকেই খুব যত্নৰে কৰা শ্লাইডসমূহো আছিল অতি আকৰ্ষণীয়। বিষয়-বস্তু বা বিজয়ীসকলৰ কাহিনী উপভোগ কৰাৰ উপৰি এইসমূহ বক্তৃতাই আন কিছুমান গুৰুত্বপূৰ্ণ কথাও প্ৰদৰ্শন কৰিছিল— যেনে, একোটা কঠিন বিষয়-বস্তু সকলোৱে বুজাকৈ কেনেদৰে তুলি ধৰিব লাগে, কেনেকৈ প্ৰেজেণ্টেছন প্ৰস্তুত কৰিব লাগে, শ্লাইডসমূহত কেনেকুৱা বস্তু থাকিব লাগে, ইত্যাদি।

মোৰ নিজৰ আটাইতকৈ ভাল লগা বক্তৃতা দুটা আছিল পদাৰ্থ বিজ্ঞানৰ আৰু গণিতৰ। সেয়েহে দুয়োটা বক্তৃতাৰ শ্লাইডসমূহ সংগ্ৰহ কৰিলোঁ ইয়াত সন্নিৱিষ্ট কৰিবলৈ। মোৰ ব্লগত সন্নিৱিষ্ট কৰিবলৈ শ্লাইডসমূহ দিয়া বাবে দুয়োগৰাকী বক্তাক আন্তৰিক ধন্যবাদ জনালোঁ। কিন্তু পাঠকে এই ফাইলসমূহৰ পৰা বক্তৃতা দুটাৰ সম্পৰ্কে কিছু ধাৰণাহে লাভ কৰিব পাৰিব, কাৰণ “the slides are not the talk, and the talk is not the slides.”

পদাৰ্থ বিজ্ঞানৰ বক্তৃতাটো আগবঢ়াইছিল ড৹ মুনমুন দেৱীয়ে। তেওঁ হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ ডক্টৰেট ডিগ্ৰী লৈছিল টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ (TIFR) পৰা। এগৰাকী কৃতী ছাত্ৰী মুনমুন দেৱীয়ে গৱেষণাতো কৃতিত্ব অৰ্জন কৰিছে। ২০২২ বৰ্ষত তেওঁ অসম চৰকাৰৰ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে (ASTEC) প্ৰদান কৰা যুৱ বিজ্ঞানী/উদ্ভাৱক বঁটাও লাভ কৰিছিল।

গণিতৰ বক্তৃতা আগবঢ়াইছিল ড৹ দেৱজিৎ কলিতাই। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁৰ সমূহ গৱেষণা-পত্ৰ উচ্চ স্তৰৰ পত্ৰিকাত প্ৰকাশিত, যিটো কথাই বহুতক অনুপ্ৰাণিত কৰে। তেওঁ মোৰ এগৰাকী শিক্ষাগুৰুও আছিল। এইবাৰ ফিল্ড্‌ছ্‌ মেডেল প্ৰদান অনুষ্ঠানত তেৱোঁ ভাগ লৈছিল।

মূল বক্তৃতাৰ শেষত তেওঁ আগবঢ়োৱা কেইটামান বক্তব্যঃ

এইবাৰৰ এগৰাকী ফিল্ড্‌ছ্‌ মেডেলিষ্ট জেকব চিমাৰমেনৰ সৈতে এমআইটিত গৱেষণা কৰি থকা অসমৰ এগৰাকী ছাত্ৰ অয়ন নাথ। ফটোখন তুলিছিল ড৹ দেৱজিৎ কলিতাই এইবাৰৰ ‘গণিতজ্ঞসকলৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ত (ICM), যিখন সন্মিলনতেই ফিল্ড্‌ছ্‌ মেডেল প্ৰদান কৰা হয়। ফটোখন তথা এই গোটেই সংযোগখিনি মোৰ অতিকে প্ৰিয়।

No Comments

Post A Comment