পিঠিত বা মূৰত পকাণ্ড টোপোলা একোটা লৈ কিছুমান বেপাৰীয়ে মানুহৰ ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰে৷ পোচাক, কাপোৰ, গহনা, বাচন-বৰ্তন আদিৰ বেলেগ বেলেগ বেপাৰী থাকে৷ তেওঁলোকৰ কিছুমানে ২০০ টকীয়া বস্তুটোৰ দাম ৭০০ টকা বুলিও কয়, ১১০০ টকা বুলিও কয়৷ বস্তু চিনি নোপোৱা বা দৰ-দাম নজনা...

২০১৮ চনৰ আটাইতকৈ উল্লেখযোগ্য বৈজ্ঞানিক আৱিষ্কাৰকেইটা বা আটাইতকৈ ডাঙৰ বৈজ্ঞানিক কামকেইটা কি কি? এই সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন কাকত-আলোচনীয়ে তালিকা প্ৰকাশ কৰিছে৷ আৰু স্বাভাৱিকভাৱেই এই তালিকাবোৰত সামান্য তাৰতম্য আছে৷ একেষাৰে ক'ব পাৰি যে ২০১৮ চনত মহাকাশ অভিযানত অতি গুৰুত্বপূৰ্ণ কাম হৈ গৈছে৷ ইলন মাস্কে এখন গাড়ী...

১) জুবিন গাৰ্গ আশাবাদৰ এটা প্ৰতীক৷ যি সময়ত জুবিন গাৰ্গ নামৰ গায়কজন সৃষ্টি হৈছিল, সেই সময়ত অসমত জুই, ধোঁৱা, মাৰণাস্ত্ৰ, বিভেদ আৰু চকুপানীৰে নৰক সদৃশ পৰিৱেশ৷ ধ্বংসৰ মুহূৰ্তত ধ্বংসৰ গান এটি, দুখৰ মুহূৰ্তত দুখৰ গান এটি বা নানা কথা সোঁৱৰাই দিয়া গান এটিয়ে মানুহক অধিক...

মই পঢ়া এমঃইঃ স্কুলখন বিভিন্ন কাৰণত একদম বেয়া আছিল৷ যোৱা বছৰ সৰু ল'ৰা এজনক লগ পালোঁ৷ ল'ৰাজনক ইটো-সিটো সুধি আছিলোঁ - এতিয়া ক'ত পঢ়ি আছা, কি বিষয় পঢ়িছা, হাইস্কুল ক'ত পঢ়িছিলা, এমঃইঃ-এলঃপিঃ ক'ত পঢ়িছিলা ইত্যাদি৷ তেওঁ এমঃইঃ স্কুলখনৰ নামটো কোৱাত সুধিলোঁ - "স্কুলখন কেনেকুৱা? ভাল...

শিৱসাগৰৰ ঘটনাটোৰ বাতৰি ওলোৱা পাছত মানসিকভাৱে বেয়া স্বাস্থ্যৰ মানুহ সামাজিক যোগসূত্ৰ মাধ্যমতো দেখা পোৱা গৈছে৷ কালি এটা টক শ্ব'ত মানসিক ৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে মানসিকভাৱে স্বাস্থ্যৱান মানুহ এজনৰ কি কি বৈশিষ্ট থাকে সেই সম্পৰ্কে এটা কথা কৈছিল৷ তেওঁ কৈছিল যে বিশ্ব স্বাস্থ্য সংস্থাই মানসিকভাৱে সুস্থ...

ইণ্টাৰনেট তথা কম্পিউটাৰ-বিজ্ঞান জগতখন সাংঘাটিক তীব্ৰ গতিৰে সলনি হৈছে৷ নতুন নতুন বস্তু ওলাই আছে৷ বিশ্বৰ প্ৰথমটো ৱেবছাইট নিৰ্মাণ কৰা আজি ৩০ বছৰো হোৱা নাই৷ আচৰিত যেন লাগিলেও কথাটো সঁচা৷ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমটো কম্পিউটাৰ-বিজ্ঞান বিষয়ৰ ক'ৰ্চ যিটো বছৰত আৰম্ভ হৈছিল, সেইটো বছৰত অসম আন্দোলনৰ প্ৰাকক্ষণৰ...