বিপুলজ্যোতি শইকীয়াৰ “গানৰ পৰা বিজ্ঞানলৈ”

“গানৰ পৰা বিজ্ঞানলৈ” বিপুলজ্যোতি শইকীয়াৰ এখনি তেনেই অকণমানি কিতাপ৷ মুঠ পৃষ্ঠা মাথোঁ ৭২ টা, দাম ৪০ টকা৷ প্ৰকাশক পাঞ্চজন্য প্ৰকাশন৷ প্ৰথম প্ৰকাশ ২০১৭ চনত৷ “বাৰ-ওঠৰ” আৰু “মুকুতা” নামৰ আলোচনী দুখনত পূৰ্বে প্ৰকাশিত ১০ টা প্ৰবন্ধৰে কিতাপখন৷ অতি অকণমানি যদিও কেইবাটাও দিশেৰে কিতাপখন অতি গুৰুত্বপূৰ্ণ৷

কিতাপখনৰ প্ৰতিটো প্ৰবন্ধ একেটা ঠাঁচত লিখিত৷ প্ৰতিটো প্ৰবন্ধত তেওঁ এটা এটা গানত উল্লিখিত প্ৰসংগ একোটা বাছি লৈছে, আৰু সেই প্ৰসংগটো বৈজ্ঞানিকভাবে কেনেকুৱা হ’ব পাৰে সেয়া তেওঁ ব্যাখ্যা কৰিছে৷ ফলত এটা প্ৰবন্ধ পঢ়োতে, গানটোৰ বিষয়টোৱে প্ৰথমে আপোনাৰ মনলৈ কল্পনা আনিব, আৰু তাৰ পিছ মুহূৰ্ততে প্ৰবন্ধটোৱে সেই কল্পনাক বাস্তৱলৈ নমাই আমি আপোনাক বৈজ্ঞানিক সত্যৰ বিষয়ে জ্ঞান দিব৷ কিন্তু বৈজ্ঞানিক কথাবোৰ ইমান সৰল আৰু সাৱলীল ভাষাৰে লিখা হৈছে যে আপুনি গানৰ ৰোমাণ্টিক কল্পনাখিনিৰ পৰা মুক্ত হ’ল যদিও, বৈজ্ঞানিক সত্যখিনিক কল্পনা কৰি থাকিবলৈ বাধ্য হ’ব৷

বিপুলজ্যোতি শইকীয়া এগৰাকী কবি ৰূপে সুপৰিচিত৷ সাহিত্যত তেওঁৰ দখল থকা বাবেই তেওঁৰ বৈজ্ঞানিক প্ৰবন্ধবোৰৰ ভাষাও সাৱলীল৷ এই কিতাপখনৰ প্ৰবন্ধসমূহটো সেয়া প্ৰতিফলন ঘটিছে৷

কিতাপখনৰ প্ৰবন্ধবোৰ কিশোৰ-কিশোৰীক উদ্যেশ্যি লিখা হৈছে, কিন্তু সাধাৰণ বয়সৰ মানুহেও সেইখিনিৰ পৰা শিকিব পাৰিব৷ কাৰণ, বয়স অধিক হ’লেও এনেবোৰ বিষয়ত প্ৰায়ভাগ মানুহৰে জ্ঞান বা ধাৰণা কিশোৰ-কিশোৰীৰ পৰ্যায়ৰহে৷

কিতাপখন “বিজ্ঞান” বুলি কোৱা হৈছে যদিও আটাইকেইটা প্ৰবন্ধতে প্ৰায়োগিক গণিতৰ কথা আছে৷ গতিকে গণিতত ৰাপ থকা ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ বাবে কিছুমান বিষয়ৰ সম্ভেদ ইয়াৰ পৰা পাব৷ এনেকৈ সৰল ভাষাত সহজবোধ্যকৈ লিখিবলগীয়া বহুতো বিষয় বাকী আছে৷ বিশেষকৈ বিশুদ্ধ গণিতৰো বহু বিষয় বাকী আছে লিখিবলৈ৷ সেয়েহে (নতুন) লেখকসকলৰ বাবেও কিতাপখন আন এটি আদৰ্শ৷ যিকোনো জনা-বুজা মানুহে নিজৰ অধ্যয়নৰ বিষয়টোৰ অন্ততঃ কিছুসংখ্যক এনে সৰল, সাৱলীল অথচ গভীৰ প্ৰবন্ধ লিখিবলৈ যত্ন কৰিব পাৰে৷

1 Comment
  • Anamika Borah
    Posted at 10:11h, 02 January Reply

    কিতাপখন পঢ়িব লাগিব।

Post A Comment