"গানৰ পৰা বিজ্ঞানলৈ" বিপুলজ্যোতি শইকীয়াৰ এখনি তেনেই অকণমানি কিতাপ৷ মুঠ পৃষ্ঠা মাথোঁ ৭২ টা, দাম ৪০ টকা৷ প্ৰকাশক পাঞ্চজন্য প্ৰকাশন৷ প্ৰথম প্ৰকাশ ২০১৭ চনত৷ "বাৰ-ওঠৰ" আৰু "মুকুতা" নামৰ আলোচনী দুখনত পূৰ্বে প্ৰকাশিত ১০ টা প্ৰবন্ধৰে কিতাপখন৷ অতি অকণমানি যদিও কেইবাটাও দিশেৰে কিতাপখন অতি গুৰুত্বপূৰ্ণ৷ কিতাপখনৰ প্ৰতিটো...

(১) এটা খুৱ সুন্দৰ বাক্য পঢ়িবলৈ পালোঁ— “ঋণাত্মক সংখ্যাবোৰে সংখ্যাৰ সমাজখনত অন্তৰ্ভুক্ত হোৱাৰ দুটা শতিকাৰো অধিক দিনৰ পূৰ্বেই কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল৷ সিহঁতে উনৈশ শতিকাৰ মাজভাগলৈকে— প্ৰায়, আমেৰিকাৰ চিভিল ওৱাৰৰ সময়লৈকে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে বিবেচিত হোৱাই নাছিল৷” তেন্তে কেনেকৈ সিহঁতে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ শাৰীত (অৰ্থাৎ ধণাত্মক...