২০২০ চনৰ এগৰাকী আবেল বঁটা বিজয়ী গণিতজ্ঞ হিল্লেল ফুৰ্ষ্টেনবাৰ্গে (২৯ ছেপ্তেম্বৰ, ১৯৩৫) স্নাতক পৰ্যায়তে কেইখনমান গৱেষণা-পত্ৰ উলিয়াইছিল। আৰু তেতিয়া এই বুলি বুবু-বাবা চলিছিল যে এইটো এজন মানুহৰ নাম নহয়; কেইবাজনো গণিতজ্ঞ লগ লাগি সৃষ্টি কৰি লোৱা এটা ছদ্মনামহে। কাৰণ তাত কেইবাধৰণৰ বিষয়-বস্তুৰ ধাৰণা সন্নিৱিষ্ট ঘটিছিল;...

(৫১) অসীম শ্ৰেণীৰ বিশ্লেষণ প্ৰাচীন গ্ৰীকসকলে জিনোৰ সাঁথৰসমূহ চিন্তা কৰাৰ দিনতে আৰম্ভ হৈছিল, বিশেষকৈ এৰিষ্টটলে ৰচনা কৰা ‘Physics’ ৰ Book V ত। সোতৰ শতিকাৰ নতুন গণিতে অসীম শ্ৰেণী বিশ্লেষণৰ এক নতুন যুগ সূচনা কৰিবলৈ নতুন সঁজুলিৰ এক অস্ত্ৰভাণ্ডাৰ প্ৰদান কৰিছিল। সোতৰ শতিকাৰ শেষৰফালে জেকব বাৰ্ণলিয়ে প্ৰমাণ কৰিলে...

(৩১) কোনো এটা সংখ্যাক এটা মৌলিক সংখ্যা pp ৰে হৰণ যোৱাৰ সম্ভাৱিতা ১p\dfrac{১}{p}. দুটা সংখ্যা পৰস্পৰ মৌলিক হোৱাৰ সম্ভাৱিতা ∏p মৌলিক(১−১p২)≈০.৬১{\displaystyle \prod_{p \text{ মৌলিক}}\bigg(১-\dfrac{১}{p^২}\bigg)}\approx ০. ৬১। পৰ্যাপ্ত পৰিমাণে ডাঙৰ এটা সংখ্যা xx এটা মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা প্ৰায় ১ln⁡x\dfrac{১}{\ln{x}}. এই শেষৰ সম্ভাৱিতাটোৰ ওচৰা-ওচৰি ৰূপ এটা অনুমান কৰিছিল চেঙেলীয়া গাউছে...