গণিতৰ আটাইতকৈ কম দৈৰ্ঘ্যৰ গৱেষণা-পত্ৰখন
“A beautiful mind” বুলি পৰিচিত গণিতজ্ঞ জন নাশ্বৰ পিএইছডি ডিগ্ৰীৰ থেচিছখন মাথোঁ ৩২ পৃষ্ঠাৰ৷ তাকো সূচী, পৰিচয় আদি মিলাইহে ৩২ পৃষ্ঠাৰ৷ সেইখন ‘Annals of Mathematics’ নামৰ গণিতৰ বিশ্বশ্ৰেষ্ঠ গৱেষণা-পত্ৰিকাখনত প্ৰকাশ পাইছিল৷ থেচিছখনত তথ্যসূত্ৰ আছে কেৱল দুটা, আৰু তাৰো এটা তেওঁৰ নিজৰে আগৰ গৱেষণা-পত্ৰ এখনহে৷ কামখিনি অতি গভীৰ আৰু সম্পূৰ্ণ নতুন বিষয়বস্তু-পূৰ্ণ হোৱাবলৈ তেওঁ নেৰানেপেৰাকৈ অন্বেষণ কৰিছিল৷ আৰু এদিন সেইখনৰ বাবেই তেওঁ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল৷ সম্পূৰ্ণ অভিনৱত্বৰ প্ৰতি জন নাশ্বৰ যি তীব্ৰ আসক্তি আৰু উন্মাদনা সদৃশ প্ৰচেষ্টা আছিল সেয়া ‘A beautiful mind’ নামৰ চিনেমাখনত দেখুওৱা হৈছে। অতি সংক্ষিপ্ত হৈও বিশাল প্ৰভাৱ পেলোৱা গৱেষণা-পত্ৰ কিছুমান আছে৷ জন নাশ্বে থেচিছখনত তথ্যসূত্ৰ দিয়া নিজৰ আন গৱেষণা-পত্ৰখনো মাথোঁ ডেৰ পৃষ্ঠাৰহে৷
ইমান প্ৰভাৱশালী নহ’লেও, অতি কম দৈৰ্ঘ্যৰ বিভিন্ন গৱেষণা-পত্ৰৰ কিছুমান বিচিত্ৰ কাহিনী আছে। এতিয়ালৈকে প্ৰকাশিত আটাইতকৈ কম দৈৰ্ঘ্যৰ গৱেষণা-পত্ৰখন সম্পূৰ্ণ খালি পৃষ্ঠাৰ৷ আনহাতে, গণিতৰ আটাইতকৈ কম দৈৰ্ঘ্যৰ গৱেষণা-পত্ৰখনত মাথোঁ দুটা বাক্য আছে৷
মহান গণিতজ্ঞ অইলাৰে ১৭৬৯ চনত এটা অনুমান আগবঢ়াইছিল যে, যদি ঘাতৰ কেইটামান অখণ্ড সংখ্যা যোগ কৰি এটা ঘাতৰ সংখ্যা পাবলৈ বিচৰা হয়, তেন্তে অতি কমেও টা তেনেকুৱা সংখ্যা যোগ কৰিব লাগিব৷
উদাহৰণস্বৰূপে, অনুমানটো মতে হোৱাটো সম্ভৱ৷ বা হোৱাটোও সম্ভৱ৷ কিন্তু হোৱাটো সম্ভৱ নহয়৷ বা হোৱাটোও সম্ভৱ নহয়৷
এই অনুমানটো আছিল ফাৰ্মাৰ অন্তিম প্ৰমেয়টোৰ সাধাৰণীকৰণ৷ ফাৰ্মাৰ অন্তিম প্ৰমেয় মতে ৰ সমাধান ৰূপে কোনো অখণ্ড সংখ্যা পোৱা নাযায়, যদিহে হয়৷ ইয়াত, হ’লেও বাওঁপিনে পদ আছে কেৱল দুটা, আৰু সমীকৰণটোৰ কোনো সমাধান নাই৷ গতিকে অইলাৰৰ অনুমানটোত ফাৰ্মাৰ অন্তিম প্ৰমেয়টোও সোমাই আছে৷ আৰু ইয়াৰ পৰাই এইটোও প্ৰমাণিত হয় যে ৰ বাবে অইলাৰৰ অনুমানটো শুদ্ধ৷
১৯৬৬ চনত দুজন গণিতজ্ঞই এখন গৱেষণা-পত্ৰ প্ৰকাশ কৰিলে, য’ত তেওঁলোকে এটা উদাহৰণ দিলে যে ৰ বাবে অনুমানটো শুদ্ধ নহয়৷ এতিয়ালৈকে সেইখনেই হ’ল গণিতৰ আটাইতকৈ কম দৈৰ্ঘ্যৰ গৱেষণা-পত্ৰ৷ সেইখন ‘Bulletin of the American Mathematical Society’ নামৰ পত্ৰিকাখন প্ৰকাশ হৈছিল৷ সেইখনো যথেষ্ট উচ্চ মানদণ্ডৰ পত্ৰিকা৷ তলত দিয়া ফটোখনেই সেই গৱেষণা-পত্ৰখন৷ CDC 6600 বুলি এটি চুপাৰ কম্পিউটাৰৰ সহায়ত তেওঁলোকে উদাহৰণটো পাবলৈ সক্ষম হৈছিল৷ সেই সময়ত সেইটোৱেই আছিল আটাইতকৈ অধিক কাৰ্যক্ষমতা সম্পন্ন কম্পিউটাৰ৷

ইয়াৰ পাছত ৰ বাবেও অনুমানটো শুদ্ধ নহয় বুলি উদাহৰণ পোৱা গৈছে৷ কিন্তু ৰ বাবে অনুমানটো শুদ্ধ নে ভুল এতিয়াও প্ৰমাণ হোৱা নাই বা তেনে উদাহৰণ পোৱা হোৱা নাই৷
২০০৪ চনৰ এটা কাহিনী। প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ কফি আদ্দাত গণিতজ্ঞ এজনে প্ৰশ্ন এটাৰ কথা উলিয়াইছিল৷ গণিতজ্ঞজন দুবছৰৰ বাবে তালৈ গৈছিল৷ জন কনৱে নামৰ প্ৰিন্সটনৰ অধ্যাপক এগৰাকীক প্ৰশ্নটোৱে আকৰ্ষিত কৰিলে৷ জন কনৱে আছিল সেই সময়ৰ মহান গণিতজ্ঞসকলৰ মাজৰ এজন৷ ক্ষন্তেক পাছতে তেওঁ উৰাজাহাজেৰে কনফাৰেঞ্চ এখনলৈ যাত্ৰা কৰিছিল আৰু উৰাজাহাজতে তেওঁ প্ৰশ্নটোৰ এটা উত্তৰ পাইছিল৷ তেওঁ উত্তৰটো উলিয়াইছিল কেৱল এটা চিত্ৰৰ জৰিয়তে৷ তেওঁ কনফাৰেঞ্চৰ পৰা উভটি আহি আনজন গণিতজ্ঞক চিত্ৰটো দেখুৱালে৷ আনজন গণিতজ্ঞও এখন কনফাৰেঞ্চলৈ যাবলৈ আছিল৷ উৰাজাহাজেৰে গৈ থাকোঁতে তেঁৱো একেটা উত্তৰেই নিজাকৈ পালে, কিন্তু সম্পূৰ্ণ পৃথক এটা চিত্ৰৰ জৰিয়তে পালে৷ দুয়োৱে আলোচনা কৰি সেই উত্তৰটো আৰু দুয়োটা চিত্ৰ একেলগে এখন গৱেষণা-পত্ৰ ৰূপে প্ৰকাশ কৰিবলৈ ঠিক কৰিলে৷ জন কনৱে-এ ক’লে যে ইয়াৰ জৰিয়তে আটাইতকৈ কম শব্দৰ এখন গৱেষণা-পত্ৰ হিচাপে এটা ৰেকৰ্ড গঢ়া যাওক৷ তেওঁ আনজনক মত দিলে যে, গৱেষণা-পত্ৰখন ‘The American Mathematical Monthly’ নামৰ গৱেষণা-আলোচনীখনলৈ পঠিয়াই দিয়ক৷ সেইখনো গণিতৰ এখন উচ্চ মানৰ বিখ্যাত পত্ৰিকা৷ তেওঁলোকে শব্দ লিখিলে কেৱল দুটা, আৰু তাৰো এটা গাণিতিক ৰাশিহে৷ তেওঁলোকে কেৱল লিখিলেঃ can. সেইখন দেখি পত্ৰিকাখনৰ সম্পাদনা বিভাগ বিমোৰত পৰিল৷ তেওঁলোকে পৰামৰ্শৰ সৈতে উত্তৰ দিলে যে অন্ততঃ দুটামান বাক্য লিখক৷ উত্তৰটোৰ কথা আনজন গণিতজ্ঞই কনৱেক কোৱাত কনৱে-এ সকীয়াই দিলে যে ইমান সহজে মানি নল’বা৷ তেতিয়া আনজন গণিতজ্ঞই তেওঁলোকৰ কামটোৰ গুৰুত্ব আদি ব্যাখ্যা কৰি পত্ৰিকাখনলৈ উত্তৰ দিলে৷ অৱশেষত তেওঁলোক মান্তি হ’ল, আৰু ২০০৫ চনৰ জানুৱাৰী সংখ্যাত গৱেষণা-পত্ৰখন প্ৰকাশ হ’ল৷ তলৰ ফটোখনেই সেই গৱেষণা-পত্ৰখন৷ শব্দৰ সংখ্যাৰ দিশৰ পৰা চাবলৈ গ’লে এইখনো গণিতৰ আটাইতকৈ কম দৈৰ্ঘ্যৰ গৱেষণা-পত্ৰ৷

কিছুমান গাণিতিক প্ৰশ্ন কেৱল চিত্ৰৰ সহায়ত উত্তৰ দিব পাৰি, বা কিছুমান প্ৰমেয়ও কেৱল চিত্ৰৰ সহায়ত প্ৰমাণ কৰিব পাৰি৷ যেনে, পাইথাগোৰাছৰ সূত্ৰটো কেৱল চিত্ৰৰেই প্ৰমাণ কৰিব পাৰি৷ ১ ৰ পৰা লৈ স্বাভাৱিক সংখ্যাবোৰৰ যোগফলৰ ফৰ্মূলাটোও কেৱল চিত্ৰৰ সহায়ত প্ৰমাণ কৰিব পাৰি৷ কিছুমান অসীম শ্ৰেণীৰ যোগফলো কেৱল চিত্ৰৰ সহায়ত উলিয়াব পাৰি৷ এই গৱেষণা-পত্ৰখনৰ চিত্ৰ দুটাও তেনেকুৱাই দুটা উদাহৰণ৷ এইটো ধৰণৰ গৱেষণা-পত্ৰ এতিয়াও নিয়মীয়াকৈ প্ৰকাশ হৈ থাকে। তেনে গৱেষণা-পত্ৰসমূহ লৈ ‘Poofs Without Words’ নামৰ তিনিটা খণ্ডৰ এলানি কিতাপো ইতিমধ্যে প্ৰকাশ হৈছে।
কোনোবা সময়ত আকস্মিক হ’লেও, বহু দীঘল গৱেষণা-পত্ৰ একোখনৰ দৰেই একেবাৰে কম দৈৰ্ঘ্যৰ গৱেষণা-পত্ৰ একোখন লিখাটোও অতি কষ্টসাধ্য কাম। ওপৰত উল্লেখ কৰা গৱেষণা-পত্ৰসমূহৰ উপৰি ২-৩ পৃষ্ঠাৰ গৱেষণা-পত্ৰসমূহলৈ মোৰ সেয়ে এক সুকীয়া আকৰ্ষণ আছে। মোৰ প্ৰথম গৱেষণা-পত্ৰখন মাথোঁ পাঁচ পৃষ্ঠাৰ আৰু তাৰ মূল প্ৰমেয়টো সম্পূৰ্ণ হৈছে দুটা পৃষ্ঠাত। কিন্তু, ‘Poofs Without Words’ আৰ্হিৰ বা মাথোঁ ১-২ পৃষ্ঠাৰ এখন গৱেষণা-পত্ৰ লিখাৰ চিন্তা মই যোৱা কেইবাবছৰৰ পৰা মাজে মাজে কৰি থাকোঁ যদিও তেনে একো দিশ এতিয়াও দেখা পোৱা নাই।
No Comments